নিউজ ডেস্ক, 8 ফেব্ৰুৱাৰী : 2021চনৰ 7মাৰ্চৰ ভিতৰত ভাৰতীয় বায়ু সেনাত পুনৰ সংযোজিত হ’ব 7 খনকৈ ৰাফেল যুঁজাৰু বিমান ৷ আনহাতে 2022 চনৰ ভিতৰত অনুমোদিত সকলো যুঁজাৰু ৰাফেল বিমান ভাৰতীয় বায়ু সেনাত সংযোজিত হ’ব ৷ সোমবাৰে ৰাজ্যসভাত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বুলি মন্তব্য কৰিছে ৷
বৰ্তমানলৈকে ভাৰতীয় বায়ু সেনাত আছে 11 খন যুঁজাৰু বিমান ৷ ভাৰতীয় বায়ু সেনাৰ এগৰাকী বিষয়াই উল্লেখ কৰা অনুসৰি,27 জানুৱাৰীৰ নিশা ফ্ৰাঞ্চৰ পৰা 3খন ৰাফেল বিমান ভাৰতত অৱতৰন কৰে ৷ এই তিনিখন ৰাফেল যুঁজাৰু বিমান হৈছে ভাৰতত অৱতৰন কৰা তৃতীয়টো ৰাফেল বিমানৰ দল ৷ যিয়ে 7,000 কি.মি.তকৈ অধিক বেগত অধিক উচ্চতাৰ পৰা অৱতৰন কৰিছিল ৷
প্ৰাপ্ত তথ্য অনুসৰি, ৰাফেল যুঁজাৰু বিমান নিৰ্মাণ কৰি উলিয়াইছে ফৰাচী কোম্পানী ডসাল্ট এৱিয়েচনে ৷ 2020 চনৰ 29 জুলাইত ভাৰতে পাঁচখন ৰাফেল যুঁজাৰু বিমান লাভ কৰিছিল ৷ তাৰে পৰৱৰ্তী পৰ্যায়ত 2020 চনৰ 4নৱেম্বৰত তিনিখন ৰাফেল বিমান ভাৰতত প্ৰৱেশ কৰে ৷ এই তিনিখন ৰাফেল বিমান হৈছে ৰাফেল যুঁজাৰু বিমানৰ দ্বিতীয়টো দল ৷
ভাৰত-ফ্ৰাঞ্চৰ মাজত এক চুক্তি হৈছিল, যাৰ ফলত 59,000 কোটি টকা ব্যয় সাপেক্ষে 36খন ৰাফেল যুঁজাৰু বিমান ভাৰতে কৰিছে ৷
লগতে পঢ়ক : বিদ্যুৎ সংযোগঃ অনলাইনযোগে কামৰ ব্যৱস্থা কৰিব শক্তি বিভাগে