ETV Bharat / bharat

আগৰতলাৰ ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনত শিশুৰ অধিকাৰ শীৰ্ষক মত বিনিময় অনুষ্ঠান

author img

By

Published : Nov 8, 2021, 11:24 AM IST

ত্ৰিপুৰা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ সহযোগত দেওবাৰে আগৰতলাৰ ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনত মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয় । 'শিশুৰ অধিকাৰ, শিশুৰ সুৰক্ষা: আশা প্ৰদান' শীৰ্ষক মত বিনিময় অনুষ্ঠানৰ লগতে পোষ্টাৰ প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয় । উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ তথা ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ কাৰ্যকৰী অধ্যক্ষ ন্যায়াধীশ উদয় উমেশ ললিতে অনুষ্ঠানটি উদ্বোধন কৰে ।

Interaction programme on children's rights
ত্ৰিপুৰাৰ ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনত শিশুৰ অধিকাৰ শীৰ্ষক মত বিনিময় অনুষ্ঠান

আগৰতলা ডেস্ক, ৮ নৱেম্বৰ : 'আজাদী কা অমৃত মহোৎসৱ' কাৰ্যসূচীৰ অংশ হিচাপে দেওবাৰে ত্ৰিপুৰাৰ আগৰতলাৰ ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনত আয়োজন কৰা হ'ল মত বিনিময় অনুষ্ঠান । উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ তথা ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ কাৰ্যকৰী অধ্যক্ষ ন্যায়াধীশ উদয় উমেশ ললিতে এই অনুষ্ঠানটি উদ্বোধন কৰে । ত্ৰিপুৰা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ সহযোগত 'শিশুৰ অধিকাৰ, শিশুৰ সুৰক্ষা: আশা প্ৰদান' শীৰ্ষক মত বিনিময় অনুষ্ঠানৰ লগতে পোষ্টাৰ প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয় ।

অনুষ্ঠানটি উদ্বোধন কৰি ন্যায়াধীশ উদয় উমেশ ললিতে কয় যে, সমাজত শিশুৰ অধিকাৰ সুৰক্ষা কৰাৰ ক্ষেত্ৰত সকলোৱে গুৰুত্ব প্ৰদান কৰা উচিত । তেওঁ লগতে কয় যে, শিশুৰ সামগ্ৰিক বিকাশ আৰু অধিকাৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব । ন্যায়াধীশগৰাকীয়ে জনায় যে, সংবিধানত শিক্ষাৰ অধিকাৰৰ বিষয়ে উল্লেখ থকা অনুসৰি, ৬-১৪ বছৰ বয়সৰ সকলো শিশুৱে শিক্ষা লাভ কৰাটো নিশ্চিত কৰিব লাগে । লগতে, শিক্ষাৰ মানৰ ওপৰতো গুৰুত্ব দিয়া উচিত, যাতে তেওঁলোক শিক্ষিত হ'ব পাৰে । তেওঁ কয় যে, ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণে শিশুসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কাম কৰি আহিছে ।

সেয়ে সমাজত থকা লোকসকলেও শিশুসকলৰ বাবে এনে এক পৰিৱেশ সৃষ্টি কৰিব লাগিব য'ত তেওঁলোকে সুৰক্ষিত অনুভৱ কৰে । ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণে যোৱা ২ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ সমগ্ৰ দেশতে এনে কাৰ্যসূচী অনুষ্ঠিত কৰি শিশুৰ অধিকাৰ সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে প্ৰয়াস কৰিছে ৷

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ইন্দ্ৰজিৎ মহন্তই সভাপতিত্ব কৰা এই অনুষ্ঠানটিত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ঋষিকেশ ৰয় বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷ লগতে অনুষ্ঠানটিত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যকৰী অধ্যক্ষ শুভাশীশ তালাপাত্ৰ, ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অৰিন্দম লোধ, ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ জি চট্টোপাধ্যায় উপস্থিত থাকে । ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষা নিলিমা ঘোষ, ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ অশোক কুমাৰ চেহগল আৰু সঞ্জয় ভট্টাচাৰ্যও অনুষ্ঠানটিত উপস্থিত থাকে ।

লগতে পঢ়ক:পুনৰ ত্ৰিপুৰী সকলৰ বাবে 'পৃথক ৰাজ্য'ৰ দাবীত উত্তল হ’ব দিল্লী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.