ETV Bharat / bharat

Anti naxal operation: মাওবাদক সমুলঞ্চে উৎখাতৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ কেন্দ্ৰীয় চৰকাৰ

author img

By ANI

Published : Oct 6, 2023, 2:46 PM IST

বাওঁপন্থী উগ্ৰবাদ বা নক্সালবাদক সম্পূৰ্ণৰূপে উৎখাত কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত হয় বৈঠক ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছকে ধৰি মাওবাদী বিদ্ৰোহীৰ দ্বাৰা ক্ষতিগ্ৰস্ত ৰাজ্যৰ গৃহ সচিব আৰু মুখ্য সচিবেও অংশগ্ৰহণ কৰে এই বৈঠকত ।

Anti naxal operation
মাওবাদক সমুলঞ্চে উভালি পেলোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ কেন্দ্ৰীয় চৰকাৰ

নেশ্যনেল ডেস্ক, 6 অক্টোবৰ: নক্সালবাদৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হৈছে কেন্দ্ৰীয় চৰকাৰক ৷ বাওঁপন্থী উগ্ৰবাদ বা নক্সালবাদক দেশৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া কৰিবলৈ আৰু পুনৰীক্ষণৰ লক্ষ্যৰে এখন ৰোডমেপ প্ৰস্তুত কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত হয় এখন বৈঠক ৷ এই বৈঠকত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডী আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনেও অংশগ্ৰহণ কৰে ৷

জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা, কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়, কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ৰাজ্যিক মন্ত্ৰী অশ্বিনী চৌবে আৰু যোগাযোগ ৰাজ্যিক মন্ত্ৰী দেৱুসিং চৌহানৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও এই বৈঠকত অংশগ্ৰহণ কৰে ।

ইয়াৰ লগতে গৃহ সচিব অজয় ভাল্লা, চোৰাংচোৱা ব্যুৰ'ৰ সঞ্চালক তপন ডেকা আৰু এন আই এ, এছ এছ বি, বি এছ এফ, চি আৰ পি এফ, বি এছ এফ আৰু এন এছ জিৰ সঞ্চালক প্ৰধানসকলৰ লগতে মাওবাদী বিদ্ৰোহীৰ দ্বাৰা ক্ষতিগ্ৰস্ত ৰাজ্যৰ গৃহ সচিব আৰু মুখ্য সচিবেও অংশগ্ৰহণ কৰে এই বৈঠকত ।

সভাৰ আৰম্ভণি কৰি গৃহ সচিব ভাল্লাি সকলো গণ্যমান্য ব্যক্তিক সভালৈ আদৰণি জনায় আৰু সভাৰ উদ্দেশ্য সন্দৰ্ভত অৱগত কৰে । শেষৰখন এল ডব্লিউ ই অৰ্থাৎ বাওঁপন্থী উগ্ৰবাদ বা নক্সালবাদ সম্বন্ধীয় বৈঠক 2021 চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হৈছিল ।

বৈঠকত যোগদান কৰাৰ পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহে X যোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "নক্সালবাদ “মানৱতাৰ বাবে অভিশাপ স্বৰূপ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বাওঁপন্থী উগ্ৰবাদ বা নক্সালবাদক সমুলঞ্চে উভালি পেলোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।"

লগতে পঢ়ক: Drone attack in Syria: ছিৰিয়াৰ সামৰিক প্ৰতিষ্ঠানত ড্ৰ’ন আক্ৰমণ, ৰাষ্ট্ৰসংঘৰ উদ্বেগ প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.