ETV Bharat / bharat

Air India pilot refuses to fly : কামৰ সময় শেষ, বিমান উৰুৱাবলৈ অস্বীকাৰ পাইলটৰ

author img

By

Published : Jun 26, 2023, 5:42 PM IST

লণ্ডনৰ পৰা দিল্লীলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ পাইলটে প্ৰতিকূল বতৰৰ বাবে বিমানখন দিল্লীৰ পৰিৱৰ্তে জয়পুৰত জৰুৰী অৱতৰণ কৰে । কিন্তু পাছত কামৰ সময়ৰ শেষ হোৱা বুলি উল্লেখ কৰি পুনৰ বিমান উৰুৱাবলৈ তেওঁ অস্বীকাৰ কৰে । ঘটনাক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া ।

Air India pilot refuses to fly
বিমান উৰুৱাবলৈ অস্বীকাৰ পাইলটৰ

নেশ্যনেল ডেস্ক,২৬ জুন : এয়াৰ ইণ্ডিয়া বিমানৰ এগৰাকী পাইলটৰ সিদ্ধান্তই আচৰিত কৰি তুলিছে যাত্ৰীসকলক । কামৰ সময় শেষ হোৱাত বিমান এৰি গ'ল পাইলট । সমগ্ৰ ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে লণ্ডনৰ পৰা দিল্লীলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ পাইলটগৰাকীয়ে প্ৰতিকূল বতৰৰ বাবে দিল্লীৰ পৰিৱৰ্তে জয়পুৰত অৱতৰণ কৰে । পাছত কৰ্তব্যৰ সময়সীমাৰ কথা উল্লেখ কৰি বিমানখন উৰুৱাবলৈ অস্বীকাৰ কৰিলে পাইলটগৰাকীয়ে । যাৰ ফলত যাত্ৰীসকলে পথেৰে দিল্লীলৈ যাবলৈ বাধ্য হয় ।

জানিব পৰা মতে ঘটনাটো ২৫ জুনৰ । এআই ফ্লাইট ১১২ পুৱা ৪ বজাত দিল্লীত উপস্থিত হোৱাৰ কথা আছিল । প্ৰতিকূল বতৰৰ বাবে বিমানখনৰ পথ জয়পুৰলৈ পৰিৱৰ্তন কৰিবলগীয়া হৈছিল । জয়পুৰত প্ৰায় দুই ঘণ্টা পলম হোৱাৰ পাছত, দিল্লী এয়াৰ ট্ৰেফিক কণ্ট্ৰোলে বিমানখনৰ যাত্ৰা পুনৰ আৰম্ভ কৰাৰ বাবে অনুমতি প্ৰদান কৰে । কিন্তু পাইলটগৰাকীয়ে বিমান উৰুৱাবলৈ অস্বীকাৰ কৰে আৰু কয় যে তেওঁৰ কামৰ সময় শেষ হৈছে সেয়ে তেওঁ বিমানখন উৰুৱাব নোৱাৰে ।

অৱশ্যে, এয়াৰ ইণ্ডিয়াই স্পষ্টীকৰণ দি কয় যে পাইলটগৰাকীয়ে তেওঁৰ কৰ্তব্যৰ সময় শেষ হোৱা বুলি উল্লেখ কৰি বিমানখন এৰি গৈছিল বুলি কোৱাটো বিভ্ৰান্তিকৰ । এয়াৰ ইণ্ডিয়াৰ মতে যেতিয়া বিমানখনে দিল্লীৰ বতৰ উন্নত হোৱা আৰু উৰা মাৰিবলৈ অপেক্ষা কৰি আছিল, ককপিট কৰ্মচাৰীসকল এফডিটিএলৰ (ফ্লাইট ডিউটি টাইম লিমিটেশ্যন)ৰ অধীনলৈ আহিছিল । নিয়ামক কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰা অনুসৰি পাইলটসকলে এফডিটিএলৰ অধীনলৈ অহাৰ পাছত বিমান পৰিচালনা কৰিব নোৱাৰে ।

ইফালে বিমানবন্দৰত ৩৫০ৰো অধিক যাত্ৰী আৱদ্ধ হৈ পৰিছিল । যাৰ বাবে তেওঁলোক হতাশা হৈ পৰিছিল । কেইবাজনো যাত্ৰীয়ে টুইটাৰৰ জৰিয়তে ভিডিঅ' শ্বেয়াৰ কৰি তেওঁলোকৰ অন্তিম গন্তব্য স্থান দিল্লীত উপস্থিত হোৱাত সহায় আগবঢ়োৱাত ব্যৰ্থ হোৱাৰ বাবে এয়াৰলাইনক সমালোচনা কৰিছিল ।

  • Passengers of @airindia AI112 flying from London to Delhi have been diverted to Jaipur due to bad weather but passengers have not been assisted with any recourse to reaching their final destinations. @JM_Scindia please assist us urgently. We did manage to speak with @Ra_THORepic.twitter.com/DjLOD8dXLK

    — Adit (@ABritishIndian) June 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

৬ ঘণ্টাতকৈ অধিক সময় অপেক্ষা কৰাৰ পাছত, কিছুমান যাত্ৰীক অৱশেষত ভলভো বাছৰ জৰিয়তে দিল্লীলৈ লৈ যোৱা হৈছিল । আনহাতে আন সকলক কেবেৰে যাত্ৰা কৰাৰ ব্যৱস্থা কৰা হৈছিল । ইয়াৰ উপৰিও, কিছুমান যাত্ৰীয়ে একেখন এয়াৰ ইণ্ডিয়া বিমানৰ জৰিয়তে যাত্ৰা অব্যাহত ৰাখিব পাৰিছিল ।

  • Our team is trying its best to minimize the inconvenience caused. 2/2

    — Air India (@airindia) June 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ফ্লাইট ডিউটি টাইম লিমিটেশ্যন হৈছে এগৰাকী পাইলট আৰু ককপিট কৰ্মচাৰীৰ মানসিক স্বাস্থ্য আৰু ভাগৰৰ স্তৰৰ ওপৰত নজৰ ৰখাটো নিশ্চিত কৰা । আন্তৰ্জাতিক অসামৰিক বিমান পৰিবহন সংস্থাৰ (আইচিএও) মতে, এটা সময়ত যিকোনো অপাৰেটিং এয়াৰক্ৰুৰ বাবে সৰ্বাধিক বিমান উৰণৰ সময় সীমাবদ্ধ থাকে । যাতে তেওঁলোকৰ টোপনিৰ অভাৱৰ ফলত হোৱা চাপ প্ৰতিহত কৰিব পাৰি ।

আন্তৰ্জাতিক অসামৰিক বিমান পৰিবহন সংস্থাই এগৰাকী এয়াৰক্ৰুৰ বাবে নিৰ্দিষ্ট সময়ত উৰা মাৰিবলৈ সৰ্বাধিক বিমানৰ সময় নিৰ্ধাৰণ কৰে । সেইবোৰৰ ভিতৰত আছে প্ৰতি ২৪ ঘণ্টাত ৮ ঘণ্টা, সপ্তাহত ৩০ ঘণ্টা, এমাহত ১২৫ ঘণ্টা, ৯০ দিনত ২৭০ ঘণ্টা আৰু এবছৰত ১০০০ ঘণ্টা ।

লগতে পঢ়ক :Odisha road accident : গঞ্জামৰ ডিগাপাহাণ্ডীত দুখন বাছৰ মাজত মুখামুখি সংঘৰ্ষ; আহত 12 নিহত 8

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.