ETV Bharat / bharat

Chandrababu Naidu Case : চন্দ্ৰবাবু নাইডুৰ আবেদনৰ শুনানি ১৯ ছেপ্টেম্বৰলৈ স্থগিত

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 4:30 PM IST

১৯ ছেপ্টেম্বৰৰ পৰৱৰ্তী শুনানিলৈকে উচ্চ ন্যায়ালয়ে এচিবি আদালতক টিডিপি প্ৰধান তথা প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ জিম্মাৰ বাবে চিআইডিয়ে দাখিল কৰা আবেদনৰ ওপৰত কোনো তদন্ত নকৰিবলৈ নিৰ্দেশ দিয়ে ।

Chandrababu Naidu Case
Chandrababu Naidu Case

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে চিআইডিয়ে ৰুজু কৰা গোচৰ বাতিল কৰাৰ বাবে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ত জনোৱা আবেদনৰ ওপৰত বুধবাৰে শুনানি হয় । দক্ষতা বিকাশ কেলেংকাৰীৰ নামত চিআইডিয়ে তেওঁৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ আৰু ইয়াৰ ওপৰত ভিত্তি কৰি এচিবিৰ আদালতে প্ৰদান কৰা ন্যায়িক জিম্মাৰ আদেশ বাতিল কৰাৰ বাবে আহ্বান জনাই কৰা আবেদনৰ ওপৰত বুধবাৰে উচ্চ ন্যায়ালয়ত এই শুনানি অনুষ্ঠিত হয় ।

আনহাতে, চন্দ্ৰবাবুৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ বাতিল কৰাৰ বাবে কৰা আবেদনৰ ওপৰত চিআইডিয়ে প্ৰত্যুত্তৰ দাখিল কৰিবলৈ আদালতৰ পৰা সময় বিচাৰে । যাৰ বাবে উচ্চ ন্যায়ালয়ে ১৮ ছেপ্টেম্বৰলৈকে সময়সীমা বান্ধি দি বুধবাৰে শুনানি স্থগিত ৰাখে ।

উল্লেখ্য যে গোচৰটো সন্দৰ্ভত পৰৱৰ্তী শুনানি চলিত মাহৰ ১৯ তাৰিখে অনুষ্ঠিত হ'ব । তেতিয়ালৈকে উচ্চ ন্যায়ালয়ে এচিবি আদালতত চিআইডিয়ে দাখিল কৰা জিম্মাৰ আবেদনৰ ওপৰত কোনো তদন্ত নকৰিবলৈ এচিবি আদালতক নিৰ্দেশ দিয়ে । জানিব পৰা মতে, চিআইডিয়ে তেলেগু দেশম পাৰ্টীৰ মুৰব্বী চন্দ্ৰবাবু নাইডুক ৫ দিনৰ বাবে জিম্মাত বিচাৰি বিজয়ৱাড়া এচিবি আদালতত এখন আবেদন দাখিল কৰিছিল । আনহাতে, তেলেগু দেশম পাৰ্টীৰ নেতা আৰু কেডাৰসকলে সমগ্ৰ ৰাজ্যতে চন্দ্ৰবাবু নাইডুৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিছে ।

ইনাৰ ৰিং ৰোড গোচৰৰো শুনানি ১৯ ছেপ্টেম্বৰলৈ স্থগিত:

ইফালে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ে কেপিটেল ইনাৰ ৰিং ৰোড গোচৰৰ আবেদনৰ শুনানি চলিত মাহৰ ১৯ তাৰিখলৈকে স্থগিত ৰাখিছে । চিআইডিৰ দ্বাৰা পঞ্জীয়ন কৰা এই গোচৰটোত আগতীয়া জামিন বিচাৰি চন্দ্ৰবাবু নাইডুৰ হৈ উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল । চিআইডিয়ে এই গোচৰটোত কাউণ্টাৰ দাখিল কৰিবলৈ সময় বিচাৰে । যাৰ বাবে শুনানি ছেপ্টেম্বৰৰ ১৯ তাৰিখলৈ পিছুৱাই দিয়া হয় ।

লগতে পঢ়ক :Bengal school jobs scam: ইডিৰ কলকাতা কাৰ্যালয়ত উপস্থিত হ’ব টিএমচি সাংসদ অভিষেক বেনাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.