ETV Bharat / bharat

ড্ৰাগছসহ গ্ৰেপ্তাৰ আমেৰিকান গট টেলেন্টৰ জনপ্ৰিয় মুখ জগদীপ সিং - America Got Talent season 14

Jagdeep singh arrested: শুকুৰবাৰে পঞ্জাৱ আৰক্ষীয়ে তৰ্ণ তৰণত গ্ৰেপ্তাৰ কৰে প্ৰাক্তন কনিষ্টবল জগদীপ সিঙক । লগতে উদ্ধাৰ কৰিছে ৫০০ গ্ৰাম হেৰ’ইন । উচ্চতাৰ বাবে বিখ্যাত সিঙে আমেৰিকাৰ গট টেলেণ্টৰ ছিজন ১৪ত অংশ গ্ৰহণ কৰিছিল ।

Punjab Police
jagdeep singh arrested
author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 9:41 PM IST

নিউজ ডেস্ক, ১৫ নৱেম্বৰ: শুকুৰবাৰে পঞ্জাৱ আৰক্ষীয়ে ৭.৬ ফুট ওখ পঞ্জাৱ আৰক্ষীৰ প্ৰাক্তন কনিষ্টবল জগদীপ সিঙক হেৰ’ইনসহ পঞ্জাৱৰ তৰ্ণ তৰণত গ্ৰেপ্তাৰ কৰে । দীপ সিং নামেৰেও পৰিচিত জগদ্বীপ ৷ ৰাজ্যিক বিশেষ অভিযান কোষৰ দলটোৱে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে প্ৰাক্তন কনিষ্টবলজনৰ আন দুজন সহযোগীকো গ্ৰেপ্তাৰ কৰিছে ।

৭.৬ ফুটৰ আকৰ্ষণীয় উচ্চতাৰ বাবে পৰিচিত সিঙে পশ্চিমীয়া দেশৰ আটাইতকৈ চৰ্চিত ৰিয়েলিটি শ্ব’- আমেৰিকাৰ গট টেলেণ্ট ছিজন ১৪ত অংশগ্ৰহণ কৰাৰ পিছত অন্যতম জনপ্ৰিয় মুখ হৈ পৰিছিল ৷ য’ত তেওঁ পূৰ্বৰ আত্মৰক্ষাৰ এক কৌশল গটকা খেল পৰিবেশন কৰিছিল ।

খবৰ অনুসৰি অভিযুক্তসকলক আদালতত হাজিৰ কৰোৱা হ’ব আৰু তাৰ পিছত তেওঁলোকক ৰিমাণ্ডত ৰাখি সোধা-পোছা কৰা হ’ব । এই গোচৰ সন্দৰ্ভত কৰ্তৃপক্ষই অধিক কাৰ্যবিধি আৰম্ভ কৰিছে ৷ জগদীপে নিজৰ গাড়ীৰ সন্মুখত পঞ্জাৱ আৰক্ষীৰ ষ্টীকাৰ লগাই ৰাখিছিল যাৰ বাবে সীমান্তৰ গেটত তেওঁক কেতিয়াও তালাচী কৰা হোৱা নাছিল । ইয়াৰ সুযোগ লৈ তেওঁ নিজৰ পদবীটোৰ অপব্যৱহাৰ কৰিছিল আৰু ড্ৰাগছ সৰবৰাহৰ লগত জড়িত বুলি অভিযোগ উঠিছিল ।

ৰাজ্যিক বিশেষ অভিযান কোষে সীমান্তৰ সিপাৰে ৫০০ গ্ৰাম হেৰ’ইন ডেলিভাৰী কৰাৰ তথ্য লাভ কৰে । ইয়াৰ পিছত আৰক্ষীয়ে তৰ্ণ তৰণত চোৰাংচোৱা অভিযান চলাই অভিযুক্তই নিজৰ বলেৰ’ৰে তাত উপস্থিত হয় । আৰক্ষীয়ে তেওঁক ধৰাৰ লগতে ৫০০ গ্ৰাম হেৰ’ইনো উদ্ধাৰ কৰে ।

ইতিমধ্যে ব্যতিক্ৰমী উচ্চতাৰ বাবে দীপ বিখ্যাত আছিল যদিও ছবি আৰু ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ অধিক জনপ্ৰিয়তা লাভ কৰিছিল । আমেৰিকালৈ যোৱাৰ কথা আছিল যদিও তাৰ আগতেই তেওঁক আৰক্ষীয়ে আটক কৰি ৰাখিছিল । এতিয়া তেওঁক আৰক্ষীয়ে আদালতত হাজিৰ কৰিব ।

লগতে পঢ়ক: মণিপুৰত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী আৰু অস্ত্ৰ-শস্ত্ৰ; দুই অপহৃত শ্ৰমিককো উদ্ধাৰ নিৰাপত্তা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.