ETV Bharat / bharat

Amar Jawan Fuels: শ্বহীদৰ পৰিয়ালৰ বাবে উৎসৰ্গিত এটা পেট্ৰ'ল পাম্প - Amar Jawan Fuels in Raipur

গণৰাজ্য দিৱসৰ বিশেষ ক্ষণত ছট্টিশগড়ৰ ৰায়পুৰৰ অমৰ জোৱান ফুৱেলছ নামৰ পেট্ৰ'ল পাম্পটোৱে বিশেষ চৰ্চা লাভ কৰিছে (Amar Jawan Fuels in Raipur)। বিগত দুবছৰ ধৰি শ্বহীদ সৈনিকসকলৰ পৰিয়ালক সহায় কৰি আহিছে পেট্ৰ'ল পাম্পটোৱে । শ্বহীদ পৰিয়ালৰ সন্তানৰ শিক্ষা আৰু বিয়াৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে অমৰ জোৱান ফুৱেলছে ।

Amar Jawan Fuels
শ্বহীদৰ পৰিয়ালৰ বাবে উছৰ্গিত এটা পেট্ৰ'ল পাম্প
author img

By

Published : Jan 26, 2023, 11:49 AM IST

Updated : Jan 26, 2023, 12:46 PM IST

নেশ্যনেল ডেস্ক,২৬ জানুৱাৰী : আজি দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস (74th Republic Day)। দেশৰ প্ৰতিটো প্ৰান্ততে এই দিৱস পালন কৰা হৈছে । দেশৰ এই বিশেষ দিনটোক উৎসাহেৰে উদযাপন কৰিছে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে । ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ ভাৰতৰ সংবিধান গৃহীত হোৱা দিনটোক সকলোৱে স্মৰণ কৰা দেখা গৈছে । লাখ লাখ ভাৰতীয়ই গণৰাজ্য দিৱসৰ কুচ-কাৱাজৰ সময়ত ভাৰতীয় সেনা, নৌসেনা আৰু বায়ু সেনাৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ সাক্ষী হৈ দেশপ্ৰেমৰ অনুভূতি জাগ্ৰত কৰিছে ।

এনে এক সময়তে বিশেষভাৱে চৰ্চা লাভ কৰিছে ছট্টিশগড়ৰ এটা পেট্ৰ'ল পাম্পে । দেশপ্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰিছে ধাৰচিৱা গাঁৱৰ ৰায়পুৰ-বিলাসপুৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা অমৰ জোৱান পেট্ৰ'ল পাম্পে (Amar Jawan Fuels in Dharsiwa)। বিগত দুবছৰ ধৰি এই পেট্ৰ'ল পাম্পটো চৰ্চাত আছে ।

কিয়নো এই পেট্ৰ'ল পাম্পটো শ্বহীদসকলৰ পৰিয়ালৰ বাবে সমৰ্পিত (Petrol pump dedicated to families of martyrs)। এই পেট্ৰ'ল পাম্পৰ পৰা হোৱা উপাৰ্জন শ্বহীদসকলৰ সন্তানৰ শিক্ষা আৰু বিয়াৰ বাবে ব্যৱহাৰ কৰা হয় । অমৰ জোৱান ফুৱেলছ নামৰ পেট্ৰ'ল পাম্পটোৰ সঞ্চালক হৰিশ ভাই যোশীয়ে ইটিভি ভাৰতক জনোৱা মতে আমাৰ দেশৰ বীৰ সৈনিকসকলে আমাক সুৰক্ষা দিয়াৰ স্বাৰ্থত প্ৰাণ আহুতি দিছে । সেয়ে আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য হৈছে আমাৰ কৰ্মৰ জৰিয়তে এই শ্বহীদ সৈনিকসকলৰ পৰিয়ালক সহায় কৰা । সেয়ে তেওঁলোকৰ এই মহান উদ্দেশ্যত সমৰ্থন জনাবলৈ দেশৰ প্ৰতিগৰাকী নাগৰিকে তেওঁ আহ্বান জনায় ।

যোশীয়ে কোৱা মতে পেট্ৰ'ল পাম্পৰ উপাৰ্জনৰ এটা টকাও ঘৰলৈ নাযায় । তেওঁলোকে গ্ৰাহকসকলক সকলো ধৰণৰ সুবিধা প্ৰদান কৰে আৰু বাকী উপাৰ্জন শ্বহীদ সৈনিকসকলৰ সন্তানৰ বিবাহ আৰু শিক্ষাৰ ব্যয়ৰ বাবে খৰছ কৰা হয় ।

সঞ্চালকগৰাকীয়ে জনোৱা মতে তেওঁলোকে গ্ৰাহকসকলক অতিথি হিচাপে গণ্য কৰে । গ্ৰাহকসকলক চাহ আৰু কফি দিয়াৰ লগতে বিনামূলীয়াকৈ বাহনৰ চকাৰ বাবে এয়াৰ আৰু বাহনখন পৰিষ্কাৰ কৰাৰ সুবিধাও প্ৰদান কৰে । যাতে গ্ৰাহকসকল সন্তুষ্ট হয়, তাৰ প্ৰতি গুৰুত্ব দিয়া হয় ।

যোশীয়ে উল্লেখ কৰা মতে যোৱা দুবছৰ ধৰি পেট্ৰ'ল পাম্পটো এনেদৰে চলি আছে । এই সময়ছোৱাত তেওঁলোকে শ্বহীদৰ সন্তানক তেওঁলোকৰ উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত সহায় কৰিছে । তেওঁলোকে শিক্ষাৰ্থীসকলৰ মাচুল পোনপটীয়াকৈ প্ৰতিষ্ঠানত জমা কৰে । তেওঁ জনোৱা মতে এতিয়ালৈকে পেট্ৰ'ল পাম্পটোৱে শ্বহীদসকলৰ ৪ৰ পৰা ৫ টা পৰিয়ালক সহায় কৰিছে ।

যোশীয়ে লগতে কয় যে এয়া কেৱল তেওঁলোকৰ ব্যৱসায়ে নহয় । এয়া এক সেৱা, যাক দেশৰ প্ৰতি দায়িত্ব হিচাপে তেওঁলোকে আগবঢ়াইছে (Amar Jawan Fuels in Raipur)। ভৱিষ্যতে, তেওঁলোকে এখন ৰেষ্টুৰেণ্ট আৰু ই-চাৰ্জিং ষ্টেচন স্থাপন কৰাৰো পৰিকল্পনা কৰিছে । ৰেষ্টুৰেণ্টখনৰো নাম 'অমৰ জোৱান কোঠি' ৰখা হ'ব বুলি তেওঁ উল্লেখ কৰে, য'ত সৈনিকসকলক বিনামূলীয়াকৈ খাদ্য যোগান ধৰা হ'ব । ইফালে গণৰাজ্য দিৱসৰ দিনটোত এই পেট্ৰ'ল পাম্পটোৱে সকলোতে চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক :National Voters Day Beautiful Sand art: পুৰীৰ সাগৰৰ তীৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ বলুকা ভাস্কৰ্য

Last Updated : Jan 26, 2023, 12:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.