নিউজ ডেস্ক, 23 আগষ্ট: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তৈলমৰ্দন কৰি ভাইৰেল হৈছে এইজন বিজেপি নেতা ৷ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তেলেংগানা ৰাজ্যিক বিজেপিৰ সভাপতি বান্দি সঞ্জয় কুমাৰে অমিত শ্বাহৰ জোতা আনি থকা দৃশ্য (Telengana BJP chief receives flak over fetching shoes for Amit Shah)৷
দেওবাৰে তেলেংগানাৰ উপ-নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মুনুগোডুত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shan in Hyderabad)৷ আগষ্টৰ 2 তাৰিখে মুনুগোডেৰ কংগ্ৰেছৰ বিধায়ক কোমাটিৰেড্ডী ৰাজ গোপাল ৰেড্ডীয়ে বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ লগতে কংগ্ৰেছ দল ত্যাগ কৰে । মুনুগোডেৰ এই ৰাজহুৱা সভাতে অমিত শ্বাহে ৰেড্ডীক আনুষ্ঠানিকভাৱে বিজেপিৰ সদস্য বুলি পৰিচয় কৰাই দিয়ে (Amit Shah and BJP Telengana president viral video) ৷
এই জনসভা সমাপ্ত কৰিয়েই গৃহমন্ত্ৰীগৰাকীয়ে (Union Home Minister Amit Shah) এটা মন্দিৰত সেৱা কৰিবলৈ সোমায় ৷ মন্ত্ৰীগৰাকীয়ে সেৱা কৰি ওলাই আহোতেই তেলেংগানা বিজেপিৰ ৰাজ্যিক সভাপতি বান্দি সঞ্জয় কুমাৰে (Telangana BJP president Bandi Sanjay Kumar)অমিত শ্বাহে পিন্ধি অহা জোতাজোৰ নিজেই আনি মচি তেওঁলৈ আগবঢ়াই দিয়ে ৷ এই ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে ৷
ইয়াৰ পিছতে টিআৰএছৰ কাৰ্যকৰী সভাপতি আৰু ৰাজ্যিক মন্ত্ৰী কে টি ৰামা ৰাৱে এই ঘটনাক তাচ্ছিল্য কৰি দিল্লীৰ দাসত্ব (slaves to Delhi) বুলি অভিহিত কৰে ৷ এই কাৰ্যই তেলুগু লোকসকলৰ আত্মসন্মানত আঘাত কৰা বুলি একাংশ ৰাজনৈতিক নেতাই মন্তব্য প্ৰকাশ কৰিছে ৷
ইফালে ভিডিঅ'টো টুইট কৰি বান্দি সঞ্জয় কুমাৰে কয় যে বহুতো ভক্তই উপাসনাস্থলীত জোতা পৰিষ্কাৰ কৰি সেৱা আগবঢ়ায়, ই কি "দাসত্ব"ৰ সমান নেকি ? শ্বাহ এজন পিতৃসুলভ ব্যক্তি ৷ তেওঁক সেৱা কৰাটো একাংশই ডাঙৰ বিষয় হিচাপে বিবেচনা কৰিছে ৷ লগতে কুমাৰে অতীতৰ ঘটনাবোৰৰ কথা উল্লেখ কৰি কয় যে যেতিয়া পূৰ্বতে কিছুমান বিষয়াই মুখ্যমন্ত্ৰী কে চি আৰৰ ভৰি স্পৰ্শ কৰিছিল বা তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ ভৰি চুইছিল, সেইটোও 'দাসত্ব'ৰ সমান নেকি ?
লগতে পঢ়ক: গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ দাক্ষিণাত্যৰ জনপ্ৰিয় তাৰকা কনিষ্ঠ এন টি আৰৰ