ETV Bharat / bharat

Nosediving air quality in Delhi : দিল্লীত কাৰ্যকৰী তৃতীয় পৰ্যায়ৰ জি আৰ পিৰ নিষেধাজ্ঞা, আগন্তুক দুদিনৰ বাবে বন্ধ সকলো বিদ্যালয়

author img

By ANI

Published : Nov 3, 2023, 7:30 AM IST

শুকুৰবাৰৰ পৰা নতুন দিল্লীত কাৰ্যকৰী কৰা হৈছে তৃতীয় পৰ্যায়ৰ জি আৰ পিৰ নিষেধাজ্ঞা । লগতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আগন্তুক দুদিনৰ বাবে সকলো ব্যক্তিগত আৰু চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিছে ।

Nosediving air quality in Delhi
আগন্তুক দুদিনৰ বাবে বন্ধ সকলো বিদ্যালয়

নেশ্যনেল ডেস্ক, ৩ নৱেম্বৰ : ক্ৰমাৎ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হৈছে দেশৰ ৰাজধানী চহৰ দিল্লীত ৷ দিল্লীত বৰ্ধিত প্ৰদূষণৰ মাত্ৰ ৰোধ কৰিবলৈ বায়ু গুণাগুণ ব্যৱস্থাপনা আয়োগে দিল্লী এন চি আৰত গ্ৰেডেড ৰেচপন্স একচন প্লেন (জি আৰ এ পি)ৰ তৃতীয়টো পৰ্যায়ৰ কাম কাৰ্যকৰী কৰিবলৈ তৎপৰ হৈছে । ইয়াৰ অধীনত দিল্লী-এনচিআৰত সকলো ধৰণৰ আৱাসিক আৰু বাণিজ্যিক এলেকাত হৈ থকা নিৰ্মাণ কামসমূহ বন্ধ কৰি দিয়া হৈছে । লগতে এন চি আৰত বি এছ ৩ পেট্ৰ’ল আৰু বি এছ ৪ ডিজেল চাৰিচকীয়া বাহন চলাচল বন্ধ কৰিবলৈ জাননী জাৰি কৰা হৈছে ।

ইফালে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আগন্তুক দুদিনৰ বাবে দিল্লীৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধ থকাৰ নিৰ্দেশনা জাৰি কৰিছে । ইয়াৰ পিচত বিদ্যালয় খোলাৰ সময়ত পঞ্চম শ্ৰেণীলৈকে শিশুৰ বাবে অনলাইন ক্লাছৰ ব্যৱস্থা কৰিবলৈ জাননী জাৰি কৰিছে ।

CAQM-এ প্ৰকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২ নৱেম্বৰৰ বিয়লি ৪ বজাত দিল্লীৰ বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) ৩৯২ ত ৰেকৰ্ড কৰা হৈছে । সন্ধিয়া ৫ বজাত AQI ৪০২ ত উপনীত হয় । ৪০১ অতিক্ৰম কৰাৰ লগে লগে বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা তৎকালীনভাৱে কাৰ্যকৰী হয় তৃতীয়টো চৰণ ।

ইয়াৰ অধীনত সমগ্ৰ এনচিআৰত নিৰ্মাণৰত কামসমূহ বন্ধ কৰি দিবলৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে । ৩য় চৰণ গোটৰ সময়ছোৱাত ৰে’লৱে, মেট্ৰ’, বাছ টাৰ্মিনেল, বিমানবন্দৰ, ঘাইপথ, পথ, উৰণ সেতু, নলা পৰিশোধন প্লাণ্ট, পানী পৰিশোধন প্লাণ্টৰ নিৰ্মাণ কাৰ্যৰ বাবে কিছু ৰেহাই দিয়া হৈছে ।

মেট্ৰ’ই বৃদ্ধি কৰিলে ২০টা অতিৰিক্ত ভ্ৰমণ : দিল্লীত জাৰি কৰা নিষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিতত ডিএমআৰচিয়ে শুকুৰবাৰৰ পৰা নিজৰ নেটৱৰ্কত ২০ টা অতিৰিক্ত ভ্ৰমণ সংযোজন কৰে । ইতিমধ্যে GRAP-II পৰ্যায় ৰূপায়ণৰ পিচত ২৫ অক্টোবৰৰ পৰা কৰ্মদিনত (সোম-শুকুৰবাৰ) ৪০টা অতিৰিক্ত ৰে’ল যাত্ৰা চলাই আছে দিল্লী মেট্ৰ’ই । অৰ্থাৎ শুকুৰবাৰৰ পৰা ডিএমআৰচিয়ে মুঠ ৬০টা অতিৰিক্ত ভ্ৰমণ চলাব । ডিএমআৰচিয়ে ৰাইজক পৰামৰ্শ দিছে যে দিল্লীত বৃদ্ধি পোৱা প্ৰদূষণৰ মাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী-এনচিআৰত অধিক সংখ্যক লোকে ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰিব লাগে ।

বি এছ ৩ আৰু বি এছ ৪ বাহন নিষিদ্ধ কৰাৰ নিৰ্দেশনাঃ দিল্লীৰ লগতে গুৰুগ্ৰাম, ফৰিদাবাদ, গাজিয়াবাদ আৰু গৌতম বুদ্ধ নগৰত বি এছ ৩ পেট্ৰ’ল আৰু বি এছ ৪ ডিজেল চাৰিচকীয়া বাহন চলাচল নিষিদ্ধ কৰিবলৈ দিল্লী আৰু এন চি আৰৰ অন্যান্য ৰাজ্য চৰকাৰসমূহক চি কিউ এমৰ নিৰ্দেশ।এইখন স্থাপনৰ নিৰ্দেশনা দিয়া হৈছে . দিল্লী এনচিআৰত এনেধৰণৰ লাখ লাখ বাহন আছে। তেওঁলোকৰ অপাৰেচনত প্ৰভাৱ পৰিব পাৰে।

৫ম শ্ৰেণীলৈকে অনলাইন ক্লাছ চলোৱাৰ নিৰ্দেশনা : প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰু এনচিআৰ ৰাজ্য চৰকাৰক পঞ্চম শ্ৰেণীলৈকে শিশুৰ বাবে অনলাইন ক্লাছৰ ব্যৱস্থা কৰিবলৈ CAQM-এ কয় । অৱশ্যে এই বিষয়ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে ।

তৃতীয় পৰ্যায়ৰ জি আৰ পিৰ বাবে নিৰ্দেশনা : ভেকুৱাম ক্লিনাৰেৰে ৰাস্তা পৰিষ্কাৰ কৰাত বিশেষ গুৰুত্ব দিব লাগে, যাতে পথৰ পৰা ধূলি উৰি নাযায় আৰু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি নহয় । পথৰ পৰা সংগ্ৰহ কৰা ধূলিবোৰ সঠিকভাৱে সঠিক স্থানত পেলাই দিব লাগে ৷ লগতে পানীৰ সৈতে বীনাজুনাশক দ্ৰব্য মিহলাই ৰাস্তাত পানী ছটিয়াব দিব লাগিব । ৰাজহুৱা পৰিবহণ সেৱাৰ প্ৰচাৰৰ বাবে মানুহক উৎসাহিত কৰা হ’ব, যাতে মানুহে ব্যক্তিগত বাহন যিমান পাৰি কমকৈ ব্যৱহাৰ কৰে ।

লগতে পঢ়ক : Congress slams Kejriwal : ইডিৰ চমন উপেক্ষা; কেজৰিৱালক সমালোচনা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.