ETV Bharat / bharat

অন্ধ্ৰ প্ৰদেশৰ মন্দিৰ আক্ৰমণৰ তদন্তৰ বাবে 16 জনীয়া অনুসন্ধানকাৰী দল গঠন

author img

By

Published : Jan 9, 2021, 1:54 PM IST

অন্ধ্ৰ প্ৰদেশত হোৱা মন্দিৰ আক্ৰমণৰ ঘটনাৰ তদন্তৰ বাবে আই পি এছ জি.ভি অশোক কুমাৰৰ নেতৃত্বত 16 জনীয়া বিশেষ অনুসন্ধানকাৰী দল গঠন কৰিছে অন্ধ্ৰ প্ৰদেশ চৰকাৰে ৷

Andhra govt forms 16-member SIT to probe attacks on temples
অন্ধ্ৰ প্ৰদেশৰ মন্দিৰ আক্ৰমণৰ তদন্তৰ বাবে 16 জনীয়া অনুসন্ধানকাৰী দল গঠন

নেশ্যনেল ডেস্ক,9 জানুৱাৰী: অন্ধ্ৰ প্ৰদেশত হোৱা মন্দিৰ আক্ৰমণৰ ঘটনাৰ তদন্তৰ বাবে আই পি এছ জি.ভি অশোক কুমাৰৰ নেতৃত্বত 16 জনীয়া বিশেষ অনুসন্ধানকাৰী দল গঠন কৰিছে অন্ধ্ৰ প্ৰদেশ চৰকাৰে ৷ 2020 চনৰ ছেপ্তেম্বৰৰ পৰা বৰ্তমানলৈকে ৰাজ্যখনত সংঘটিত হোৱা মন্দিৰ সংক্ৰান্তীয় সকলো ঘটনাৰ লগতে মূৰ্তি ধ্বংসৰ ঘটনাসমূহৰো তদন্ত কৰিব এই দলটোৱে ৷

আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ স্মাৰক পত্ৰত প্ৰকাশ কৰিছে যে, ‘বিশেষ অনুসন্ধানকাৰী দলে আৰক্ষী অধীক্ষক আৰু স্থানীয় বিষয়াৰে সহযোগিতা কৰি এই অপৰাধসমূহৰ নমুনা অধ্যয়ন কৰিব ৷ এই ক্ষেত্ৰত বিজৱাড়া আৰু বিশাখাপট্টনমৰ চি আই ডিৰ চাইবাৰ ক্ৰাইম আৰক্ষী চকীয়ে সকলো প্ৰয়োজনীয় সাহাৰ্য প্ৰদান কৰিব ৷’

বিশেষ অনুসন্ধানকাৰী দলৰ প্ৰধানে ইয়াৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা প্ৰয়োজনীয়া ব্যক্তিগত তথা যুক্তিগত সহায় বিচাৰিব পাৰিব ৷ ন্যায়িক আদালতত চূড়ান্ত ৰিপোৰ্ট প্ৰদানৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানে এই অনুসন্ধানসমূহ নিৰীক্ষণ কৰিব ৷

লগতে পঢ়ক-প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.