ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোডী দেশৰ প্ৰকৃত নায়কঃ অনিল ভিজ

author img

By

Published : Mar 1, 2021, 7:22 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লীত COVID-19ৰ প্ৰতিষেধক গ্ৰহণ কৰাৰ পিছতে মোদীৰ প্ৰশংসাত পঞ্চমুখ হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰী অনিল ভিজ । তেওঁ কয় যে, প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ বাবে সদায় সঠিক পথ নিৰ্ধাৰণ কৰে ।

প্ৰধানমন্ত্ৰী মোডী দেশৰ প্ৰকৃত নায়ক আখ্যা স্বাস্থ্য মন্ত্ৰী অনিল ভিজৰ

নেশ্যনেল ডেস্ক, ১ মাৰ্চ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দেশৰ 'প্ৰকৃত নায়ক' আখ্যা দিলে হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰী অনিল ভিজে । প্ৰধানমন্ত্ৰীগৰাকীয়ে দিল্লীত COVID-19ৰ প্ৰতিষেধক গ্ৰহণ কৰাৰ পিছতে তেওঁৰ প্ৰশংসা কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে, প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ বাবে সদায় সঠিক পথ নিৰ্ধাৰণ কৰে । ভাৰ্চুৱেল মাধ্যমেৰে তৃতীয় পৰ্যায়ৰ টীকাকৰণ প্ৰক্ৰিয়া উদ্বোধন কৰি অনিল ভিজে কয় যে, তেওঁ COVID-19ৰ প্ৰতিষেধক গ্ৰহণৰ প্ৰয়োজন নহ'ব ।

কিয়নো, তেওঁৰ দেহত এণ্টিবডিৰ গণনা যথেষ্ট ভাল আছিল । হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে, দেশত তৃতীয় পৰ্যায়ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু প্ৰতিষেধকক লৈ মানুহৰ শংকা থকাৰ প্ৰয়োজন নাই । প্ৰতিষেধক গ্ৰহণ কৰা সন্দৰ্ভত তেওঁ কয় যে, তেওঁ COVID-19ত আক্ৰান্ত হৈছিল আৰু তেওঁৰ দেহত এণ্টিবডিৰ গণনাত ৩০০ থকা বুলি প্ৰমাণিত হৈছিল । এই পৰিমাণ বহুত বেছি । সেয়ে তেওঁ প্ৰতিষেধক গ্ৰহণৰ প্ৰয়োজনীয়তা নাই ।

লগতে পঢ়ক:বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰত সেৱা জনালে জে পি নাড্ডাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.