ETV Bharat / bharat

মন্ত্ৰীক বাসগৃহত প্ৰতিষেধক প্ৰদান কৰি নিলম্বিত স্বাস্থ্য বিষয়া - নিলম্বিত স্বাস্থ্য বিষয়া

স্বাস্থ্য কেন্দ্ৰৰ পৰিৱৰ্তে মন্ত্ৰীৰ বাসগৃহলৈ গৈ ক'ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কৰি নিলম্বিত হ'ল কৰ্ণাটকৰ হাভেৰিৰ স্বাস্থ্য বিষয়া ডা০ জেদ আৰ মাকাণ্ডাৰ । কৃষি মন্ত্ৰী বি চি পেটেলক প্ৰতিষেধক প্ৰদান কৰিবলৈ তেওঁৰ ঘৰলৈ গৈছিল স্বাস্থ্য বিষয়াগৰাকী ।

কৰ্ণাটকত মন্ত্ৰীক বাসগৃহতে ক'ভিড প্ৰতিষেধক প্ৰদান কৰি নিলম্বিত স্বাস্থ্য বিষয়া

author img

By

Published : Apr 2, 2021, 7:00 PM IST

নেশ্যনেল ডেস্ক, ২ এপ্ৰিল: ক'ভিড-১৯ৰ প্ৰতিষেধক প্ৰদানৰ বাবে নিৰ্ধাৰিত নীতি-নিৰ্দেশনা উলংঘন কৰি ৰোষত পৰিল কৰ্ণাটকৰ এগৰাকী স্বাস্থ্য বিষয়া । কৰ্ণাটকৰ কৃষি মন্ত্ৰী বি চি পেটেল আৰু তেওঁৰ পত্নীক তেওঁলোকৰ হাভেৰিস্থিত বাসগৃহলৈ গৈ প্ৰতিষেধক দিছিল স্বাস্থ্য বিষয়া ড০ জেদ আৰ মাকাণ্ডাৰে ।

ইয়াৰ পিছতে স্বাস্থ্য বিষয়াগৰাকীক নিলম্বন কৰা হয় । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সেৱাৰ আয়ুক্ত ডা০ ত্ৰিলোক চন্দ্ৰই স্বাস্থ্য বিষয়াগৰাকীক নিলম্বনৰ নিৰ্দেশ দিয়ে । যোৱা ২ মাৰ্চত মন্ত্ৰী আৰু তেওঁৰ পত্নী প্ৰতিষেধক প্ৰদান কৰিছিল বিষয়াগৰাকীয়ে । নিৰ্ধাৰিত নিয়ম অনুসৰি, নাগৰিকসকলক কেৱল স্বাস্থ্য সেৱা কেন্দ্ৰতহে টীকাকৰণ কৰা হয় । কিন্তু স্বাস্থ্য বিষয়াগৰাকীয়ে এই নিয়ম উলংঘা কৰিছিল ।

শেহতীয়াকৈ হাভেৰি জিলা কৰ্তৃপক্ষয়ো ডা০ মাকান্দাৰলৈ এক জাননী জাৰি কৰিছে । প্ৰতিষেধক গ্ৰহণ কৰি বি চি পেটেলে টুইটযোগে এট পোষ্ট শ্বেয়াৰ কৰিছিল আৰু লিখিছিল যে, উক্ত দিনা তেওঁ আৰু তেওঁৰ পত্নী নিজৰ ঘৰতে চৰকাৰী চিকিৎসকৰ দ্বাৰা টীকাকৰণ কৰাইছে ।

লগতে পঢ়ক:পুলৱামাত নিৰাপত্তাবাহিনীৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.