ETV Bharat / bharat

Jammu and Kashmir earthquakes : ২৪ ঘণ্টাত জম্মু-কাশ্মীৰ আৰু লাডাখত ৫ টাকৈ ভূমিকম্পৰ জোকাৰণি - Earthquakes in Ladakh

প্ৰকৃতিৰ ৰোষত জম্মু-কাশ্মীৰ অঞ্চল । একেৰাহে কেইবাটাও ভূমিকম্পই জোকাৰি গ'ল ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চলটো । ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ।

Jammu and Kashmir earthquakes
২৪ ঘণ্টাত জম্মু-কাশ্মীৰ আৰু লাডাখত ৫ টাকৈ ভূমিকম্পৰ জোকাৰণি
author img

By

Published : Jun 18, 2023, 10:23 AM IST

নেশ্যনেল ডেস্ক,১৮ জুন : এটাৰ পাছত আন এটা ভূমিকম্প । ২৪ ঘণ্টাত ৫ বাৰকৈ ভূমিকম্পই জোকাৰি গ'ল জম্মু-কাশ্মীৰ আৰু লাডাখ অঞ্চলক । সীমান্ত অঞ্চল দুটাত এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি । প্ৰকৃতিৰ এনে ৰূপ দেখি আতংকিত হৈ পৰিছে জনসাধাৰণ ।

শেহতীয়া ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৪.১ । জম্মু আৰু কাশ্মীৰৰ কাটৰাত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল । ভূমিকম্পটো ১৮ জুনৰ পুৱা প্ৰায় ৩:৫০ বজাত অনুভূত হৈছিল । ভূমিকম্পটোৰ গভীৰতা আছিল ১১ কিলোমিটাৰ আৰু ইয়াৰ উৎপত্তিস্থল কাটৰাৰ পৰা ৮০ কিলোমিটাৰ পূবত । লক্ষণীয়ভাৱে যোৱা ১৪ জুনত ৰিখটাৰ স্কেলত ৪.৩ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল কাটৰা অঞ্চল । ১৪ জুনৰ পুৱতি নিশা ভূমিকম্পটোৱে জোকাৰি গৈছিল ।

প্ৰথমটো ভূমিকম্প ১৭ জুনৰ আবেলি প্ৰায় ২:০৩ বজাত জম্মু-কাশ্মীৰৰ ৰামবানত অনুভূত হৈছিল । যাৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩ আছিল । দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি লেহ লাডাখ অঞ্চলত নিশা ৯:৪৪ বজাত অনুভূত হয় । যাৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৪.৫ আছিল বুলি জানিব পৰা গৈছে । এইটো ভূমিকম্পৰ প্ৰায় ১০ মিনিটত পাছত জম্মু আৰু কাশ্মীৰৰ ডোডা জিলাত ৪.৪ প্ৰাবল্যৰ আন এটা ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হয় । যাৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৪.৪ আছিল বুলি জানিব পৰা গৈছে ।

এটাৰ পাছত আন এটা ভূমিকম্পই জোকাৰি যোৱাত এতিয়া জম্মু-কাশ্মীৰ আৰু লেহ, লাডাখ অঞ্চলত তীব্ৰ আতংকৰ সৃষ্টি হৈছে । বহুতে সন্দেহ কৰা মতে এয়া হয়টো শক্তিশালী ভূমিকম্পৰ আগজাননী । উল্লেখ্য যে হিমালয়ৰ অঞ্চলবোৰ সাধাৰণতে ভূমিকম্পৰ বাবে অতি সংবেদনশীল । এনচিএছৰ তথ্য অনুসৰি যোৱা এপ্ৰিল আৰু মে' মাহত সমগ্ৰ দেশতে প্ৰায় ২৯৪ টা ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে । তাৰ ভিতৰত প্ৰায় ৯০ শতাংশই হিমালয় অঞ্চলত হোৱা দেখা গৈছে ।

লগতে পঢ়ক :Cyclone Biparjoy : শীঘ্ৰে গুজৰাটৰ পৰিৱেশ ত্বৰান্বিত কৰাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.