ETV Bharat / bharat

মঙলবাৰ পৰ্যন্ত স্থগিত ৰখা হ'ল লোকসভা

পেগাছাছ, কৃষি আইন আৰু অন্যান্য বিষয়ক লৈ বিৰোধীয়ে সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি থকাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে দিনটোৰ বাবে লোকসভা(Lok Sabha) স্থগিত ৰখা হয় । মঙলবাৰে পুৱা ১১ বজাত পুনৰ সদনৰ কাম-কাজ আৰম্ভ হ'ব ।

Lok Sabha adjourned till Tuesday
মঙলবাৰ পৰ্যন্ত স্থগিত ৰখা হ'ল লোকসভা
author img

By

Published : Aug 9, 2021, 7:12 PM IST

নেশ্যনেল ডেস্ক, ৯ আগষ্ট : মঙলবাৰ পৰ্যন্ত স্থগিত ৰখা হৈছে লোকসভা । পেগাছাছ, কৃষি আইন আৰু অন্যান্য বিষয়ক লৈ বিৰোধী সাংসদে সদনত হুলস্থুল কৰি থকাৰ মাজতে সোমবাৰে ৫ বাৰ সদন স্থগিত ৰখা হয় । পুৱা ১১:৩০ বজাত, দুপৰীয়া ১২ বজাত, ১২:৩০ বজাত আৰু বিয়লি ২ বজালৈ স্থগিত ৰখা হয় সদন । শেষত মঙলবাৰ পৰ্যন্ত লোকসভা স্থগিত ৰখা হয় ।

মঙলবাৰে পুৱা ১১ বজাত পুনৰ সদনৰ কাম-কাজ আৰম্ভ হ'ব । সোমবাৰে আলোচনা অবিহনে লোকসভাত তিনিখন বিধেয়ক গৃহীত কৰা হয় । সেয়া হৈছে- "সীমিত দায়বদ্ধতা অংশীদাৰিত্ব (সংশোধনী) বিধেয়ক ২০২১(Limited Liability Partnership)", "জমা বীমা আৰু ঋণ গেৰাণ্টি নিগম (সংশোধনী) বিধেয়ক ২০২১", আৰু "সংবিধানিক(অনুসূচীত জনজাতি) আদেশ (সংশোধনী) বিধেয়ক, ২০২১" ।

চৰকাৰে সংবিধান(সংশোধনী) বিধেয়ক ২০২১, ৰাষ্ট্ৰীয় হোমিঅ'পেথি আয়োগ(সংশোধনী) বিধেয়ক ২০২১ আৰু ভাৰতীয় ঔষধ ব্যৱস্থা (সংশোধনী)ৰ ৰাষ্ট্ৰীয় আয়োগ বিধেয়ক ২০২১ সোমবাৰে নিম্ন সদনত উত্থাপন কৰে ।

আনহাতে, ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গেই সোমবাৰে কয় যে, সকলো বিৰোধী দলে সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত পিছপৰা শ্ৰেণী চিনাক্ত কৰাৰ বাবে ৰাজ্যসমূহক ক্ষমতা ঘূৰাই দিয়াৰ বাবে সোমবাৰে সংসদত উত্থাপন কৰা সংবিধান (সংশোধনী) বিধেয়ক ২০২১ সমৰ্থন কৰিব ।

নতুনকৈ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা কেন্দ্ৰীয় মন্ত্ৰীসকলক সংসদত পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত বিৰোধীয়ে সদায়েই হূলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । যোৱা ১৯ জুলাইত বৰ্ষাকালীন অধিৱেশন আৰম্ভ হৈছিল । ১৩ আগষ্টলৈকে এই অধিৱেশন চলিব । অৱশ্যে পেগাছাছ, কৃষি আইন আদিক লৈ বিৰোধীয়ে প্ৰতিবাদো সাব্যস্ত কৰি আছে ।

লগতে পঢ়ক : সামুদ্ৰিক সুৰক্ষা সন্দৰ্ভত UNSC ৰ বৈঠকত অধ্যক্ষতা নৰেন্দ্ৰ মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.