ETV Bharat / bharat

AP Ex CM arrested : কেইবাটাও ধাৰাৰ অধীনত গ্ৰেপ্তাৰ অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু

CID য়ে গ্ৰেপ্তাৰ কৰে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক ৷ নন্দিয়ালাত গ্ৰেপ্তাৰ কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী নেতাগৰাকীক ৷ কেইবাটাও ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে চন্দ্ৰবাবু নাইডুক

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 7:30 AM IST

Updated : Sep 9, 2023, 10:13 AM IST

AP Ex CM arrested
অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, 9 ছেপ্টেম্বৰ: অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ ৷ CID য়ে ৰাজ্যখনৰ নন্দিয়ালাত গ্ৰেপ্তাৰ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৷ দক্ষতা বিকাশ সম্বন্ধীয় গোচৰত গ্ৰেপ্তাৰ কৰা হয় নাইডুক ৷

আৰক্ষীয়ে জিম্মাত লোৱাৰ পিচতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে, " কিয় মানৱ অধিকাৰ খৰ্ব কৰা হৈছে ? মোৰ ভুল হ’লে ৰাস্তাতে মৰি যাম । মোৰ বিৰুদ্ধে কি কি ধাৰা লগোৱা হৈছে ? কোনো প্ৰমাণ অবিহনে মোক কেনেকৈ গ্ৰেপ্তাৰ কৰিব পাৰে ?"

অৱশ্যে আৰক্ষীয়ে উচ্চ ন্যায়ালয়ক প্ৰাথমিক সাক্ষ্য জমা দিয়া বুলি জানিবলৈ দিয়ে । আনহাতে চন্দ্ৰবাবুৰ হৈ অধিবক্তাই আৰক্ষীৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয় । তেওঁলোকে প্ৰমাণ দেখুৱাবলৈ কয় । আৰক্ষীয়ে সকলো তথ্য-পাতি মজুত আছে বুলি কয় । অৱশ্যে অধিবক্তাসকলে প্ৰাথমিক প্ৰমাণ দেখুৱাব লাগে বুলি হেঁচা প্ৰয়োগ কৰিছিল । চন্দ্ৰবাবুৱে আৰক্ষীক প্ৰশ্ন কৰে যে অহা তত্বাৱধায়ক আৰক্ষী বিষয়াজন অহাৰ কৰ্তৃত্ব ক’ত ? চন্দ্ৰবাবুৱে কয় , "আমি বিচলিত হোৱা নাই, আমি আমাৰ অধিকাৰ বিচাৰিছো । অধিবক্তাই কয় যে চন্দ্ৰবাবুক গ্ৰেপ্তাৰ কৰাটো অবৈধ ।"

AP Ex CM arrested
সমৰ্থকৰ ভিৰ

অধিবক্তাই আৰক্ষীৰ সৈতে হোৱা আলোচনাত এজাহাৰত চন্দ্ৰবাবুৰ নাম সন্দৰ্ভত অধিবক্তাই প্ৰশ্ন উত্থাপন কৰে । এই উপলক্ষে তেলেগু দেশম পাৰ্টিৰ মুৰব্বীগৰাকীয়ে আৰক্ষীক প্ৰশ্ন কৰে যে এজাহাৰত নাম উল্লেখ নোহোৱাকৈ গ্ৰেপ্তাৰ কেনেকৈ সম্ভৱ । গ্ৰেপ্তাৰ কৰাৰ আগতে সেই নথি-পত্ৰ জমা দিব লাগে বুলি কয় ।

অৱশ্যে গ্ৰেপ্তাৰৰ পিছত উপযুক্ত নথি-পত্ৰ প্ৰদান কৰিব বুলি দাবী কৰিছে আৰক্ষীয়ে । অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক দক্ষতা বিকাশৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ৷ CID ৰ 29/2021 নম্বৰৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে ৷ 120(B), 166, 167, 418, 420, 465 ধাৰাত আৰক্ষী গ্ৰেপ্তাৰ কৰে নাইডুক ৷

AP Ex CM arrested
সমৰ্থকৰ ভিৰ

468, 471, 409, 201, 109 ৰেডৰ লগতে 34, 37 ৰ অধীনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নাইডুক ৷

চিআইডি আইনৰ 12, 13(2)ৰ লগতে 13(1)(C)(D) ৰেডৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে তেলেগু দেশম পাৰ্টিৰ শীৰ্ষগৰাকীক ৷

লগতে পঢ়ক: 6 state Bypolls: 6 ৰাজ্যৰ উপ-নিৰ্বাচনত 4 আসনত বিৰোধীৰ বৃহৎ জয়, 3 আসন গ’ল বিজেপিৰ হাতলৈ

Last Updated : Sep 9, 2023, 10:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.