ETV Bharat / bharat

AIUDF Support to INDIA : ২০২৪ৰ লোকসভা নিৰ্বাচনত ইণ্ডিয়াক সমৰ্থন এআইইউডিএফৰ

author img

By

Published : Jul 22, 2023, 10:02 AM IST

বিজেপিৰ মুখপত্ৰ হিচাপে সততে অভিযুক্ত হোৱা এআইইউডিএফে বৰ্তমান দেশৰ ২৬ টা বিৰোধী দলে গঠন কৰা বিজেপিবিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ প্ৰতি সমৰ্থন ঘোষণা কৰিছে । এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে কয় যে দলটোৱে ইণ্ডিয়াক সমৰ্থন কৰিব আৰু এই বিষয়ত আলোচনা চলি আছে ।

AIUDF Support to INDIA
AIUDF Support to INDIA

নিউজ ডেস্ক, ২২ জুলাই : বিৰোধী ঐক্যৰ বৈঠকলৈ বা বিজেপিবিৰোধী মিত্ৰজোঁটলৈ আমন্ত্ৰণ লাভ কৰা নাছিল বদৰুদ্দিন আজমলৰ এআইইউডিএফে । অসমত কংগ্ৰেছ নেতৃত্বৰ সৈতে ঘটা মতানৈক্যৰ বাবেই বদৰুদ্দিন আজমলক এই বিৰোধী ঐক্যৰ বৈঠকলৈ আমন্ত্ৰণ জনোৱা হোৱা নাছিল বুলি চৰ্চা চলিছিল । লগতে এআইইউডিএফে অসমত বিজেপিৰ হৈ কাম কৰি থকাৰো অভিযোগ কৰিছিল প্ৰদেশ কংগ্ৰেছে । যাৰবাবে ৰাষ্ট্ৰীয় পৰ্যায়ত বিজেপিবিৰোধী ঐক্যত এআইইউডিএফক এলাগী কৰা হৈছে বুলিও গুজৱ উঠিছে ।

কিন্তু বিৰোধী মিত্ৰজোঁটত পোনপটীয়াকৈ অংশগ্ৰহণৰ সুযোগ নাপালেও এইবাৰ মিত্ৰজোঁটক সমৰ্থনৰ কথা প্ৰকাশ কৰিছে বদৰুদ্দিন আজমলৰ দলটোৱে । বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফে নৱগঠিত বিৰোধী ৰাজনৈতিক দলসমূহৰ মিত্ৰজোঁট 'ইণ্ডিয়া'- ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্সৰ প্ৰতি সমৰ্থন ঘোষণা কৰিছে । এসময়ত ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ হিচাপে অভিযুক্ত হোৱা এআইইউডিএফে এইবাৰ বিজেপিবিৰোধী মিত্ৰজোঁটৰ সপক্ষে মুকলি স্থিতি গ্ৰহণ কৰিছে ।

অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ (এআইইউডিএফ) বিধায়ক তথা দলৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে কৈছে যে তেওঁলোকৰ দলটো বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এনডিএ) বিৰুদ্ধে আছে । এএনআইৰ সূত্ৰত এই কথা প্ৰকাশ । তেওঁ কয় যে তেওঁলোকৰ দলে বিৰোধী দলসমূহৰ নতুন মিত্ৰজোঁট পূৰ্বৰ ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স (ইউপিএ) তথা বৰ্তমানৰ ইণ্ডিয়াক সমৰ্থন কৰিব আৰু এই সন্দৰ্ভত আলোচনা চলি আছে । "আমি এনডিএক সমৰ্থন কৰিব নোৱাৰোঁ । আমি ইণ্ডিয়াক সমৰ্থন কৰিম ।" এআইইউডিএফ নেতাজনে লগতে কয় । উল্লেখ্য, ১৮ জুলাইত কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত দ্বিতীয় যুটীয়া বিৰোধী বৈঠকত ২৬ দলীয় বিৰোধী মিত্ৰজোঁটক ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স চমুকৈ ইণ্ডিয়া বুলি অভিহিত কৰা হৈছিল ।

বেংগালুৰুৰ বৈঠকত ২৬ টা বিজেপিবিৰোধী দলে এটা নামেৰে আগন্তুক দিনত পৰিচয় দিবলৈ সন্মত হয় । ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কেন্দ্ৰত শাসনাধিষ্ঠিত এনডিএ মিত্ৰতাৰ সৈতে মোকাবিলা কৰাৰ বাবে সমগ্ৰ দেশৰ বিৰোধী দলসমূহৰ শীৰ্ষ নেতাসকলে ঐক্যবদ্ধ ৰণনীতিৰ বিষয়ে আলোচনা কৰাৰ সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

বিৰোধী নেতৃবৰ্গই জনোৱা মতে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ইণ্ডিয়া নামটো প্ৰস্তাৱ কৰে আৰু পিছত ইয়াক সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয় । ইয়াৰ উপৰি ২৬ টা দলৰ প্ৰতিনিধিসকলে সকলো মুখ্য দলকে ধৰি ১১ জনীয়া সমন্বয় সমিতি আৰু প্ৰচাৰ ব্যৱস্থাপনা আৰু বিভিন্ন উপ-সমিতিৰ কাম-কাজৰ সমন্বয়ৰ বাবে দিল্লীত এক 'সচিবালয়' গঠন কৰাৰো সিদ্ধান্ত লয় । তাতেই নিৰ্দিষ্ট বিষয়সমূহ গ্ৰহণ কৰা হ'ব ।

উল্লেখ্য যে পৰৱৰ্তী বিৰোধী ঐক্য বৈঠক মুম্বাইত অনুষ্ঠিত হ'ব । অৱশ্যে এতিয়ালৈকে বৈঠকৰ তাৰিখ ঘোষণা কৰা নাই যদিও সোনকালেই ঘোষণা কৰা হ'ব বুলি জনাইছে । আনহাতে, ১১ জনীয়া সদস্যৰ এখন সমন্বয় সমিতি গঠন কৰা হ'ব বুলিও সূত্ৰত প্ৰকাশ । মুম্বাইত উক্ত সমিতিৰ সদস্যসকলৰ নাম ঘোষণা কৰা হ'ব বুলি বিৰোধী নেতাসকলে কয় ।

লগতে পঢ়ক : Mamata Banerjee on INDIA : চকীৰ পিছত নদৌৰে তৃণমূল; মমতা বেনাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.