নেশ্যনেল ডেস্ক,৭ এপ্ৰিল: সমগ্ৰ দেশতে কৰ'ণা মহামাৰীয়ে পুনৰবাৰ এক জটিল ৰূপ ধাৰণ কৰিছে । বিভিন্ন প্ৰান্তত ইতিমধ্যে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰ তথা প্ৰশাসনে । গুজৰাটত শেহতীয়াকৈ বৃদ্ধি পোৱা কৰ'ণা আক্ৰন্তৰ সংখ্যাই চিন্তাত পেলাইছে ৰাজ্য চৰকাৰক । ইয়াৰ পিছতে ৰাজ্যখনত নৈশ সান্ধ্য আইনৰ ঘোষণা মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ । মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশনা অনুসৰি বুধবাৰৰ পৰা ৩১ এপ্ৰিল পৰ্যন্ত অব্যাহত থাকিব নৈশ সান্ধ্য আইন । নিশা ৮ বজাৰ পুৱা ৬ বজালৈ কঠোৰ হ'ব প্ৰশাসন ।
ৰাজ্যখনৰ কেইবাখনো চহৰত জাৰি কৰা হৈছে এই নৈশ সান্ধ্য আইন । চহৰসমূহ ক্ৰমে-আহমেদাবাদ, চুৰাট, ৰাজকোট, বদোদৰা, জুনাগড়, গান্ধীনগৰ, জামনগৰ, ভাৱনগৰ, আনন্দ, নাদিয়াদ, মেহছানা, মৰ্বি, পাটান, গোধৰা, দাহোদ, ভূজ, গান্ধীধাম, ভাৰুচ, সুৰেন্দ্ৰ নগৰ আৰু আমৰেলী ।
নিৰ্দেশনা অনুসৰি বিবাহ অনুষ্ঠানত ১০০ গৰাকী ব্যক্তিকহে অনুমতি দিয়া হ'ব । বিশাল অনুষ্ঠানসমূহ ৩০ এপ্ৰিললৈ পিছুৱাই দিয়া হৈছে । চৰকাৰী কাৰ্যালয়সমূহ শনিবাৰৰ পৰা ৩০ এপ্ৰিললৈকে বন্ধ থাকিব । ক'ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকতো মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী ।
গুজৰাটত মঙলবাৰৰ দিনটোত ৩২৮০ গৰাকী নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত হয় । ২১৬৭ গৰাকীয়ে আৰোগ্য লাভ কৰাৰ লগতে কৰ'ণাৰ ফলত ১৭ গৰাকী লোকৰ মৃত্যু হৈছে । ৰাজ্যখনত বৰ্তমানলৈ কৰ'ণাত আক্ৰান্ত হৈছে ৩ লাখ ২৪ হাজাৰ ৮৭৮ গৰাকী । হাস্পতালৰ পৰা এতিয়ালৈ অব্যাহতি দিয়া হৈছে মুঠ ৩ লাখ ২ হাজাৰ ৯৩২ গৰাকী লোকক । ৰাজ্যখনত সক্ৰিয় ঘটনা আছে ১৭ হাজাৰ ৩৪৮ টা আৰু মুঠ মৃত্যু সংখ্যা হৈছে ৪ হাজাৰ ৫৯৮ টা ।
উল্লেখ্য যে, এদিন পূৰ্বে গুজৰাট উচ্চ ন্যায়ালয়ে এসপ্তাহৰ বাবে সান্ধ্য আইন জাৰি কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে । কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰক ৰাজনৈতিক সভা আয়োজন নকৰিবলৈও নিৰ্দেশ দিছে আদালতে ।
লগতে পঢ়ক: পুনৰ বিতৰ্কত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱট