ETV Bharat / bharat

Alia Bhatt's Weight Loss Diet: নিজকে ফিট ৰাখিবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰে আলিয়াই

আলিয়া ভাটৰ দৰে যদি আপুনিও আপোনাৰ ওজন হ্ৰাস কৰিব বিচাৰে নেকি ! যদিহে আলিয়াৰ দৰে শৰীৰ লাভ কৰিব বিচাৰে তেন্তে নিশ্চয়কৈ এই ওজন কমাব পৰা টিপছসমূহে আপোনাক সহায় কৰিব ।

Alia Bhatt's Weight Loss Diet And Workout
নিজকে স্লীম তথা ফিট ৰাখিবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰে আলিয়া ভাটে
author img

By

Published : Mar 16, 2023, 4:49 PM IST

বলীউডৰ বহু অভিনেত্ৰী নিজৰ ফিট লাইফষ্টাইলৰ বাবে পৰিচিত । ছ’চিয়েল মিডিয়াত চেলিব্ৰিটিৰ ট্ৰান্সফৰ্মেচন ফটোবোৰ দেখিলে আপুনিও ফিট হৈ থাকিবলৈ নিশ্চয় অনুপ্ৰাণিত হয়(Alia Bhatt fitness routine) । বলীউডৰ এই ফিট অভিনেত্ৰীসকলৰ বিষয়ে ক'বলৈ গ'লে এই তালিকাত আলিয়া ভাটৰ নামো আহি পৰে । ষ্টুডেন্ট অৱ দ্য ইয়েৰ ছবিৰ জৰিয়তে বলীউডত ডেব্যু কৰা আলিয়া ভাটে নিজৰ অভিনয়েৰে ইতিমধ্যে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । বুধবাৰে নিজৰ 30 বছৰীয়া জন্মদিন উদযাপন কৰে মোহময়ী অভিনেত্ৰীগৰাকীয়ে ৷

এই ছবিখনৰ বাবে আলিয়া ভাটে তেওঁৰ চলচ্চিত্ৰ পৰিচালক কৰণ জোহৰৰ সহায়ত ৬ মাহত ২০ কেজি ওজন কমাই এক আকৰ্ষণীয় শৰীৰ গঢ়ি তুলিছিল(Alia Bhatt Weight Loss Diet)। ওজন কম কৰাৰ সময়ত আলিয়া ভাটে বহু কঠোৰ খাদ্যাভ্যাস মানি চলিবলগীয়া হৈছিল যদিও তেনে কৰি কোনো ফলাফল লাভ কৰা নাছিল । আলিয়া ভাটে কয় যে, এটা সময় আছিল যেতিয়া তেওঁ কেৱল মুৰ্গীৰ মাংস আৰু শাক-পাচলিহে খাইছিল ।

ব্ৰেকফাষ্ট গুৰুত্বপূৰ্ণ

আলিয়া ভাটে কয় যে তেওঁ প্ৰখ্যাত পুষ্টিবিদ ৰুজুতা দিৱাকাৰক লগ পাইছিল, তাৰ পিছত তেওঁ কঠোৰ খাদ্যাভ্যাস পালন বন্ধ কৰি দিছিল । এতিয়া তেওঁৰ ডায়েট প্লেন অতি সহজ আৰু পোনপটীয়া । আলিয়া ভাটৰ মতে ব্ৰেকফাষ্ট অতি গুৰুত্বপূৰ্ণ । সেইবাবেই আলিয়া ভাটে ব্ৰেকফাষ্টত এনেধৰণৰ খাদ্য খাবলৈ বেছি পছন্দ কৰে যিয়ে তেওঁক ভৰপূৰ কৰি ৰাখিব আৰু কেলৰি নিয়ন্ত্ৰণ কৰিব পাৰে । যদি তেওঁৰ ভোক লাগে তেন্তে তেওঁ বাদাম বা মাখানা খায় ।

খাদ্যত থকা এন্টিঅক্সিডেন্ট

আলিয়া ভাটে তেওঁৰ খাদ্যত এন্টিঅক্সিডেন্ট সমৃদ্ধ খাদ্য গ্ৰহণ কৰে য’ত আকাই বেৰি আৰু অমিতা আদি অন্তৰ্ভুক্ত । তেওঁ দিনটোৰ আৰম্ভণি কৰে হাৰ্বল চাহ বা কফিৰে কৰে য’ত চেনি নাথাকে । ইয়াৰ পিছত তেওঁ ব্ৰেকফাষ্টত পোহা বা কণীৰ চেণ্ডুইচ খায় ।

আলিয়া ভাটৰ ডায়েট প্লেন অনুসৰি মাজে মাজে স্বাস্থ্যসন্মত খাদ্য খাই থাকে । দিনটোত ৬ৰ পৰা ৭ বাৰ স্বাস্থ্যকৰ খাদ্য তেওঁ গ্ৰহণ কৰে । তেওঁ এইবাবে এনেকুৱা কৰে কাৰণ যদি তেওঁ শ্বুটিং বা আন কোনো কামত ব্যস্ত হৈ পৰে তেন্তে তেওঁৰ খাদ্য যাতে স্কিপ নহয় আৰু পেটটোও ভৰি থাকে ।

আলিয়া ভাটে পিলাটেছ আৰু কাৰ্ডিঅ’ এক্সাৰচাইজ কৰে যাৰ বাবে তেওঁক পুষ্টি আৰু ভিটামিনৰ প্ৰয়োজন । পুষ্টি আৰু ভিটামিনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ অভিনেত্ৰীগৰাকীয়ে নেমুৰ পানী বা নাৰিকল পানীৰ লগতে তেওঁ বিটৰ চালাড গ্ৰহণ কৰে ৷

লগতে পঢ়ক: Face Redness Remedies: গৰমৰ বাবে মুখ ৰঙা পৰিছে নেকি ? তেন্তে এই আয়ুৰ্বেদিক উপায়ে আপোনাক দিব সকাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.