নেশ্যনেল ডেস্ক,২৬ মে' : এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান । প্ৰাদেশিক সশস্ত্ৰ কন্সটেবলৰীৰ (PAC) ৩৪ গৰাকী কনিষ্টবলৰ জামিন অস্বীকাৰ কৰে ন্যায়ালয়ে (Allahabad HC denies bail to 34 cops)। ১৯৯১ চনত এক ভুৱা এনকাউণ্টাৰত ১০ গৰাকী শিখ লোকক সন্ত্ৰাসবাদী সজাই হত্যা কৰাৰ অভিযোগ আছে কনিষ্টবল কেইগৰাকীৰ বিৰুদ্ধে । ইতিমধ্যে ন্যায়াধীশ ৰমেশ সিনহা আৰু ব্ৰজ ৰাজ সিঙৰ বিচাৰপীঠে কৈছে যে অভিযুক্ত আৰক্ষীসকলে নিৰীহ লোকসকলক সন্ত্ৰাসবাদী বুলি অভিহিত কৰি বৰ্বৰোচিত আৰু অমানৱীয়ভাৱে হত্যা কৰিছিল ।
আদালতে লগতে কয় যে যদি লোকসকল অসামাজিক কাৰ্যকলাপত লিপ্ত আছিল তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰি আইনৰ দ্বাৰা ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল (Allahabad HC hearing on 1991 Sikh killings case)। তাৰ পৰিৱৰ্তে নিৰীহ লোকসকলক এনে বৰ্বৰ আৰু অমানৱীয়ভাৱে হত্যা কৰাটো উচিত হোৱা নাছিল ।
গোচৰ অনুসৰি, ১৯৯১ চনৰ ১২ জুলাইত পিলিভিট জিলাত উত্তৰ প্ৰদেশ আৰক্ষীৰ এটা দলে সাধাৰণ যাত্ৰী আৰু তীৰ্থযাত্ৰী থকা এখন বাছ ৰখাইছিল । তেওঁলোকে বাছখনৰ পৰা ১০-১১ গৰাকী শিখ যুৱকক নমাই আনিছিল আৰু নীলা ৰঙৰ আৰক্ষী বাহন উঠাইছিল আৰু বাকী যাত্ৰীসকলৰ সৈতে বাছখনত কিছুমান আৰক্ষী কৰ্মী বহিছিল । পৰৱৰ্তী সময়ত, গোটেই দিনটো বাকী যাত্ৰীসকলৰ সৈতে আৰক্ষী কৰ্মীসকল আছিল আৰু আৰক্ষীয়ে নিশা পিলিভিটৰ গুৰুদ্বাৰত বাছখন এৰি দিছিল । আনহাতে অভিযোগ অনুসৰি তীৰ্থযাত্ৰীৰ বাছৰ পৰা নমাই অনা ১০ গৰাকী শিখ যুৱকক আৰক্ষীয়ে হত্যা কৰিছিল (1991 Sikh killings case)।
একাদশজন এগৰাকী শিশু আছিল যাৰ তথ্য উলিয়াব পৰা নাছিল আৰু পৰৱৰ্তী সময়ত শিশুটিৰ পৰিয়ালক চৰকাৰে ক্ষতিপূৰণ দিছিল । প্ৰথমে, ঘটনাটোৰ তদন্ত পিলিভিট জিলাৰ স্থানীয় আৰক্ষীয়ে চলাইছিল যদিও উচ্চতম ন্যায়ালয়ে এনকাউণ্টাৰ সম্পৰ্কীয় ঘটনাবোৰৰ তদন্ত চিবিআইক অৰ্পণ কৰে । ২০১৬ চনৰ ৪ এপ্ৰিলত এক শুনানিৰ সময়ত মুঠ ৪৭ গৰাকী জন লোকক দোষী সাব্যস্ত কৰা হৈছিল । পৰৱৰ্তী সময়ত ইয়াৰে ১২ গৰাকীক আদালতে জামিন প্ৰদান কৰে ।
লগতে পঢ়ক :NIA-ৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহা য়াছিন মালিক কোন ?