ETV Bharat / bharat

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীসহ ৪১ গৰাকী লোকলৈ উচ্চ ন্যায়ালয়ৰ জাননী

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 6:48 PM IST

অন্ধ্ৰপ্ৰদেশৰ বিত্তীয় অনিয়মৰ অভিযোগত আদালতত আবেদন ৱাইচিপিৰ সাংসদ ৰঘুৰামকৃষ্ণ ৰাজুৰ । আবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীকে ধৰি ৰাজ্যখনৰ কেবিনেট মন্ত্ৰী আৰু বিষয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী জাৰি ।

AP financial irregularities
অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীসহ ৪১ গৰাকী লোকলৈ উচ্চ ন্যায়ালয়ৰ জাননী

নেশ্যনেল ডেস্ক,২৩ নৱেম্বৰ : অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী, ৰাজ্যখনৰ মন্ত্ৰী আৰু বিষয়াসহ ৪১ গৰাকী লোকৰ বিৰুদ্ধে জাননী জাৰি কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ । ৱাইচিপিৰ সাংসদ ৰঘুৰামকৃষ্ণ ৰাজুৱে অন্ধ্ৰপ্ৰদেশত বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন কৰি দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি জাননী জাৰিৰ নিৰ্দেশ দিয়ে । সাংসদ ৰঘুৰামে অন্ধ্ৰ প্ৰদেশত বিত্তীয় অনিয়মৰ চিবিআই তদন্তৰ দাবীত আবেদন দাখিল কৰিছিল ।

চৰকাৰৰ হৈ যুক্তি দিয়া এজি শ্ৰীৰামে আদালতক কয় যে সাংসদ ৰঘুৰামে ৰাজহুৱা স্বাৰ্থ অবিহনে ব্যক্তিগত উদ্দেশ্যৰে এই আবেদন দাখিল কৰিছে । এই আবেদনখন তদন্তৰ যোগ্য নহয় বুলিও দাবী কৰিছে অধিবক্তাগৰাকীয়ে । লগতে তেওঁ গোচৰটো খাৰিজ কৰাৰ দাবী জনায় । কিন্তু আবেদন দাখিল কৰাৰ পাছতো ৰঘুৰামকৃষ্ণ ৰাজুৱে চৰকাৰী দুৰ্নীতিৰ দাবী কৰিছিল ।

আবেদনকাৰীৰ জ্যেষ্ঠ অধিবক্তা মুৰলীধৰে আদালতৰ দৃষ্টিগোচৰ কৰে যে চৰকাৰে আবেদন দাখিল কৰাৰ পাছত কিছুমান প্ৰমাণ ধ্বংস কৰিছে । তেওঁ কয় যে মুখ্যমন্ত্ৰী জগন মোহনে বালি, সুৰা, কিছু সঁজুলি আৰু স্বাস্থ্য বিভাগৰ বাবে চিমেণ্ট ক্ৰয় কৰাত তেওঁৰ আত্মীয় আৰু অনুগামীসকলক লাভান্বিত কৰিছে । অধিবক্তাগৰাকীয়ে এই সন্দৰ্ভত চিবিআই তদন্তৰ দাবী জনায় ।

দুয়োপক্ষৰ যুক্তি শুনাৰ পাছত আদালতে কয় যে আবেদনখনৰ যোগ্যতা নিৰ্ণয় কৰাৰ পূৰ্বে জাননী জাৰি কৰা হ'ব । মুখ্যমন্ত্ৰী জগন মোহনৰ লগতে সজ্জলা ৰামকৃষ্ণ ৰেড্ডী, সাংসদ বিজয়সাই ৰেড্ডী, মন্ত্ৰী পেড্ডিৰেড্ডী ৰামচন্দ্ৰ ৰেড্ডী আৰু কেইবাগৰাকী বিষয়ালৈ জাননী জাৰি কৰা হৈছে । ইফালে গোচৰটোৰ পৰৱৰ্তী শুনানি ১৪ ডিচেম্বৰলৈ স্থগিত ৰখা হৈছে ।

লগতে পঢ়ক :বিশেষ ৰাজ্যৰ মৰ্যাদা বিচাৰি বিহাৰে কেন্দ্ৰক জনাব আবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.