ETV Bharat / bharat

দেশৰ 43 খন চহৰত উদ্বেগজনকভাৱে বৃদ্ধি বায়ু প্ৰদূষণ

author img

By

Published : Feb 28, 2021, 10:40 AM IST

ভাৰত চৰকাৰে বায়ু প্ৰদূষণৰ মানদণ্ড হ্ৰাসৰ বাবে আইন প্ৰণয়ন কৰিছে ৷ কিন্তু বিষয়া আৰু নাগৰিক সমাজৰ মাজত সচেতনতাৰ অভাৱৰ ফলতে দেশত বায়ু প্ৰদূষণৰ মাত্ৰা বৃ্দ্ধি হৈ সমস্যাৰ সৃষ্টি কৰিছে ৷

দেশৰ 43 খন চহৰত উদ্বেগজনক ভাবে বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি

নিউজ ডেস্ক,28 ফেব্ৰুৱাৰী: বায়ু মণ্ডলত অত্যধিক পাৰ্টিকুলেট প্ৰদূষণ হোৱাৰ বাবে তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে জনতা ৷ এক বিশেষ অধ্যয়নে প্ৰকাশ কৰিছে যে, দেশত মৃত্যু হোৱাৰ সংখ্যাৰ প্ৰতি আঠজন বায়ু প্ৰদূষণৰ ফলত মৃত্যু হয় ৷ যাৰ ফলত দেশবাসীৰ জীৱন-যাপনৰ আয়ুষৰেখা পাঁচ বছৰলৈ হ্ৰাস পাইছে ৷ সম্প্ৰতি এই বায়ু প্ৰদূষণৰ মানদণ্ডৰ স্তৰ 10 ৰ পৰা 11 গুণলৈ বৃদ্ধি পাইছে ৷ উল্লেখযোগ্য যে, মহামাৰী কৰ’ণাৰ ফলত সমগ্ৰ বিশ্বৰ লগতে দেশত যি লক ডাউন দিয়া হৈছিল, সেই সময়ত বায়ু প্ৰদূষণৰ মাত্ৰা যথেষ্ট হ্ৰাস পাইছিল ৷ অৱশ্যে এই হ্ৰাসৰ মাত্ৰা বেছি দিনলৈ বৰ্তি নাথাকিল ৷

উল্লেখযোগ্য যে, বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰই এক শেহতীয়া প্ৰতিবেদনত প্ৰকাশ কৰিছে যে, ২০২০ ৰ অক্টোবৰৰ পৰা জানুৱাৰী ২০২১ ৰ ভিতৰত বায়ু প্ৰদূষণৰ স্তৰ সেই সময়ছোৱাতকৈ এতিয়া অধিক হৈ পৰিছে । মন কৰিবলগীয়া যে, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ৯৯ খন চহৰত কৰা অধ্যয়নৰ ফলত পোৱা তথ্যৰ ভিতৰত ৪৩ খন চহৰত অতি উদ্বেগজনকভাৱে বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে । চহৰসমূহৰ ভিতৰত গুৰুগ্ৰাম, লক্ষ্ণৌ, জয়পুৰ, আগ্ৰা, নৱী মুম্বাই, যোধপুৰ, কলকাতা, বিশাখাপত্তনম আৰু অন্যান্য অন্তৰ্ভুক্ত আছে । একেদৰে সেই তথ্যত প্ৰকাশ পাইছে আন এক তথ্য ঔৰংগাবাদ, ইন্দোৰ, ভূপাল, কোচি, কোঝিকোড় আৰু অন্যান্য চহৰত উষ্ণতা হ্ৰাস হৈছিল যদিও প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছিল ।

লগতে পঢ়কঃ কুনমিং-ইয়াংগনৰ মাজৰ গোপন নৈশ বিমান বিষয়ক প্ৰতিবেদনক লৈ চীনৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.