ETV Bharat / bharat

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ অনুৰাগ ঠাকুৰৰ

অলিম্পিকৰ (Olympic 2021) উত্তেজনা বৃদ্ধিৰ সময়তে ভাৰতৰ নতুন ক্ৰীড়া মন্ত্ৰী হিচাপে শপত দায়িত্ব ল'লে অনুৰাগ ঠাকুৰে । ঠাকুৰ ২০১৬ চনৰ মে' মাহৰ পৰা ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহলৈ বিচিচিআই (BCCI)ৰ সভাপতি আছিল ।

author img

By

Published : Jul 9, 2021, 7:51 AM IST

Updated : Jul 9, 2021, 9:30 AM IST

sports minister
অনুৰাগ ঠাকুৰক ভাৰতৰ ক্ৰীড়া মন্ত্ৰীৰ দায়িত্ব

নেশ্যনেল ডেস্ক, 9 জুলাই : ভাৰতৰ নতুন ক্ৰীড়া মন্ত্ৰীৰ দায়িত্ব দিয়া হয় হিমাচল প্ৰদেশৰ সাংসদ (MP of Himachal Pradesh) অনুৰাগ ঠাকুৰক । কিৰেন ৰিজিজুৰ (Kiren Rijiju) পিছত বৃহস্পতিবাৰে দেশৰ ১৭ তম ক্ৰীড়া মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে অনুৰাগ ঠাকুৰে (Anurag Thakur) । ক্ৰিকেট ব'ৰ্ডৰ প্ৰাক্তন সভাপতি গৰাকীয়ে বুধবাৰে কেবিনেট মন্ত্ৰী (cabinet minister) হিচাপে শপত গ্ৰহণ কৰাৰ পিছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সৈতে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ (sports and youth affairs) দায়িত্ব দিয়া হয় ৪৬ বছৰীয়া নেতাগৰাকীক ।

অহা ২৩ জুলাইৰ পৰা টকিঅ'ত অনুষ্ঠিত হ'বলগীয়া অলিম্পিক গেমছৰ (Olympic Games) বাবে ভাৰতীয় খেলুৱৈ সকলৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ এই বিশেষ মুহূৰ্তত অনুৰাগ ঠাকুৰে (Anurag Thakur) ক্ৰীড়া মন্ত্ৰী হিচাপে দায়িত্ব লৈ কাৰ্যালয়ত উপস্থিত হয় । ক্ৰীড়া বিভাগৰ (Sports Department) দায়িত্ব গ্ৰহণ কৰাৰ পিছতে তেওঁ সাংবাদিকৰ সন্মুখত কয় যে ইতিমধ্যে কিৰেন ৰিজিজুৱে যিবোৰ প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল সেইবোৰৰ কামো চলি থাকিব আৰু তেওঁ সকলোকে লগত লৈ ভাৰতীয় ক্ৰীড়াৰ উন্নতিৰ হকে কাম কৰিব বিচাৰে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । ইফালে মণি শংকৰ আয়াৰৰ (Mani Shankar Iyer) পিছত ঠাকুৰ হৈছে ক্ৰীড়া মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰা প্ৰথম কেবিনেট মন্ত্ৰী । নিসিথ প্ৰমানিকক (Nisith Pramanik) ক্ৰীড়া ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে আৰু তেওঁ ঠাকুৰৰ অধীনত কাম কৰিব ।

উল্লেখ্য যে, ঠাকুৰ ২০১৬ চনৰ মে' মাহৰ পৰা ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহলৈ বিচিচিআই (BCCI)ৰ সভাপতি আছিল । তাৰ পূৰ্বে তেওঁ ব'ৰ্ডৰ সম্পাদক আছিল আৰু হিমাচল প্ৰদেশ ক্ৰিকেট এছ'চিয়েচন (HPCA)ৰ নেতৃত্বও বহন কৰিছিল । হিমাচল প্ৰদেশৰ হামিৰপুৰ সমষ্টিৰ সাংসদ ঠাকুৰে বুধবাৰৰ কেবিনেট ৰদবদলৰ পূৰ্বে নিৰ্মলা সীতাৰমণৰ অধীনত বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁৰ ভাতৃ অৰুণ ধুমল বৰ্তমান বিচিচিআইৰ (BCCI) কোষাধ্যক্ষ।

লগতে পঢ়ক :মোডী কেবিনেটত কোন মন্ত্ৰীৰ কি দপ্তৰ লাভ...

Last Updated : Jul 9, 2021, 9:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.