ETV Bharat / bharat

Chandrayaan-3 : চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত বিৰোধীয়ে অপপ্ৰচাৰ আৰম্ভ কৰাৰ অভিযোগ অনুৰাগ ঠাকুৰৰ

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 9:18 AM IST

চন্দ্ৰযান-৩ অভিযানৰ পিছত বিৰোধীয়ে অপপ্ৰচাৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ ৷ চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত ছ’চিয়েল মিডিয়াত বিজেপি আৰু বিৰোধীৰ মাজত কৃতিত্বৰ যুদ্ধ আৰম্ভ হৈছে ৷

Anurag Thakur accuses Opposition
ছ’চিয়েল মিডিয়াত বিজেপি আৰু বিৰোধীৰ কৃতিত্বৰ যুঁজ

নিউজ ডেস্ক, 25 আগষ্ট : কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে বৃহস্পতিবাৰে চন্দ্ৰযান-৩ অভিযানৰ পিছত বিৰোধীয়ে অপপ্ৰচাৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰি কয় যে চন্দ্ৰ অভিযানৰ সফলতাই ভাৰতক মহাকাশ অন্বেষণৰ ক্ষেত্ৰত নতুন উচ্চতালৈ আগুৱাই নিব ৷ সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা কথা-বতৰাত অনুৰাগ ঠাকুৰে কয় যে, "যেতিয়া ক'ভিড ভেকচিন প্ৰস্তুত কৰা হৈছিল, তেতিয়াও বিৰোধীয়ে বিপথে পৰিচালিত কৰি ভয় বিয়পাবলৈ চেষ্টা কৰিছিল ৷ যেতিয়া তেওঁলোকে আন একো ভাবিব নোৱাৰে, তেতিয়া চন্দ্ৰযান-৩ মিছনৰ অপপ্ৰচাৰ কৰি আছে ।"

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, "আমি ইয়াতে ৰৈ নাযাওঁ, শুক্ৰ আৰু সূৰ্য অভিযানৰ পৰিকল্পনা আছে ৷ চন্দ্ৰলৈ মানুহ পঠোৱাৰ পৰিকল্পনা আছে ৷ যিয়ে ভাৰতক নতুন উচ্চতালৈ লৈ যাব ৷" চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত ছ’চিয়েল মিডিয়াত বিজেপি আৰু বিৰোধীৰ মাজত কৃতিত্বৰ যুদ্ধ আৰম্ভ হৈছে ৷ মহাকাশ খণ্ডত ভাৰতৰ নতুন সাফল্যৰ বাবে কংগ্ৰেছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দূৰদৰ্শীতাক কৃতিত্ব দিয়ে ৷

"চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ কৰাৰ বাবে ইছৰোকে ধৰি সকলো দেশবাসীলৈ অভিনন্দন ৷ ভৱিষ্যতে মহাকাশ গৱেষণাৰ প্ৰয়োজনীয়তা দেখি পণ্ডিত নেহৰুৱে ইছৰ'ৰ ভেটি স্থাপন কৰিছিল ৷ সমগ্ৰ বিশ্বতে মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতে নতুন অভিলেখ গঢ়িছে, এইয়া তেওঁৰ দূৰদৰ্শিতাৰ ফল।"

অৱশ্যে বিজেপিৰ বহু নেতাই চন্দ্ৰযান-৩ ৰ সফলতাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ কথা উল্লেখ কৰে ৷ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কয় "মই এই অভিযানৰ সৈতে জড়িত সকলো বিজ্ঞানীক আৰু দেশৰ জনসাধাৰণক অভিনন্দন জনাইছো ৷ পি এম মোদীৰ নেতৃত্বত ভাৰতে মহাকাশ খণ্ডত নিজৰ বাবে এক অনন্য পৰিচয় সৃষ্টি কৰিছে ৷ ইয়াৰ দ্বাৰা আত্মনিৰ্ভৰ ভাৰতৰ মন্ত্ৰ সত্য বুলি প্ৰমাণিত হৈছে ৷" এই সফল অৱতৰণেৰে ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথম দেশ হিচাবে পৰিগণিত হৈছে ৷ এয়া দেশৰ বাবে এক অসাধাৰণ কৃতিত্ব।"

লগতে পঢ়ক : Chandrayaan-3 mission: চন্দ্ৰযান-৩ অভিযানত জড়িত ইছৰোৰ দলক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.