ETV Bharat / bharat

Ansari Recommended to Invite Pak Journo:পাক সাংবাদিক নুছৰত মিৰ্জাক আমন্ত্ৰণৰ আহ্বান SCৰ অধিবক্তাক - Supreme Court lawyer Adish Agarwal

পাকিস্তানী সাংবাদিক নুছৰত মিৰ্জাক এক অনুস্থানলৈ আমন্ত্ৰণ জনোৱাৰ দাবী অস্বীকাৰ কৰিছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি হামিদ আনছাৰী(Former Vice President Hamid Ansari)য়ে । সেয়ে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অদিশ আগৰৱালা(Supreme Court lawyer Adish Agarwal)ক পাক সাংবাদিকগৰাকীক আমন্ত্ৰণ জনোৱাৰ পৰামৰ্শ প্ৰদান কৰে আনচাৰীয়ে ।

ansari recommended to invite pak journo nusrat mirza sc lawyer adish aggarwala
Ansari Recommended to Invite Pak Journo Nusrat Mirza:পাক সাংবাদিক নুছৰত মিৰ্জাক আমন্ত্ৰণ জনোৱাৰ আহ্বান SC ৰ অধিবক্তাক
author img

By

Published : Jul 15, 2022, 1:53 PM IST

নেশ্যনেল ডেস্ক,১৫ জুলাই: উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অদিশ আগৰৱালা(Supreme Court lawyer Adish Agarwal)ই প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি হামিদ আনছাৰী(Former Vice President Hamid Ansari)ৰ কাৰ্যকালত পাক চোৰাংচোৱা সংস্থা ISI ৰ সৈতে সম্পৰ্ক থকা এজন পাকিস্তানী সাংবাদিকক ভাৰতলৈ আমন্ত্ৰণ জনোৱাৰ অভিযোগ উত্থাপন কৰিছিল । কিন্তু সেই দাবী অস্বীকাৰ কৰিছে হামিদ আনছাৰীয়ে । পাকিস্তানী সাংবাদিকজনে আনচাৰীৰ দ্বাৰা আয়োজিত সন্ত্ৰাসবাদ সন্দৰ্ভত সন্মিলনখনত অংশ গ্ৰহণ কৰাৰ কথা অস্বীকাৰ কৰে ।

কিন্তু আগৰৱালাই কয় যে সাংবাদিকজনক এনে এক কাৰ্যসূচীলৈ নিশ্চিতভাৱে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে নিমন্ত্ৰণ জনাইছিল । লগতে তেওঁ উল্লেখ কৰে যে আনচাৰীৰ কাৰ্যালয়ৰ এজন বিষয়াই ব্যক্তিগতভাৱে তেওঁক কৈছিল যে উপ-ৰাষ্ট্ৰপতিয়ে তেওঁক পাকিস্তানী সাংবাদিক নুছৰত মিৰ্জাক অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱাটো বিচাৰিছিল ।

লগতে আগৰৱালাই উল্লেখ কৰে যে পাকিস্তানৰ মুখ্য ন্যায়াধীশকো উক্ত কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱা হৈছিল আৰু তেওঁ আহিবলৈ সন্মত হৈছিল । কিন্তু, পিছত পাকিস্তান আৰু ভাৰতৰ মাজৰ উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজকসকলে তেওঁক ফোন কৰা নাছিল । ২০১০ চনৰ ১১ ডিচেম্বৰত বিজ্ঞান ভৱনত উক্ত অনুষ্ঠানটো অনুষ্ঠিত হৈছিল । সেয়ে সমগ্ৰ তথ্য লাভ কৰিবলৈ পাক সাংবাদিক নুছৰত মিৰ্জাক আমন্ত্ৰণ জনোৱাৰ পৰামৰ্শ প্ৰদান কৰে আনচাৰীয়ে ।

লগতে পঢ়ক: চীনক বাধা দিয়াত ভাৰতক সহায় কৰিবলৈ আমেৰিকাৰ প্ৰতিনিধি সভাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.