তেজপুৰ, ১১ এপ্ৰিল : ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত সোমবাৰে সন্ধিয়া দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ সৈতে এক বিশেষ বৈঠকত অংশগ্ৰহণ কৰে (Amit Shah meeting with ITBP in Arunachal) । পূৱ অৰুণাচল প্ৰদেশৰ কিবিথু গাঁৱত ভাইব্ৰেণ্ট ভিলেজ প্ৰ'গ্ৰেম আৰম্ভ কৰি জোৱানসকলৰ সৈতে তেওঁ বাৰ্তালাপ কৰে (Vibrant Village Programme in Kibithoo Arunachal) ।
![Amit Shah Arunachal Visit](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-04-10april-pix-amitshah-pranabkumardas-7203907_10042023212100_1004f_1681141860_655.jpg)
উক্ত অনুষ্ঠানত গৃহমন্ত্ৰী শ্বাহে কয় যে সীমান্তত সুৰক্ষা বলৰ ভিতৰত আইটিবিপি যাতে কোনো কাৰণতে পিচপৰি থাকিব নোৱাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে (Home Minister Amit Shah Arunachal visit) । কাৰণ বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ সুৰক্ষা বলৰ ভিতৰত এই আইটিবিপি কোনো কাৰণতে পিচপৰি থাকিব নোৱাৰে । তাৰ বাবে সেনাৰ ডিআৰডিঅ'ৰ অধীনত প্ৰচণ্ড শীতৰ মাজত যুঁজ দিবলৈ এক বিশেষ পোছাকৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।
এই পোছাক পৰিধান কৰি জোৱানসকলে ১৫ হাজাৰ ফুট উচ্চতাত থাকিও ৯ হাজাৰ ফুটৰ অনুভৱ কৰিব পাৰিব । আনহাতে, সীমান্তত থকা আইটিবিপিৰ (Indo Tibetan Border Police) বাবে ভাইব্ৰেণ্ট ভিলেজ প্ৰ'গ্ৰেমৰ অধীনত পৰিয়ালৰ লোকৰ সৈতে বাৰ্তালাপ কৰিবলৈ বিশেষ চেটেলাইট ফোনৰ যোগান ধৰিব । এই ফোনত কম চার্জৰ জৰিয়তেই কথা পাতিব পাৰিব বুলি তেওঁ কয় ।
![Amit Shah Arunachal Visit](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-04-10april-pix-amitshah-pranabkumardas-7203907_10042023212100_1004f_1681141860_199.jpg)
লগতে বিএছএনএলৰ ডাটাৰ সুবিধা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে । আইটিবিপিৰ বিষয়া তথা জোৱানসকলৰ মাজত হোৱা বাৰ্তালাপত তেওঁ কয়, আজি দেশৰ মানুহে শান্তিত আছে কাৰণ সীমান্তত আইটিবিপি আছে । জোৱানসকলৰ মনোবল বৃদ্ধিৰ বাবে গৃহমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ সৈতে সন্ধিয়াটোৰ সময়খিনি কটায় আৰু সকলোৰে লগত আলোচনাত মিলিত হয় ।
ইয়াৰ পূৰ্বে গৃহমন্ত্ৰী শ্বাহে সীমান্তৰ অন্তিম তহলদাৰী চকী আৰু সীমান্তৰ পৰিৱেশ আইটিবিপিৰ ক্ষেত্ৰৰ পৰা পৰ্যবেক্ষণ কৰে । অমিত শ্বাহে সোমবাৰে বিয়লি পূব অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ ৱালঙত উপস্থিত হৈ ভাইব্ৰেণ্ট ভিলেজ প্ৰ'গ্ৰেমৰ আৰম্ভণি কৰে । উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে অমিত শ্বাহ অৰুণাচল প্ৰদেশত উপস্থিত হয় । আনহাতে, ভাৰত-চীন সীমান্তত নৈশ যাপন কৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰথমগৰাকী ভিভিআইপি বুলিও ঠাৱৰ কৰা হৈছে ।
লগতে পঢ়ক :Amit Shahs visit to Arunachal Pradesh: অমিত শ্বাহৰ অৰুণাচল প্ৰদেশ ভ্ৰমণৰ বিৰোধিতা কৰিলে চীনে