নিউজ ডেস্ক, ২৮ এপ্ৰিল : নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনে (Nobel laureate economist Amartya Sen) অৱশেষত বিশ্ব ভাৰতীয়ে উচ্ছেদ চলোৱাৰ চেষ্টা কৰাৰ অভিযোগ তুলি আদালতৰ দুৱাৰত টোকৰ মাৰিছে । বৃহস্পতিবাৰে চুৰি জিলা আদালতত এই সন্দৰ্ভত এখন আবেদন দাখিল কৰা হয় আৰু ইয়াৰ শুনানি ১৫ মে'ত হ'ব (Amartya Sen petition against Visva Bharati) । অৱশ্যে বিশ্ব ভাৰতী কৰ্তৃপক্ষই অমৰ্ত্য সেনক এক জাননী জাৰি কৰি অহা ৬ মে'ত ভূমি খালী কৰাৰ বাবে সময়সীমা বান্ধি দিয়া বুলি উল্লেখ কৰে ।
বিশ্ব ভাৰতীৰ মতে, নোবেল বঁটা বিজয়ী অমৰ্ত্য সেনৰ শান্তি নিকেতনৰ ঘৰ 'প্ৰতিশী'ত ১৩ ডেচিমেল অতিৰিক্ত ভূমি আছে । বিশ্ব ভাৰতী কৰ্তৃপক্ষই অমৰ্ত্য সেনলৈ কেইবাবাৰো এই মাটি ঘূৰাই বিচাৰি পত্ৰ লিখিছিল । আনকি তেওঁক "ভূমি দখলকাৰী" বুলিও অভিহিত কৰা হৈছিল (Amartya Sen land controversy) ।
উল্লেখ্য, বিশ্ব ভাৰতীৰ উপাচাৰ্য (Vice Chancellor of Visva Bharati) বিদ্যুৎ চক্ৰৱৰ্তীয়ে বিভিন্ন অনুষ্ঠানত ভাষণ দি ভাৰত ৰত্ন অমৰ্ত্য সেনক আক্ৰমণ কৰি আহিছে (Bharat Ratna Amartya Sen) । ইয়াৰ উপৰি বিশ্ব ভাৰতী কৰ্তৃপক্ষই অমৰ্ত্য সেনৰ 'প্ৰতিশী' ঘৰৰ গে'টত এখন জাননী ওলোমাই দিয়ে আৰু তেওঁক ৬ মে'ৰ ভিতৰত উক্ত মাটিখিনি খালী কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে অধ্যাপক অমৰ্ত্য সেনক এক সতৰ্কবাণী জাননীও জাৰি কৰা হৈছে যে বিশ্ব ভাৰতী কৰ্তৃপক্ষই এই ক্ষেত্ৰত প্ৰয়োজন হ'লে বল প্ৰয়োগ কৰিব ।
আনহাতে, তৃষা ৰাণী ভট্টাচাৰ্য নামৰ এগৰাকী প্ৰাক্তন ছাত্ৰীয়ে শান্তি নিকেতন আৰক্ষী থানাত অভিযোগ দাখিল কৰি অমৰ্ত্য সেনৰ পিছফালে লাগি থকা উপাচাৰ্য, কাৰ্যকৰী সচিব আৰু জনসম্পৰ্ক বিষয়াক 'বিশ্বাসঘাতক' বুলি অভিহিত কৰিছে । আনকি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও সতৰ্ক কৰি দিছে যে যদি অমৰ্ত্য সেনৰ ঘৰ ভাঙি পেলোৱা হয় তেন্তে তেওঁ ধৰ্ণাত বহিব ।
বৰ্তমান নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনে ভূমি সমস্যা সন্দৰ্ভত আদালতৰ কাষ চাপি অভিযোগ কৰিছিল যে, বিশ্ব ভাৰতী কৰ্তৃপক্ষই তেওঁক উদ্দেশ্য প্ৰণোদিতভাৱে উচ্ছেদ কৰিবলৈ চেষ্টা কৰি আছে । এই সন্দৰ্ভত তেওঁ বৃহস্পতিবাৰে চুৰি জিলা আদালতত এখন আবেদন দাখিল কৰে । অধিবক্তা সৌমেন মুখাৰ্জী আৰু গোচন্দ চক্ৰৱৰ্তীয়ে অমৰ্ত্য সেনৰ হৈ গোচৰটো ৰুজু কৰে ।
লগতে পঢ়ক :Section 144 imposed in Manipur : মণিপুৰত সান্ধ্য আইন জাৰি, ইণ্টাৰনেট কৰ্তন