ETV Bharat / bharat

e-FIR filing system in Gujarat: গুজৰাটত অনলাইযোগে গোচৰ দাখিলৰ ব্যৱস্থা আৰম্ভ - গুজৰাটত অনলাইযোগে গোচৰ দাখিল

শনিবাৰৰ পৰা গুজৰাটত আৰম্ভ হৈছে ই-এফআইআৰ (e-FIR in Gujarat) দাখিলৰ ব্যৱস্থা ৷ এই সেৱাৰ ফলত গুজৰাট আৰক্ষীয়ে মোবাইল ফোন আৰু বাহন চুৰিৰ অভিযোগৰ পৰা কিছু হ’লেও ৰেহাই পাব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

amit-shah-launches-e-fir-system-in-gujarat
গুজৰাটতত আৰম্ভ হৈছে ই-এফআইআৰ দাখিল ব্যৱস্থা
author img

By

Published : Jul 23, 2022, 4:55 PM IST

নেশ্যনেল ডেস্ক, 23 জুলাই: শনিবাৰৰ পৰা গুজৰাটত আৰম্ভ হৈছে ই-এফআইআৰ দাখিলৰ ব্যৱস্থা ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ (Gujarat CM Bhupendra Patel) উপস্থিতিত গুজৰাটবাসীৰ বাবে এই ব্যৱস্থা উন্মোচন কৰে (Amit Shah launched e-FIR filing system) ৷

ৰাজ্যখনত দৈনিক মোবাইল ফোন আৰু বাহন চুৰিৰ ঘটনা বৃদ্ধি হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি এই অনলাইন সেৱা আৰম্ভ কৰা হৈছে ৷ অনলাইনযোগে উপলব্ধ হোৱা এই সেৱাৰ বাবে গুজৰাট আৰক্ষীয়ে মোবাইল ফোন আৰু বাহন চুৰিৰ অভিযোগৰ পৰা কিছু হ’লেও ৰেহাই পাব বুলি আশা প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

গুজৰাটবাসীৰ বাবে যথেষ্ট সুবিধাজনক এই সেৱাৰ যোগেদি ৰাজ্যখনৰ নাগৰিকে সম্প্ৰতি বাহন চুৰি অথবা মোবাইল ফোন চুৰিৰ এজাহাৰ দাখিল কৰিবলৈ থানালৈ যোৱাৰো প্ৰয়োজন নাই, কিয়নো তেওঁলোকে সুবিধাজনকভাৱে যিকোনো ঠাইৰ পৰা অনলাইনযোগে অভিযোগ দাখিল কৰিব পাৰিব ।

অভিযোগকাৰীয়ে নাগৰিক পৰ্টেল(Gujarat police Citizen Portal)ৰ জৰিয়তে আবেদন কৰিব পাৰিব য’ত তেওঁলোকে সকলো ধৰণৰ তথ্য প্ৰদান কৰিব লাগিব । তাৰ পিছতে আৰক্ষীয়ে ‘গুজকপৰ ইউজাৰ আইডি’ (Guzcop user id) ৰে লগ ইন কৰি 24 ঘন্টাৰ ভিতৰত কৰ্তব্যৰত বিষয়ালৈ এই অভিযোগৰ প্ৰাথমিক তদন্ত কৰিবলৈ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে গৃহমন্ত্ৰী হৰ্ষ সংঘৱীয়ে (Gujarat home minister Harsh Sanghavi) ৷

ইয়াৰ তিনিদিনৰ পিছত অভিযোগকাৰীৰ সৈতে যোগাযোগ কৰি গুৰুত্বপূৰ্ণ নথি-পত্ৰ পৰীক্ষা কৰিব আৰক্ষীয়ে ৷ গোচৰ দাখিলৰ ৭২ ঘণ্টাৰ ভিতৰত নিষ্পত্তি কৰিব লাগিব আৰু যদি সমাধান নহয় তেতিয়াহে অন্য পদ্ধতি অনুসৰণ কৰা হ’ব ৷ গোচৰ দাখিলৰ ১২০ ঘণ্টাৰ পাছত এই আবেদন পঞ্জীয়ন কৰা হ’ব ।

গুজৰাট আৰক্ষীৰ সঞ্চালক প্ৰধান আশীষ ভাটিয়াই (Gujarat DGP Ashish Bhatia) কয়, "ৰাজ্য চৰকাৰে ২৪ ঘণ্টাৰ ভিতৰত আবেদনৰ মাজেৰে গৈ তৎক্ষণাত এফআইআৰ পঞ্জীয়ণ কৰিব লাগিব, তেনে নকৰিলে বিষয়াজনে পলম হোৱাৰ আঁৰৰ কাৰণ লিখিতভাৱে জনোৱাটো বাধ্যতামূলক হ’ব’’ ।

ৰাজ্যখনৰ নাগৰিকসকলে তেওঁলোকৰ অভিযোগ পৰীক্ষা কৰিবলৈ আৰু অভিযোগ পঞ্জীয়ন কৰা হৈছে নে নাই পৰীক্ষা কৰিবও পাৰিব বুলিও মন্তব্য কৰে আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে ৷

লগতে পঢ়ক: forthcoming Independence Day: ৰাজধানী চহৰত কটকটীয়া সুৰক্ষা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.