নেশ্যনেল ডেস্ক,12 মে’ : নিৰ্বাচন আয়োগ, উচ্চ ন্যায়ালয় আৰু চৰকাৰে কিছুসংখ্যক ৰাজ্য আৰু উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত কৰ’ণা সংক্ৰমণৰ ভয়াৱহতাৰ পৰিমাণ অনুমান কৰাত ব্যৰ্থ হৈছে ৷ এই মন্তব্য কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে ৷
আদালতে কয় যে, বিগত বৰ্ষত হোৱা কৰ’ণাৰ প্ৰথমটো ঢৌ গ্ৰাম্য অঞ্চললৈ সংক্ৰমিত হোৱা নাছিল ৷ কিন্তু এইবেলি দ্বিতীয়টো ঢৌ গ্ৰাম্য অঞ্চলতো বিয়পি পৰা পৰিলক্ষিত হৈছে ৷
ইফালে চহৰ অঞ্চলতেই সংক্ৰমণ নিয়ন্ত্ৰণ কৰাত চৰকাৰ একেবাৰে অসন্তুষ্ট হৈ পৰিছে । এই ক্ষেত্ৰত গ্ৰাম্য অঞ্চলত সংক্ৰমণৰ পৰীক্ষা কৰি চিকিৎসা কৰাতো অতি কঠিন ৷
লগতে পঢ়ক : মুৰ্কংচেলেকৰ এটি পথে দুৰ্ভোগ ভুগাইছে স্থানীয় ৰাইজক