নতুন দিল্লী, 15 নৱেম্বৰ : ৰাজধানী দিল্লীত শনিবাৰে নিশা বায়ুৰ মানদণ্ড অধিক গুৰুতৰ অৱস্থালৈ গতি কৰে ৷ দীপাৱলী উদযাপনক লৈ প্ৰশাসনে বান্ধি দিয়া নীতি-নিয়ম সমূহ উলংঘন কৰি বিভিন্ন ধৰণৰ আতচবাজী জ্বলোৱাৰ পাছতে বায়ুৰ মানদণ্ড গুৰুতৰ অৱস্থালৈ গতি কৰিছে বুলি জানিব পৰা গৈছে ৷
দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতি (ডিপিচিচি) তথ্য অনুসৰি শনিবাৰে দিনৰ ১১ বজাত আনন্দ বিহাৰত, আইজিআই বিমান বন্দৰ, আইটিঅ' তথা লোধি ৰোড এৰিয়া আদি বিভিন্ন অঞ্চলত বায়ুৰ মানদণ্ড গুৰুতৰ অৱস্থালৈ গতি কৰে ৷
শনিবাৰৰ নিশা দীপাৱলীৰ উদযাপন শেষ হোৱাৰ পাছতে ৰাজধানী চহৰৰ বিভিন্ন ঠাইত ডাঠ ধোঁৱাৰ আৱৰণে ঢাকি ধৰা পৰিলক্ষিত হ'ল ৷ দিল্লীত চৰকাৰ আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ যদিও ৰাজধানী চহৰখনত ফটকা বা আতচবাজী ফুটুৱাৰ আৰু বিক্ৰিৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছিল তথাপি একাংশই এই নিৰ্দেশনা উলংঘন কৰা পৰিলক্ষিত হ'ল, যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান বায়ুৰ মানদণ্ড অধিক গুৰুতৰ হৈ পৰিছে ৷