ETV Bharat / bharat

Former CM Chandrababu Naidu arrested : প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক আদালতত হাজিৰ

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 10:33 AM IST

দক্ষতা বিকাশ নিগমৰ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক দেওবাৰে আদালতত হাজিৰ কৰোৱা হয় । পুৱাই চিআইডিয়ে বিজয়ৱাড়াৰ দুৰ্নীতি বিৰোধী ব্যুৰ' (এচিবি) আদালতত হাজিৰ কৰোৱা হয় ।

Former CM Chandrababu Naidu arrested
প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক আদালতত হাজিৰ

নেশ্যনেল ডেস্ক, ১০ ছেপ্টেম্বৰ : তেলেগু দেশম পাৰ্টিৰ (টিডিপি) মুৰব্বী এন চন্দ্ৰবাবু নাইডুক দেওবাৰে পুৱা দক্ষতা বিকাশ নিগমৰ কেলেংকাৰী সন্দৰ্ভত বিজয়ৱাড়াৰ দুৰ্নীতি বিৰোধী ব্যুৰ' (এচিবি) আদালতত হাজিৰ কৰোৱা হয় । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে আদালতত হাজিৰ কৰোৱা হয় ।

ইয়াৰ পূৰ্বে, তেওঁক চিকিৎসা পৰীক্ষাৰ বাবে বিজয়ৱাড়া চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । পাছত তেওঁক এছআইটি কাৰ্যালয়লৈ লৈ যোৱা হয় । শনিবাৰে, চন্দ্ৰবাবু নাইডুক অন্ধ্ৰপ্ৰদেশ অপৰাধ অনুসন্ধান শাখাই (চিআইডি) দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল । বিষয়াসকলৰ মতে, এই গোচৰটো অন্ধ্ৰপ্ৰদেশত উৎকৰ্ষ কেন্দ্ৰৰ (চি.ও.ই.) গোট স্থাপনৰ সৈতে জড়িত । যিটো আঁচনিৰ মুঠ আনুমানিক প্ৰকল্প মূল্য ৩৩০০ কোটি টকা ।

সংস্থাটোৰ বিষয়াসকলে দাবী কৰিছে যে কথিত প্ৰৱঞ্চনাটোৰ দ্বাৰা ৰাজ্য চৰকাৰৰ ৩০০ কোটি টকাৰ অধিক বৃহৎ ক্ষতি হৈছে । চিআইডিৰ মতে তদন্তত গুৰুতৰ অনিয়মৰ কথা প্ৰকাশ পাইছে ।

চিআইডি বিষয়াসকলে জনোৱা মতে চৰকাৰে আগবঢ়োৱা বেছিভাগ ধন ভুৱা চালানৰ জৰিয়তে শ্বেল কোম্পানীলৈ পৰিৱৰ্তন কৰা হৈছিল, ইনভইচত উল্লেখ কৰা সামগ্ৰীবোৰৰ কোনো প্ৰকৃত বিতৰণ বা বিক্ৰী হোৱা নাছিল । চিআইডিয়ে কৈছে যে এতিয়ালৈকে কৰা অনুসন্ধান অনুসৰি ব্যক্তিগত প্ৰতিষ্ঠানবোৰে ৬ টা দক্ষতা বিকাশ ক্লাষ্টাৰত ব্যয় কৰা মুঠ পৰিমাণ কেৱল অন্ধ্ৰপ্ৰদেশ চৰকাৰ আৰু এপি দক্ষতা বিকাশ কেন্দ্ৰৰ দ্বাৰা আগবঢ়োৱা পুঁজিৰ পৰা আহৰণ কৰা হয় ।

ইফালে টিডিপিৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগে লগে দেশৰ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বৰ্তমানৰ ৰাজ্য চৰকাৰে ভিত্তিহীনভাৱে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বুলিও অভিযোগ কৰিছে ।

লগতে পঢ়ক :Chandrababu Naidu arrested : 'তেলেগু লোক, অন্ধ্ৰপ্ৰদেশ আৰু দেশমাতৃৰ সেৱাত কোনো শক্তিয়ে মোক বাধা দিব নোৱাৰে': টিডিপিৰ মুৰব্বী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.