ETV Bharat / bharat

Al-Qaeda 'conspiracy case': ৬ দিনৰ NIAৰ জিম্মালৈ প্ৰেৰণ সন্ত্ৰাসবাদী তৌহিদ আহমেদ শ্বাহক

author img

By

Published : Feb 15, 2022, 1:18 PM IST

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত কূটাঘাতৰ ষড়যন্ত্ৰ । কূটাঘাতৰ পূৰ্বেই আৰক্ষীৰ জালত মূল অভিযুক্ত । জম্মু-কাশ্মীৰৰ পৰা গ্ৰেপ্তাৰ তৌহিদ আহমেদ শ্বাহ নামৰ সন্ত্ৰাসবাদীটোক । NIAৰ বিশেষ আদালতে ৬ দিনৰ বাবে NIAৰ জিম্মালৈ প্ৰেৰণ কৰে (Terrorist Tauhid Ahmed Shah to NIA custody)। ইয়াৰ পূৰ্বে কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

conspiracy case
NIAৰ জিম্মালৈ প্ৰেৰণ সন্ত্ৰাসবাদী তৌহিদ আহমেদ শ্বাহক

নেশ্যনেল ডেস্ক,১৫ ফেব্ৰুৱাৰী : শেহতীয়াকৈ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (NIA) জম্মু-কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদী সংগঠন অল-কায়দাৰ সদস্য তৌহিদ আহমেদ শ্বাহক ৭ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল । অভিযোগ অনুসৰি উত্তৰ প্ৰদেশত ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা কৰিছিল সংগঠনটোৱে । ইতিমধ্যে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ বিশেষ আদালতে অভিযুক্তক ৬ দিনৰ ৰিমাণ্ডলৈ প্ৰেৰণ কৰিছে (Accused Tauhid Ahmed Shah to NIA custody)। NIAৰ বিশেষ ন্যায়াধীশ মহম্মদ গজালীয়ে মঙলবাৰে অভিযুক্তজনক ৰিমাণ্ডলৈ প্ৰেৰণ কৰে ।

ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হোৱা শুনানিত আদালতে উল্লেখ কৰিছে যে তৌহিদ আহমেদ শ্বাহক শাৰীৰিক বা মানসিকভাৱে অত্যাচাৰ কৰিব নোৱাৰিব । কাৰাগাৰলৈ যোৱা আৰু তাৰ পৰা মুকলিৰ সময়ত স্বাস্থ্য পৰীক্ষা কৰা হ'ব । ইয়াৰ বাহিৰেও, যদি কোনো অধিবক্তাই ৰিমাণ্ডৰ সময়ত থাকিব বিচাৰে, নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি থাকিব পাৰে ।

NIAৰ বিশেষ অধিবক্তা এম কে সিং আৰু সহ-অনুসন্ধানকাৰী আশুতোষ প্ৰধানে আদালতত যুক্তি দিয়ে যে শ্বাহ হৈছে অল কায়দা সংগঠনৰ সন্ত্ৰাসবাদী যিয়ে এটা ভয়ংকৰ বিস্ফোৰণৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল । তেওঁলোকে অভিযোগ কৰা মতে অভিযুক্তৰ একাউণ্টত বৃহৎ পৰিমাণৰ ধনো জমা কৰা হৈছে । এই ধন বিভিন্ন ব্যক্তিক বিতৰণ কৰা হৈছে যিসকলক জেৰা অব্যাহত ৰখা হৈছে ।

উল্লেখ্য যে, অল-কায়দাৰ সহযোগী সংগঠন আনছাৰ গজৱাতুল হিন্দত (AGH) সদস্যভুক্তি আৰু লক্ষ্ণৌত সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ সন্দৰ্ভত এক গোচৰ ৰুজু কৰি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই অনুসন্ধান অব্যাহত ৰাখিছে । পৰৱৰ্তী সময়তে NIA য়ে উল্লেখ কৰিছিল যে তৌহিদ আহমেদ শ্বাহ এই ষড়যন্ত্ৰৰ মূল মাষ্টাৰ মাইণ্ড আছিল আৰু শ্বাহক AGHৰ বাবে সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি কৰিবলৈ নিয়োগ কৰা হৈছিল ।

একেটা গোচৰতে NIA য়ে লক্ষ্ণৌৰ পৰা মিউজিৰুদ্দিন, মিনহাজ আহমেদ, চাকিল, মুস্তাকীম আৰু মহম্মদ ময়দ নামৰ আৰু পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰু ৫ জানুৱাৰীত তেওঁলোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে ।

লগতে পঢ়ক :Nagaon police encounter: আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.