ETV Bharat / bharat

বুধবাৰে নতুন দল ঘোষণা কৰাৰ সম্ভাৱনা অমৰিন্দৰ সিঙৰ - পঞ্জাৱৰ ৰাজনীতি

যোৱা সপ্তাহত কংগ্ৰেছ দলক বিদায় জনাই অমৰিন্দৰ সিঙে নিজস্ব ৰাজনৈতিক দল মুকলি কৰাৰ কথা ঘোষণা কৰিছিল ৷ সাধাৰণ জনতাৰ লগতে এটা বছৰে নিজৰ অধিকাৰৰ বাবে তেওঁৰ দলটোৱে সেৱা আগবঢ়াব বুলি কৈছিল অমৰিন্দৰ সিঙে ৷

Amarinder may launch political party on Wednesday
বুধবাৰে নতুন দল ঘোষণা কৰাৰ সম্ভাৱনা অমৰিন্দৰ সিঙে
author img

By

Published : Oct 26, 2021, 1:41 PM IST

নেশ্যনেল ডেস্ক, 26 অক্টোবৰ : বুধবাৰে পঞ্জাৱৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে ঘোষণা কৰিব পাৰে নতুন ৰাজনৈতিক দলৰ নাম ৷ এই সন্দৰ্ভত ইংগিত প্ৰদান কৰে প্ৰেছ উপদেষ্টা ৰবীন থকৰালে ৷ থকৰালে চণ্ডীগড়ত মঙলবাৰে সংবাদ মাধ্যমক সম্বোধন কৰাৰ সময়তে এই ইংগিত স্পষ্ট হৈ পৰে ৷

যোৱা সপ্তাহত কংগ্ৰেছক বিদায় জনাই অমৰিন্দৰ সিঙে নিজৰ ৰাজনৈতিক দল মুকলি কৰাৰ কথা ঘোষণা কৰিছিল ৷ বিগত এবছৰে সাধাৰণ জনতাৰ লগতে নিজৰ অধিকাৰৰ বাবে তেওঁৰ দলটোৱে সেৱা আগবঢ়াব বুলি কৈছিল অমৰিন্দৰ সিঙে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, যদি কৃষকসকলৰ সমস্যাসমূহ তেওঁলোকৰ স্বাৰ্থত সমাধান কৰা হয়, তেন্তে ৰাজ্যখনত অহা বছৰৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সৈতে আসনৰ ভাগ-বতৰাৰ ব্যৱস্থা কৰাত তেওঁ আশাবাদী ।

যোৱা 18 ছেপ্তেম্বৰত পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পূৰ্বে কেপ্তেইন অমৰিন্দৰ সিং কংগ্ৰেছ দলৰ পৰা দুবাৰকৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে ৷ ইয়াৰ উপৰিও তেওঁ তিনিবাৰকৈ পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷

লগতে পঢ়ক : দিল্লীৰ সীমাপুৰীত ভয়ংকৰ অগ্নিকাণ্ড, নিহত 4

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.