ETV Bharat / bharat

Manipur violence : মণিপুৰৰ পৰিস্থিতিক লৈ দিল্লীত সৰ্বদলীয় বৈঠক - All party meeting on Manipur violence

মণিপুৰৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে । এনে সময়তে দিল্লীত সৰ্বদলীয় বৈঠক । বৈঠকৰ সভাপতিত্ব কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে । এই বৈঠকত বিভিন্ন ৰাজনৈতিক দলৰ নেতা উপস্থিত ।

Manipur violence
মণিপুৰৰ পৰিস্থিতিক লৈ দিল্লীত সৰ্বদলীয় বৈঠক
author img

By

Published : Jun 24, 2023, 4:57 PM IST

নেশ্যনেল ডেস্ক,২৪ জুন : মণিপুৰ এতিয়াও শান্ত হোৱা নাই । প্ৰতিদিনে বিভিন্ন স্থানত হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখা গৈছে । নিৰাপত্তা বাহিনীয়ে ৰাজ্যজুৰি চোকা দৃষ্টি ৰাখিছে যদিও এতিয়ালৈ পৰিস্থিতি উন্নত হোৱা নাই । ইয়াৰ মাজতে নতুন দিল্লীত অনুষ্ঠিত হয় এখন সৰ্বদলীয় বৈঠক ।

মণিপুৰত নিৰন্তৰ জাতিগত হিংসাৰ বিষয়ে আলোচনা কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শনিবাৰে দিল্লীত এই সৰ্বদলীয় বৈঠকত সভাপতিত্ব কৰে । সংসদ ভৱনত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকখনত বিজেপি, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, বাওঁপন্থী দল আৰু অন্যান্য বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে অংশগ্ৰহণ কৰে । বৈঠকখন আবেলি ৩ বজাত আৰম্ভ হয় ।

বৈঠকত অংশগ্ৰহণ কৰা নেতাসকলৰ ভিতৰত আছিল বিজেপিৰ সভাপতি জে পি নাড্ডা, মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ওক্ৰাম ইবোবি সিং, তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অ'ব্ৰাইন, মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা এনপিপি নেতা কনৰাড চাংমা, এআইএডিএমকেৰ নেতা এম থাম্বি দুৰাই , ডিএমকেৰ নেতা তিৰুচি শিৱ, বিজেডিৰ পিনাকী মিশ্ৰ, আম আদমি পাৰ্টীৰ সঞ্জয় সিং, আৰজেদিৰ মনোজ ঝা আৰু শিৱসেনা (উদ্ধৱ বালাচাহেব ঠাকৰে) দলৰ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদী ।

উল্লেখ্য যে মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছতে মণিপুৰত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল । ৩ মে'ৰ পৰা পাহাৰীয়া জিলাসমূহত সংঘটিত হিংসাত্মক ঘটনাত এতিয়ালৈ প্ৰায় ১২০ জনৰো অধিক লোকৰ মৃত্যু হৈছে । ৰাজ্যখনত ৩,০০০ৰো অধিক লোক আহত হয় । ইফালে মণিপুৰৰ পৰিস্থিতি উন্নত নোহোৱাত বিৰোধী দলসমূহে শাসকীয় বিজেপিক তীব্ৰ সমালোচনা কৰিছে ।

ইফালে কিছুদিন পূৰ্বে গৃহ মন্ত্ৰী অমিত শ্বাহে নিজে মণিপুৰ ভ্ৰমণ কৰিছিল আৰু পৰিস্থিতিৰ পৰ্যালোচনা কৰিছিল । বিভিন্ন দলৰ নেতা লগতে নিৰাপত্তা বাহিনীৰ সৈতেও বাৰ্তালাপ কৰিছিল অমিত শ্বাহে । কিন্তু এমাহৰো অধিক সময় ধৰি পৰিস্থিতি উন্নত নোহোৱাৰ বাবে দেশজুৰি উদ্বেগৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Khaderpet Banian Market fire : তামিলনাডুত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলি গ'ল ৫০ৰো অধিক কাপোৰৰ দোকান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.