নেশ্যনেল ডেস্ক, ২৯ এপ্ৰিল : ক'ভিড-১৯ মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ শেষকৃত্য সম্পন্ন হোৱাৰ দৃশ্যই এতিয়া প্ৰতিজন লোকৰে চকু সেমেকাই তুলিছে । কোনো লোকৰ শেষকৃত্য সম্পন্ন কৰিবলৈ শ্মশানত বিচাৰি পোৱা নাই ঠাই । ঘণ্টাৰ পিছত ঘণ্টা ধৰি শ্মশানৰ বাহিৰত অপেক্ষা কৰিছে আত্মীয়ই । আনহাতে, কোনো লোকৰ মৃতদেহ কঢ়িয়াই অনা হৈছে আৱৰ্জনা কঢ়িওৱা বাহনত । মুঠতে এক অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে সমগ্ৰ দেশতে ।
বাংগালুৰুতো দেখা গৈছে তেনে এক কৰুণ দৃশ্য । ক'ভিড ৰোগীৰ মৃতদেহেৰে ভৰি পৰিছে বাংগালুৰুৰ শ্মশান । বৃহস্পতিবাৰে বাংগালুৰুত ক'ভিড-১৯ ৰ ফলত ১৩৭ জনৰো অধিক লোকৰ মৃত্যু হৈছে । বাংগালুৰুৰ সুমানহাল্লি শ্মশানত ১৪ খন এম্বুলেন্সে মৃতদেহ কঢ়িয়াই শেষকৃত্য সম্পন্নৰ বাবে শাৰী পাতি থকা এক হৃদয় বিদাৰক দৃশ্য পৰিলক্ষিত হৈছে । বুধবাৰেও ২৫ টাকৈ মৃতদেহৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল । সুমানহাল্লি শ্মশান চণ্ডালসকলে পুৱা ১২ বজাৱলৈকে শেষকৃত্য সম্পন্নৰ কাম কৰিয়েই আছে । কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুত চিকিৎসালয়সমূহৰ বিচনাৰ অভাৱ, অক্সিজেনৰ অভাৱ, আৰু শ্মশানৰ ঠাই শেষ হোৱাৰ ফলত একপ্ৰকাৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক: ৫৭৭ জন শিক্ষকৰ মৃত্যু: নিৰ্বাচনী আয়োগৰ কাষ চাপিল ইউনিয়ন