ETV Bharat / bharat

Chandrababu Naidu Bail Plea : চন্দ্ৰবাবু নাইডুৰ জামিন আবেদন নাকচ অন্ধ্ৰ উচ্চ ন্যায়ালয়ৰ

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 3:02 PM IST

যোৱা বছৰৰ ৯ মে'ত চিআইডিয়ে ৱাইএছআৰচিপিৰ বিধায়ক আল্লা ৰামকৃষ্ণ ৰেড্ডীৰ দ্বাৰা দাখিল কৰা অভিযোগৰ ভিত্তিত প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু আৰু অন্যান্যসকলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল । গোচৰটোত কোৱা হৈছিল যে অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী চহৰৰ বাবে বিশাল পৰিকল্পনা, ভিতৰুৱা ৰিং ৰোড আৰু ইয়াক সংযোগ কৰা পথসমূহৰ সংৰেখনত টিডিপিৰ শাসনকালত অনিয়ম সংঘটিত হৈছিল ।

Chandrababu Naidu Bail Plea
Chandrababu Naidu Bail Plea

নিউজ ডেস্ক, ৯ অক্টোবৰ : অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ দ্বাৰা বিভিন্ন গোচৰত দাখিল কৰা তিনিখন জামিন আবেদন খাৰিজ কৰিছে । সোমবাৰে উচ্চ ন্যায়ালয়ে ফাইবাৰনেট, অমৰাৱতী ইনাৰ ৰিং ৰোড আৰু আনগালু আক্ৰমণৰ গোচৰত তেওঁ দাখিল কৰা আগতীয়া জামিন আবেদনৰ ওপৰত ৰায় প্ৰদান কৰে । উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এই তিনিটা গোচৰৰ শুনানি সম্পূৰ্ণ কৰিছে আৰু ৰায় সংৰক্ষিত ৰাখিছে ।

উল্লেখ্য যে বিগত বছৰৰ ৯ মে'ত চিআইডিয়ে ৱাইএছআৰচিপিৰ বিধায়ক আল্লা ৰামকৃষ্ণ ৰেড্ডীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত কেইবাজনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । গোচৰটোত কোৱা হৈছিল যে অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী চহৰৰ বাবে বিশাল পৰিকল্পনা, ভিতৰুৱা ৰিং ৰোড আৰু ইয়াক সংযোগ কৰা পথসমূহৰ সংৰেখনত টিডিপিৰ শাসনকালত অনিয়ম সংঘটিত হৈছিল । চিআইডিয়ে চন্দ্ৰবাবুক প্ৰথম অভিযুক্ত হিচাপে উল্লেখ কৰিছিল ।

চন্দ্ৰবাবুৱে এই গোচৰটোত আগতীয়া জামিন বিচাৰি এখন আবেদন দাখিল কৰিছিল । চন্দ্ৰবাবুৰ হৈ আদালতত যুক্তি দৰ্শায় উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সিদ্ধাৰ্থ লুথৰাই । আনহাতে, এটৰ্ণী জেনেৰেল শ্ৰীৰামে চিআইডিৰ হৈ বিতৰ্কত অংশগ্ৰহণ কৰে । দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত আদালতে সোমবাৰে চন্দ্ৰবাবুৰ অন্তৰ্ৱৰ্তীকালীন জামিন আবেদন খাৰিজ কৰে ।

উল্লেখ্য যে চিআইডিয়ে পূৰ্বৰ চৰকাৰৰ সময়ত ফাইবাৰনেটত অনিয়মৰ বাবে চন্দ্ৰবাবুৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে । তেওঁ উচ্চ ন্যায়ালয়ত আগতীয়া জামিনৰ আবেদন দাখিল কৰিছিল । এই ক্ষেত্ৰত জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ লুথৰা আৰু সিদ্ধাৰ্থ আগৰৱালে চন্দ্ৰবাবুৰ হৈ বিতৰ্কত অংশগ্ৰহণ কৰে । এটৰ্ণী জেনেৰেল শ্ৰীৰামে ৰাজ্য চৰকাৰৰ হৈ বিতৰ্কত অংশগ্ৰহণ কৰে ।

টিডিপি প্ৰধানগৰাকীৰ অধিবক্তাই যুক্তি দিয়ে যে চৰকাৰৰ নীতিগত সিদ্ধান্তৰ বাবে চন্দ্ৰবাবুক দোষী সাব্যস্ত কৰাটো উচিত নহয় । আদালতক বুজাই দিয়া হয় যে গোচৰটো কেৱল ৰাজনৈতিক লাভালাভৰ বাবে পঞ্জীয়ন কৰা হৈছিল । লগতে আদালতৰ দৃষ্টিগোচৰ কৰোৱা হয় যে দুবছৰ পূৰ্বে চন্দ্ৰবাবুক গোচৰটোৰ জাননী দিয়া হোৱা নাছিল আৰু হঠাতে তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল । আনহাতে, এজি শ্ৰীৰামে যুক্তি দিয়ে যে চন্দ্ৰবাবুৰ জড়িত থকাটো পুংখানুপুংখ অনুসন্ধানৰ পিছত চিনাক্ত কৰা হৈছিল ।

আনহাতে, উচ্চ ন্যায়ালয়ে আনগালু আক্ৰমণৰ ঘটনাত আৰক্ষীয়ে ৰুজু কৰা গোচৰটোতো চন্দ্ৰবাবু নাইডুৱে দাখিল কৰা আগতীয়া জামিন আবেদন নাকচ কৰে । চন্দ্ৰবাবুৱে ৪ আগষ্টত 'জলসিঞ্চন প্ৰকল্প ধ্বংসৰ বিৰুদ্ধে যুদ্ধ'ৰ নামত অন্নমাইয়া জিলা ভ্ৰমণ কৰিছিল । তেওঁ আনগালু গাঁৱৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত উত্তেজনাৰ সৃষ্টি হৈছিল । কিয়নো ৱাইএছআৰচিপিৰ সদস্যসকল উচটনিমূলক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল আৰু টিডিপি কৰ্মীসকলে তেওঁলোকক অৱৰোধ কৰিছিল । এই ঘটনাত কুৰাবালাকোটা মণ্ডলৰ মুদিভেডু আৰক্ষীয়ে টিডিপি প্ৰধানকে ধৰি দলটোৰ ১৭৯ জন নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।

লগতে পঢ়ক :Jairam Ramesh on caste census : পুনৰ জাতিগত লোকপিয়লৰ দাবী কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.