নিউজ ডেস্ক, ৪ অক্টোবৰ : গৃহমন্ত্ৰী অমিত শ্বাহে (Home Minister Amit Shah) মঙলবাৰে দাবী কৰে যে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত (post abrogation of Article 370 JK) জম্মু-কাশ্মীৰ 'আটাইতকৈ সুৰক্ষিত স্থান' হৈ পৰিছে । কিয়নো বৰ্তমান তাত উগ্ৰবাদ সম্পৰ্কীয় ঘটনা সৰ্বকালৰ আটাইতকৈ কম সংঘটিত হৈছে (Amit Shah claimed JK become most secured place) ।
শ্বাহে আজি ৰাজৌৰীত এক ৰেলী সম্বোধন কৰি কয় (Amit Shah addressing rally in Rajouri) যে যিসকলে দাবী কৰিছিল যে অনুচ্ছেদ ৩৭০ বাতিল হ'লে তেজৰ নৈ প্ৰবাহিত হ'ব, তেওঁলোকে এতিয়া পৰিসংখ্যাবোৰ চাব লাগে ।
"এবছৰত জম্মু-কাশ্মীৰত সংঘটিত ৪৭৬৭ টা উগ্ৰবাদ সম্পৰ্কীয় ঘটনাৰ পূৰ্বৰ পৰিসংখ্যাৰ তুলনাত, অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছতে এই সংখ্যা ৭২১ লৈ হ্ৰাস পাইছে । আনহাতে, নিৰাপত্তাকৰ্মীৰ হত্যা বছৰত মাত্ৰ ১৩৭ লৈ হ্ৰাস পাইছে, যিটো এই পৰ্যন্ত সৰ্বনিম্ন ।" তেওঁ কয় (Amit Shah Jammu and Kashmir visit) ।
অমিত শ্বাহে লগতে দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Prime Minister Narendra Modi) উগ্ৰবাদ, বিচ্ছিন্নতাবাদ আৰু হুৰিয়তক চূৰ্ণ-বিচূৰ্ণ কৰিবলৈ আৰম্ভ কৰা নিৰন্তৰ অভিযানে ভাল ফলাফল লাভ কৰিছে ।
"আজি জম্মু-কাশ্মীৰ হৈছে আটাইতকৈ সুৰক্ষিত স্থান ।" শ্বাহে কয় । উল্লেখ্য, আজি তেওঁক সংগ দিয়ে জম্মু-কাশ্মীৰৰ লেফটেণ্ট গৱৰ্ণৰ মনোজ সিনহা আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ত ৰাজ্যিক মন্ত্ৰী ডঃ জীতেন্দ্ৰ সিঙৰ উপৰি সাংসদ যুগল কিশোৰে ।
"প্ৰধানমন্ত্ৰী মোদীয়ে জম্মু-কাশ্মীৰৰ যুৱকসকলৰ ওচৰ চাপিছে আৰু তেওঁলোকৰ হাতত শিলগুটিৰ সলনি লেপটপ দিছে । আজি জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলে বিভিন্ন ক্ষেত্ৰত দেশৰ আন যুৱক-যুৱতীৰ দৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ।" তেওঁ কয় ।
আনহাতে, অমিত শ্বাহে গুজ্জৰ, বেকাৰৱাল আৰু পাহাৰীসকলক আহ্বান জনায় যে তেওঁলোকে যেন তিনিটা পৰিয়ালে তেওঁলোকৰ সদস্য আৰু বন্ধুবৰ্গৰ মাজতে সীমাবদ্ধ ৰখা চৰকাৰক প্ৰতিটো নিৰ্বাচনত পৰাজিত কৰে ।
"এই তিনিটা পৰিয়ালে ৭০ বছৰ ধৰি পৰিয়ালকেন্দ্ৰিক শাসন উপভোগ কৰিছিল আৰু সাধাৰণ মানুহক গণতন্ত্ৰৰ বাবে ব্যাকুল কৰি ৰাখিছিল । আজি মানুহৰ মাজত গাঁও পঞ্চায়ত, জিলা পঞ্চত আৰু তহচিল পঞ্চায়ত আছে, যিটো যোৱা 70 বছৰত হোৱা নাছিল ।" তেওঁ কয় । "গণতন্ত্ৰক যোৱা ৭০ বছৰ ধৰি জম্মু-কাশ্মীৰত ৮৭ জন বিধায়ক আৰু ছয়জন সাংসদৰ মাজত সীমাবদ্ধ ৰখা হৈছিল বুলিও তেওঁ উল্লেখ কৰে । কিন্তু তাৰ পৰা গুজ্জৰ, বেকাৰৱাল আৰু পাহাৰীসকল বাদ পৰিছিল । আনহাতে, গোলাম নবী খাতানাক ৰাজ্যসভালৈ মনোনীত কৰি মোদীজীয়ে প্ৰমাণ কৰে যে তেওঁ সকলো শ্ৰেণীক উপযুক্ত প্ৰতিনিধিত্ব দিবলৈ তেওঁ প্ৰতিশ্ৰুতিবদ্ধ ।" অমিত শ্বাহে কয় ।
তেওঁ লগতে কয় যে, অনুচ্ছেদ ৩৭০ ৰদৰ পিছত ৫৬,০০০ কোটি টকা বিদেশী বিনিয়োগ জম্মু-কাশ্মীৰত হৈছে, যিটোৱে যুৱসকলক নিযুক্তি প্ৰদান কৰিব । তেওঁ কয়, "তিনিটা পৰিয়ালৰ পৰিয়ালকেন্দ্ৰিক শাসনৰ বাবে যোৱা ৭০ বছৰত শীৰ্ষস্থানত থকা দুৰ্নীতিৰ সমাপ্তিৰ বাবে আমি দুৰ্নীতিবিৰোধী ব্যুৰো গঠন কৰিছোঁ ।"
লগতে পঢ়ক :জম্মু আৰু ৰাজাউৰীত মোবাইল ডাটা সেৱা অস্থায়ীভাৱে কৰ্তন