ETV Bharat / bharat

ৰাজহুৱাকৈ ক্ষমা নিবিচৰালৈকে নৱজ্যোত সিং সিদ্ধুক সাক্ষাৎ নকৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে - ৰবীন থুকৰালৰ টুইট

এতিয়াও অন্ত পৰা নাই পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং(Amarinder Singh) আৰু পঞ্জাৱ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি নৱজ্যোত সিং সিদ্ধু(Navjot Singh Sidhu)ৰ মাজৰ বাকযুদ্ধ । মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা ৰবীন থুকৰালে(Raveen Thukral) কয় যে, ছ'চিয়েল মিডিয়াত ব্যক্তিগতভাৱে আক্ৰমণ কৰি অপমানজনক মন্তব্য কৰাৰ বাবে সিদ্ধুৱে ৰাজহুৱাকৈ ক্ষমা নিবিচৰালৈকে মুখ্যমন্ত্ৰীয়ে তেওঁক সাক্ষাৎ নকৰে । নৱজ্যোত সিং সিদ্ধুৱে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ বিচৰিছে বুলি প্ৰচাৰ হোৱা খবৰ মিছা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টাগৰাকীয়ে ।

Punjab CM will not meet Sidhu till he apologises for personal attacks
ৰাজহুৱাকৈ ক্ষমা নিবিচৰালৈকে নৱজ্যোৎ সিং সিদ্ধুক সাক্ষাৎ নকৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে
author img

By

Published : Jul 21, 2021, 10:09 AM IST

নেশ্যনেল ডেস্ক, ২১ জুলাই : পঞ্জাৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতো এই পৰ্যন্ত মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং(Amarinder Singh)ক সাক্ষাৎ কৰা নাই নৱজ্যোত সিং সিদ্ধু(Navjot Singh Sidhu)ৱে । সিদ্ধুৱে মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙক সাক্ষাৎ কৰাৰ সম্ভাৱনা থকা বুলি প্ৰচাৰ হৈ থকা খবৰক মিছা আখ্যা দি কেপ্টেইন সিঙৰ মিডিয়া উপদেষ্টা ৰবীন থুকৰালে কয় যে, ছ'চিয়েল মিডিয়াত ব্যক্তিগতভাৱে আক্ৰমণ কৰি অপমানজনক মন্তব্য কৰাৰ বাবে সিদ্ধুৱে ৰাজহুৱাকৈ ক্ষমা নিবিচৰালৈকে মুখ্যমন্ত্ৰীয়ে তেওঁক সাক্ষাৎ নকৰে । টুইটযোগে তেওঁ কয় যে, নৱজ্যোৎ সিং সিদ্ধুৱে পঞ্জাৱৰ মুখ্যমন্ত্ৰীক লগ কৰিবলৈ সময় বিচৰা বুলি প্ৰচাৰ হোৱা খবৰ সম্পূৰ্ণ মিছা । সিদ্ধুৱে এতিয়াও মুখ্যমন্ত্ৰীক সাক্ষাতৰ সময় বিচৰা হোৱা নাই । সিদ্ধুৱে ৰাজহুৱাকৈ ক্ষমা নিবিচৰালৈকে এই স্থিতিৰ পৰিৱৰ্তন নহয় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।

পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে দায়িত্ব লোৱাৰ পাছতে নৱজ্যোত সিং সিদ্ধুক পঞ্জাৱৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ব্ৰহ্ম মহিন্দ্ৰই আদৰণি জনাইছিল । কিন্তু পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ সৈতে সমস্যা সমাধান নকৰালৈকে নৱজ্যোত সিং সিদ্ধুৰ সৈতে ব্যক্তিগত বৈঠকত মিলিত নহয় বুলি স্পষ্ট কৰি দিয়ে । এক বিবৃতিযোগে ব্ৰহ্ম মহিন্দ্ৰই কয় যে, সিদ্ধুক নিযুক্তি দিয়াৰ সিদ্ধান্ত হাইকমাণ্ডে লৈছে আৰু সেয়ে এই সিদ্ধান্তক আদৰণি জনোৱা হৈছে । লগতে মহিন্দ্ৰই কয় যে, কেপ্টেইন অমৰিন্দৰ সিং কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা আৰু সেয়ে, মহিন্দ্ৰই অমৰিন্দৰ সিঙৰ পক্ষত থাকি কাম কৰাতো তেওঁৰ দায়িত্ব ।

চি এল পি নেতা হোৱাৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকী কেবিনেটৰ মুৰব্বী । সেয়ে, কেবিনেটৰ মুৰব্বী লগত হোৱা সমস্যা প্ৰথমে সমাধান কৰা উচিত বুলি তেওঁ মন্তব্য কৰে ।

আনহাতে, নৱজ্যোত সিং সিদ্ধুৱে বিগত সময়চোৱাত মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছিল । মুখ্যমন্ত্ৰীক সমালোচনা কৰাৰ নামত ছ'চিয়েল মিডিয়াত অপমানজনক পোষ্ট কৰিছিল বুলিও সিদ্ধুৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে । আনহাতে, দেওবাৰে সন্ধিয়া সিদ্ধুক পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয় । ইয়াৰ পাছতে দলৰে একাংশ সমৰ্থকে ক'লা পতাকা প্ৰদৰ্শন কৰি হাইকামাণ্ডৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰে ।

লগতে পঢ়ক:নৱজ্যোৎ সিং সিদ্ধুক ক'লা পতাকা প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.