ETV Bharat / bharat

দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচলত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

author img

By

Published : May 21, 2022, 12:42 PM IST

অৰুণাচল প্ৰদেশৰ কেইবাটাও অনুষ্ঠানত অংশ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah to visit Arunachal Pradesh)। ৰামকৃষ্ণ মিছনৰ সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰাৰ লগতে লোহিত জিলাত পৰশুৰামৰ এটা মূৰ্তিৰ আধাৰশিলা স্থাপন কৰিব ।

Arunachal Pradesh
দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ গৃহ মন্ত্ৰী অমিত শ্বাহ

তেজপুৰ,২১ মে' : পুনৰ উত্তৰ-পূবলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে দুপৰীয়া মন্ত্ৰীগৰাকী অৰুণাচল প্ৰদেশত উপস্থিত হয় (Amit shah reach Arunachal Pradesh)। প্ৰথমে পূব অৰুণাচল প্ৰদেশৰ টিৰাপত উপস্থিত হৈ ৰামকৃষ্ণ মিছনৰ সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে ।

ইয়াৰ পাছতে লোহিত জিলাত পৰশুৰাম কুণ্ডত ৫১ ফুট উচ্চতাৰ ভগবান পৰশুৰামৰ এটা মূৰ্তিৰ আধাৰশিলা স্থাপন কৰিব আৰু বিয়লি অৰুণাচল প্ৰদেশৰ বিজেপিৰ কৰ্মীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব । ৰাজ্যখনত কেইবাটাও উন্নয়নমূলক প্ৰকল্পও আৰম্ভ কৰিব মন্ত্ৰীগৰাকীয়ে (Amit Shah will inaugurate lots of projects in Arunachal)। জানিব পৰা মতে কেইবাখনো ৰাজহুৱা সভাত ভাষণ দিয়াৰ উপৰিও অমিত শ্বাহে সেনা, অসম ৰাইফলছ, সশস্ত্ৰ সীমা বল (SSB), সীমান্ত পথ সংস্থা (BRO) আৰু ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (NHIDCL)ৰ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে নিৰাপত্তা আৰু উন্নয়নমূলক বিষয়সমূহো পৰ্যালোচনা কৰিব ।

শেহতীয়াকৈ চীনে অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলত আন্তঃগাঁথনি আৰম্ভ কৰাক লৈ বিশেষ চৰ্চা আৰম্ভ হৈছে । এনে পৰিস্থিতিৰ মাজতে অমিত শ্বাহৰ অৰুণাচল ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক :প্ৰতিকূল বতৰৰ বাবে আগ্ৰালৈ ডাইভাৰ্ট কৰা হ’ল ৰাজনাথ সিঙৰ বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.