ETV Bharat / bharat

COVID-১৯ ৰ টীকাকৰণক সম্পৰ্কে বিগ বিৰ প্ৰতিক্ৰিয়া

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে বিশ্বৰ সৰ্ববৃহৎ COVID-১৯ প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ কৰে । এই প্ৰতিষেধক প্ৰস্তুতৰ সৈতে জড়িত সকলো বিজ্ঞানীয়ে বহু মাহ ধৰি COVID-১৯ ৰ প্ৰতিষেধক প্ৰস্তুতকৰণৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰি আজি এই মহৎ কাৰ্যৰ ফল দিব পাৰিছে, তাৰ বাবে ধন্যবাদ জনাই সকলো প্ৰশংসাৰ যোগ্য বুলি কয় ।

COVID-১৯ ৰ টীকাকৰণক লৈ বিগ বিৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jan 17, 2021, 2:13 PM IST

নিউজ ডেস্ক, ১৭ জানুৱাৰী: শনিবাৰৰ পৰা দেশজুৰি আৰম্ভ হৈছে COVID-১৯ ৰ টীকাকৰণ প্ৰক্ৰিয়া । এই অভিযানৰ আৰম্ভণিৰ পাচতে মেগাষ্টাৰ অমিতাভ বচ্চনে কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰচেষ্টাক ধন্যবাদ জনাই গোৰৱ অনুভৱ কৰে ।

দেওবাৰে ৭৮ বছৰীয়া বচ্চনে ভাৰতক কৰ'ণামুক্ত ৰূপে গঢ়ি তুলিবলৈ আশা প্ৰকাশ কৰাৰ কথা টুইটত উল্লেখ কৰে । লগতে দেশ পলি'অমুক্ত হোৱাৰ সময়খিনিও তেওঁ স্মৰণ কৰি লিখে 'যেতিয়া ভাৰত পলি'অমুক্ত হৈছিল তেতিয়া এক যথেষ্ঠ গৌৰৱৰ বিষয় আছিল আৰু যেতিয়া ভাৰত কৰ'ণামুক্ত হ'ব তেতিয়াও ই এক গৌৰৱৰ বিষয় হ'ব' ।

উল্লেখযোগ্য যে, শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে বিশ্বৰ সৰ্ববৃহৎ COVID-১৯ প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ কৰে । এই প্ৰতিষেধক প্ৰস্তুতৰ সৈতে জড়িত সকলো বিজ্ঞানীয়ে বহু মাহ ধৰি COVID-১৯ ৰ প্ৰতিষেধক প্ৰস্তুতকৰণৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰি আজি এই মহৎ কাৰ্যৰ ফল দিব পাৰিছে বুলি কৈ তাৰ বাবে ধন্যবাদ জনাই সকলোকে প্ৰশংসাৰ যোগ্য বুলি কয় ।

ভাৰতত প্ৰস্তুত কৰা COVID-১৯ ৰ প্ৰতিষেধক প্ৰদানৰ এই কাৰ্যসূচীক সৰ্ববৃহৎ অভিযান হিচাপে গণ্য কৰা হৈছে । এই অভিযানৰ প্ৰথম পৰ্যায়ত লাখ লাখ স্বাস্থ্যকৰ্মীৰ লগতে কৰ'ণাযোদ্ধাকে ধৰি প্ৰায় তিনি কোটি লোকক এই টীকাকৰণ প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক: গণৰাজ্য দিৱসৰ বাবে সাজু দিল্লী আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.