ETV Bharat / bharat

Delhi to London flight: যাত্ৰীৰ অভব্য আচৰণৰ বাবে লণ্ডন অভিমুখী বিমান উভতিল দিল্লীলৈ - Heathrow Airport

মাজ আকাশৰ পৰাই দিল্লী বিমানবন্দৰলৈ উভতিল এয়াৰ ইণ্ডিয়াৰ লণ্ডন অভিমুখী বিমান (Delhi Airport)। উদণ্ড যাত্ৰীয়ে বিমান কৰ্মচাৰীক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ পিচতেই উভতি আহে বিমানখন ।

Delhi to London flight
দিল্লী বিমানবন্দৰ
author img

By

Published : Apr 10, 2023, 2:09 PM IST

Updated : Apr 10, 2023, 3:47 PM IST

নেশ্য়নেল ডেস্ক, ১০ এপ্ৰিল: এয়াৰ ইণ্ডিয়াৰ লণ্ডন অভিমুখী এখন বিমান মাজ আকাশৰ পৰাই দিল্লী বিমানবন্দৰলৈ উভতি আহিবলগীয়া হয় (Air Indias London bound flight returned to Delhi)। মাজ আকাশতেই এজন যাত্ৰীয়ে কেবিন ক্ৰু সদস্যসকলক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ পিচতেই লণ্ডন অভিমুখী এখন বিমান দিল্লী বিমানবন্দৰলৈ উভতি আহিবলগীয়া হোৱা বুলি এয়াৰ ইণ্ডিয়াৰ এগৰাকী বিষয়াই সদৰী কৰিছে (Delhi to London flight)।

এয়াৰ ইণ্ডিয়াৰ বিষয়াগৰাকীয়ে কয় যে এজন যাত্ৰীয়ে এক উচ্ছৃংখল আচৰণ কৰি বিমানখনত হুলস্থুল সৃষ্টি কৰাৰ পিচত এ আই-111 দিল্লীৰ পৰা লণ্ডনলৈ যোৱা বিমানখনত 256 গৰাকী যাত্ৰীসহ সুৰক্ষিতভাৱে অৱতৰণ কৰে । বিমানৰ কৰ্মচাৰীসকলে এই ঘটনাৰ বিষয়ে অৱগত কৰাৰ পিচত সোমবাৰে পুৱা প্ৰায় 6:30 বজাত হিথ্ৰো বিমানবন্দৰলৈ (লণ্ডন) উৰা মৰা বিমানখন প্ৰায় 10 বজাত দিল্লী বিমানবন্দৰলৈ উভতি আহে (Heathrow Airport)।

এয়াৰ ইণ্ডিয়াৰ এগৰাকী বিষয়াই কয়, "বিমানখন ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ পিচত এয়াৰ ইণ্ডিয়াই আৰক্ষী থানাত যাত্ৰীজনৰ অশালীন আচৰণৰ বিষয়ে অভিযোগ দাখিল কৰে (Indira Gandhi International Airport)। উক্ত যাত্ৰীজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।" বিমান সংস্থাটোৱে বিমান নিয়ন্ত্ৰক অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়কো ঘটনাটোৰ বিষয়ে অৱগত কৰা বুলি উল্লখ কৰে (Directorate General of Civil Aviation)।

এক বিবৃতিত এয়াৰ ইণ্ডিয়াই উল্লেখ কৰে যে সোমবাৰে এয়াৰ ইণ্ডিয়াৰ বিমান এআই 111 দিল্লী-লণ্ডনলৈ যোৱাৰ সময়ত বিমানখনত থকা এজন যাত্ৰীৰ গুৰুতৰ উচ্ছৃংখল আচৰণৰ বাবে উৰণৰ ক্ষন্তেৰ পিচতে দিল্লীলৈ উভতি আহে । মৌখিক আৰু লিখিত সতৰ্কবাণীত গুৰুত্ব নিদি যাত্ৰীজনে কেবিনৰ দুজন সদস্যক প্ৰহাৰ কৰাৰ লগতে উচ্ছৃংখল আচৰণ কৰাত পাইলটগৰাকীয়ে দিল্লীলৈ উভতি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

যাত্ৰীজনক অৱতৰণ কৰাৰ পিচত সুৰক্ষা কৰ্মীসকলক গতাই দিয়া হয় । উল্লেখ্য় যে এয়াৰ ইণ্ডিয়া বিমানত এনে ধৰণৰ হুলস্থুল কৰাৰ এইটো প্ৰথম ঘটনা নহয় । ইয়াৰ পূৰ্বে জানুৱাৰীত শংকৰ মিশ্ৰা নামৰ এজন ব্যক্তিক যোৱা বছৰৰ ২৬ নৱেম্বৰত এআই বিমানত এগৰাকী মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল । দিল্লী আৰক্ষীয়ে তেওঁক যোৱা ৬ জানুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক:Himanta vs Rahul Gandhi: আদানীৰ প্ৰসংগত ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব মুখ্যমন্ত্ৰী ড৹ শৰ্মাই

Last Updated : Apr 10, 2023, 3:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.