ETV Bharat / bharat

Avtar Singh Khanda died : অমৃতপাল সিঙৰ সহযোগীৰ মৃত্যু - Amritpal Singh handler death

ডিব্ৰুগড় কাৰাগাৰত কাৰাবন্দী হৈ থকা খালিন্তানপন্থী নেতা অমৃতপাল সিঙৰ সহযোগী অৱতাৰ সিং খাণ্ডাৰ মৃত্যু । কৰ্কট ৰোগত আক্ৰান্ত খাণ্ডাৰ লণ্ডনৰ এখন চিকিৎসালয়ত মৃত্যু । খালিস্তান লিবাৰেচন ফ'ৰ্চৰ লণ্ডন গোটৰ মুৰব্বী আছিল খাণ্ডা ।

Avtar Singh Khanda died
অমৃতপাল সিঙৰ সহযোগীৰ মৃত্যু
author img

By

Published : Jun 15, 2023, 1:39 PM IST

নেশ্যনেল ডেস্ক,১৫ জুন : খালিস্তানৰ সমৰ্থক অৱতাৰ সিং খাণ্ডাৰ মৃত্যু । ব্ৰিটেইনৰ ভাৰতীয় দূতাবাসত ভাৰতৰ জাতীয় পতাকাক অপমান কৰিছিল খাণ্ডাই । লণ্ডনৰ এখন চিকিৎসালয়ত মৃত্যু হয় খালিস্তানৰ সমৰ্থক অৱতাৰ সিং খাণ্ডাৰ । জানিব পৰা মতে খলিস্তান সমৰ্থক তথা ৱাৰিজ ডে পঞ্জাৱৰ মুৰব্বী কাৰাবন্দী অমৃতপাল সিঙৰ সহযোগী আছিল অৱতাৰ সিং খাণ্ডা ।

তথ্য অনুসৰি, অৱতাৰ সিং খাণ্ডা কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল আৰু কৰ্কট ৰোগৰ প্ৰথম পৰ্যায়ত আছিল । শেহতীয়াকৈ তেওঁ যথেষ্ট পৰিমাণে অসুস্থ হৈ পৰিছিল আৰু যোৱা কেইবাদিনো ধৰি হাস্পতালৰ আইচিইউত ভৰ্তি আছিল । চিকিৎসাধীন হৈ থকাৰ সময়তে মৃত্যু হয় অৱতাৰ সিং খাণ্ডাৰ ।

অমৃতপালৰ সহযোগী অৱতাৰ সিং খাণ্ডা শেহতীয়াকৈ ব্ৰিটেইনত যথেষ্ট সক্ৰিয় হৈ পৰিছিল । খালিস্তানৰ আটাইতকৈ ডাঙৰ কণ্ঠস্বৰ হিচাপেও পৰিগণিত হৈছিল খাণ্ডা । খাণ্ডাই পূৰ্বে খালিস্তানৰ বাবে মাত মাতি অহা নিষিদ্ধ সংগঠনবোৰকো একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল । খাণ্ডা বিশেষকৈ খালিস্তান লিবাৰেচন ফ'ৰ্চৰ লণ্ডন গোটৰ মুৰব্বী আৰু কেএলএফ কুলৱন্ত সিং খুখৰানাৰ পুত্ৰ আছিল ।

বিদেশত থাকি খালিস্তান আন্দোলন চলাই গৈছিল অৱতাৰ সিং খাণ্ডাই । ভাৰতীয় উচ্চ আয়োগত শেহতীয়াকৈ হোৱা প্ৰতিবাদ অংশ লৈছিল খাণ্ডাই । আনকি প্ৰতিবাদৰ সময়ত ত্ৰিৰংগাক অপমান কৰাৰো অভিযোগ আছিল খাণ্ডাৰ বিৰুদ্ধে । শেহতীয়াকৈ এন.আই.এ.ৰ তদন্তত পোহৰলৈ আহিছে যে খাণ্ডা অমৃতপাল সিঙৰ ঘনিষ্ঠ সহযোগী আছিল ।

অৱতাৰ সিং খাণ্ডা খালিস্তানৰ সমৰ্থক অমৃতপাল সিঙৰ প্ৰশাসক আছিল । যেতিয়া পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিঙৰ বিৰুদ্ধে অভিযান চলাইছিল খাণ্ডাই ৩৭ দিন ধৰি অমৃতপালক সুৰক্ষা দি আছিল । নিৰাপত্তা সংস্থাসমূহে সন্দেহ কৰা মতে অৱতাৰ সিং খাণ্ডা খলিস্তানৰ শীৰ্ষ নেতা জগতাৰ সিং তাৰা আৰু পৰমজিৎ সিং পাম্মাৰ অতি ঘনিষ্ঠ আছিল । দৰাচলতে, পাম্মা খালিস্তান টাইগাৰ ফ'ৰ্চৰ এগৰাকী সক্ৰিয় সদস্য আৰু তেওঁ এনআইএৰ মোষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী ।

লগতে পঢ়ক :Donald Trump arrested: আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.