ETV Bharat / bharat

এণ্টিলিয়া বোমাতংক: ৱেজৰ ঘনিষ্ঠই নষ্ট কৰিছিল প্ৰমাণ

author img

By

Published : Mar 30, 2021, 2:08 PM IST

উদ্যোগপতি মুকেশ আম্বানীৰ বাসগৃহ 'এণ্টিলিয়া'ৰ বোমাতংকৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই তদন্ত কৰি থকাৰ সময়ত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য । নিলম্বিত আৰক্ষী বিষয়া শচীন ৱেজৰ ঘনিষ্ঠ আৰক্ষী বিষয়া ৰিয়াজুদ্দিন কাজিয়ে এণ্টিলিয়া বোমাতংকৰ ঘটনাৰ প্ৰমাণ নষ্ট কৰাত সহায় কৰিছিল । ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ হাতত পৰা এটা ভিডিঅ'ত দেখা গৈছে যে, মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ উপ-পৰিদৰ্শক ৰিয়াজুদ্দিন কাজিয়ে এণ্টিলিয়াৰ সমীপত ৰখাই থোৱা স্কৰপিঅ' সংক্ৰান্তীয় প্ৰমাণ ধ্বংস কৰিবলৈ বিখৰ'লিৰ এটা গেৰেজলৈ গৈছে ।

এণ্টিলিয়া বোমাতংকঃ ৱেজৰ ঘনিষ্ঠই নষ্ট কৰিছিল প্ৰমাণ

নেশ্যনেল ডেস্ক,৩০ মাৰ্চ: ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই উদ্যোগপতি মুকেশ আম্বানীৰ বাসগৃহৰ সমীপত বিস্ফোৰক থকা বাহন ৰখাই থোৱা ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । এই তদন্তৰ সময়তে শেহতীয়াকৈ এটা ভিডিঅ' ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ হাতত পৰিছে । এই ভিডিঅ'টোৰ জৰিয়তে স্পষ্ট হৈ পৰিছে যে, বোমাতংকৰ ঘটনাৰ প্ৰমাণ ধ্বংস কৰাত নিলম্বিত আৰক্ষী বিষয়া শচীন ৱেজৰ ঘনিষ্ঠ তথা মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ উপ-পৰিদৰ্শক ৰিয়াজুদ্দিন কাজিয়ে সহায় কৰিছিল ।

ভিডিঅ'টোত দেখা গৈছে যে, কাজিয়ে বিখৰ'লিৰ কন্নাসৱৰ নগৰত থকা এটা গেৰেজত উপস্থিত হৈ গোৰেজৰ চিচিটিভিৰ ডি ভি আৰ লৈ গৈছে আৰু লগতে গেৰেজৰ স্বত্বাধিকাৰীকো সোধ-পোছৰ বাবে লৈ যায় । শচীন ৱেজে এই গেৰেজটোতে আম্বানীৰ বাসগৃহৰ সমীপত ৰখাই থোৱা বাহনখনৰ নম্বৰপ্লেট সলনি কৰিছিল । ইতিমধ্যে, মিথী নদীৰ পৰা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই ঔৰংগাবাদৰ বাহনৰ এখন নম্বৰপ্লেট উদ্ধাৰ কৰিছে । এই নম্বৰপ্লেটখন বিজয় নাডে নামৰ এজন লোকৰ ইক' বাহনৰ ।

বিগত বৰ্ষৰ ১৬ নৱেম্বৰত উদ্ভৱৰাও পেটেল চকৰ পৰা এই বাহনখন চুৰি হৈছিল । ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই এই ঘটনাৰ তদন্ত কৰি থকাৰ উপৰিও যোৱা ১৭ ফেব্ৰুৱাৰীত শচীন ৱেজ আৰু মনছুখ হিৰেণৰ মাজত হোৱা বৈঠকৰ চিচি টিভি ফুটেজো লাভ কৰিছে । এই ফুটেজত দেখা পোৱা মতে, এখন মাৰ্চিদীজ বাহন মুম্বাইৰ ৱলচান্দ হিৰাচন্দ পথত থকা হোটেল শিৱালয়ত ৰখাই থোৱা হৈছে । ১৭ ফেব্ৰুৱাৰীত নিশা ৮.৩৫ বজাত এই মাৰ্চিদীজ বাহনখন ৱলচান্দ হিৰাচন্দ পথেৰে আহি থকা অৱস্থাত মনছুখে বাহনখনত উঠে ।

শচীন ৱেজো সেই বাহনখনতে আছিল । ৱেজৰ সৈতে প্ৰায় ৯ মিনিট কথা পতাৰ পিছত হিৰেণে বাহনখনৰ পৰা নামে আৰু পথটো পাৰ হৈ গুছি যায় । ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই দাবী কৰা মতে, হিৰেণে বাহনখনৰ ভিতৰত থকা সময়তে নিজৰ স্কৰ্পিঅ' বাহনখনৰ ছাবি শচীন ৱেজক দিছিল । লগতে পিছদিনা স্কৰ্পিঅ' বাহনখন চুৰি হোৱাৰ অভিযোগ পঞ্জীয়ন কৰিবলৈ কৈছিল ৱেজে ।

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই লগতে অভিযোগ তোলে যে, বিখৰ'লিৰ আৰক্ষী বিষয়াসকলক গাড়ী চুৰিৰ গোচৰ পঞ্জীয়ন কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল । ইফালে, বিজেপি বিধায়ক প্ৰসাদ লাদে এই ঘটনা সন্দৰ্ভত শিৱসেনাক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য কৰিছে । তেওঁ কয় যে, ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই মিথী নদীৰ পৰা কেইবাটাও চিপিইউ, ডিভিআৰ আৰু লেপটপ উদ্ধাৰ কৰিছে । লগতে তেওঁ কয় যে, ব্ৰিহানমুম্বাই পৌৰ নিগমে মিথি নদীৰ আৱৰ্জনা পৰিষ্কাৰ কিয় নকৰে সেই কথাই সকলোৱে আচৰিত কৰিছিল । কিন্তু এতিয়া জন সাধাৰণে সেই প্ৰশ্নৰ উত্তৰ পাইছে ।

লগতে পঢ়ক: দিল্লীত বিজেপি নেতাৰ ৰহস্য়জনক মৃত্য়ু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.