ETV Bharat / bharat

Omicron infection in India : কেন্দ্ৰই ১০ খনত ৰাজ্যত মোতায়েন কৰিব Multi-disciplinary team - ভাৰতত বৃদ্ধি পাইছে অ'মিক্ৰণৰ সংক্ৰমণ

ক্ৰমান্বয়ে ভাৰতত বৃদ্ধি পাইছে ক'ভিডৰ নতুন ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণ । আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেশৰ ১০ ৰাজ্যত Multi-disciplinary team নিয়োজিত কৰাৰ সিদ্ধান্ত লৈছে । শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সংবাদ বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে(Centre to deploy multi-disciplinary teams in 10 states) ।

Amid Omicron scare
কেন্দ্ৰই ১০ খনত ৰাজ্যত মোতায়েন কৰিব Multi disciplinary team
author img

By

Published : Dec 25, 2021, 4:25 PM IST

নেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ: ভাৰতৰ ১৬ খন ৰাজ্য আৰু ১ খন কেন্দ্ৰীয় শাসিত অঞ্চলত বৰ্তমান কৰ'ণাৰ নতুন ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । এতিয়ালৈকে দেশত ৪১৫ জন লোক আক্ৰান্ত হৈছে অ'মিক্ৰণৰ দ্বাৰা(Omicron cases in India) । সংক্ৰমণ ৰোধৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও ভয়াৱহতা দূৰ হোৱা নাই । বিদেশৰ পৰা উভতি অহা একাংশ লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰণৰ অৱস্থিতি ।

এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেশৰ কেইখনমান ৰাজ্যত Multi-disciplinary team মোতায়েন কৰাৰ সিদ্ধান্ত লৈছে । শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বিবৃতিযোগে প্ৰকাশ কৰিছে যে, দেশৰ ১০ খন ৰাজ্যক ইতিমধ্যে বাছনি কৰি উলিওৱা হৈছে আৰু এই ৰাজ্যকেইখনতে Multi-disciplinary team নিয়োজিত কৰা হ'ব(Multi disciplinary Central teams to be deployed) । যিবোৰ ৰাজ্যত অ'মিক্ৰণ আক্ৰান্তৰ সংখ্যা বেছি অথবা টীকাকৰণ লেহেমীয়া গতিত চলিছে, সেই ৰাজ্যবোৰত কেন্দ্ৰৰ এই বিশেষ দল মোতায়েন কৰা হ'ব ।

কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি হৈ থকা ৰাজ্যক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । কেৰালা, মহাৰাষ্ট্ৰ, তামিলনাডু, পশ্চিমবংগ, মিজোৰাম, কৰ্ণাটক, বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু পঞ্জাৱত Multi-disciplinary team নিয়োজিত কৰা হ'ব । এই দলবোৰ ৰাজ্যসমূহত ৩-৫ দিনৰ বাবে নিয়োজিত হৈ থাকিব আৰু ৰাজ্যিক স্বাস্থ্য বিভাগৰ সৈতে কাম কৰিব ।

মন্ত্ৰালয়ে জনোৱা মতে, এই দলবোৰে বিশেষকৈ কন্টেক্ট ট্ৰেচিঙৰ দিশটো নিৰীক্ষণ কৰিব । লগতে সাধাৰণ ক'ভিড-১৯ পৰীক্ষা আৰু জিনোম ছিকুৱেন্সিং আদিও সঠিকভাৱে সম্পন্ন হোৱাটো এই দলবোৰে নিশ্চিত কৰিব । জিনোম ছিকুৱেন্সিঙৰ বাবে পৰ্যাপ্ত নমুনা আইএনএছএচিঅজি নেটৱৰ্কলৈ প্ৰেৰণ কৰা হৈছে নে নাই সেয়াও দলবোৰে নিশ্চিত কৰিব । ৰাজ্যসমূহত ক'ভিড প্ৰট'কল মানি চলা, চিকিৎসালয়ত বিচনা, এম্বুলেন্স, ভেণ্টিলেটৰ, চিকিৎসা অক্সিজেন আদিৰ উপলব্ধতা আৰু ক'ভিড-১৯ৰ টীকাকৰণৰ অগ্ৰগতিৰ দিশটোও এই দলবোৰে নিৰীক্ষণ কৰিব লাগিব ।

ৰাজ্যিক পৰ্যায়ৰ কেন্দ্ৰীয় দলবোৰে মহামাৰীসৃষ্ট পৰিস্থিতিৰ মূল্যাংকন কৰিব আৰু প্ৰতিকাৰমূলক পদক্ষেপ গ্ৰহণৰ বাবে পৰামৰ্শ আগবঢ়াব(Covid-19 infection in India) । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৰা জনস্বাস্থ্যৰে জড়িত কাৰ্যকলাপৰ বিষয়ে প্ৰতি সন্ধিয়া ৭ বজাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৭,১৮৯ জন লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে ।

লগতে পঢ়ক:Omicron Case in India: পুনৰ জাৰি সান্ধ্য আইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.