ETV Bharat / bharat

ভাৰতীয় বায়ু সেনা দিৱসত বায়ু সেনা জোৱানলৈ প্ৰধানমন্ত্ৰী মোডীৰ শুভেচ্ছা

author img

By

Published : Oct 8, 2021, 1:08 PM IST

আজি ৮৯ সংখ্যক ভাৰতীয় বায়ু সেনা দিৱস(Indian Air Force Day) । এই শুভ ক্ষণত বায়ু সেনা জোৱান আৰু তেওঁলোকৰ পৰিয়ালক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)য়ে । দেশৰ সুৰক্ষাৰ স্বাৰ্থত নিঃস্বাৰ্থ সেৱা আগবঢ়োৱা 'এয়াৰ ৱেৰিয়ৰ্ছ'কো সন্মান প্ৰদৰ্শন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ হিন্দন বিমানঘাটিত বায়ু সেনা দিৱস উপলক্ষে ইতিমধ্যে পেৰেড আৰম্ভ হৈছে ।

Air Force Day
ভাৰতীয় বায়ু সেনা দিৱসত বায়ু সেনা জোৱানলৈ প্ৰধানমন্ত্ৰী মোডীৰ শুভেচ্ছা

নেশ্যনেল ডেস্ক, ৮ অক্টোবৰ: শুকুৰবাৰে ভাৰতীয় বায়ু সেনা দিৱস(Indian Air Force Day) উপলক্ষে বায়ু সেনা জোৱানসকলক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)য়ে । লগতে তেওঁলোকৰ পৰিয়ালকো প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভকামনা জনায় । টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় বায়ু সেনাক সাহসী আৰু পেছাদাৰী বুলি প্ৰশংসা কৰে ।

তেওঁ টুইটটোত উল্লেখ কৰে যে, সংকটৰ দেশৰ সুৰক্ষা নিশ্চিত কৰি আৰু মানৱীয়তা প্ৰদৰ্শন কৰি কৰা কামৰ জৰিয়তে বায়ু সেনাৰ জোৱানে নিজকে ব্যক্তিক্ৰমী হিচাপে গঢ়ি তুলিছে । উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ হিন্দন বিমানঘাটিত বায়ু সেনা দিৱস উপলক্ষে পেৰেড প্ৰদৰ্শন কৰা হৈছে । পতাকা লৈ বিখ্যাত আকাশ গংগা দলৰ স্কাইডাইভাৰসকলে বিমানৰ পৰা ওলাই আহি আকাশমাৰ্গত দুঃসাহসিক প্ৰদৰ্শন আগবঢ়াইছে ।

আজি হিন্দন বিমানঘাটিত হেৰিটেজ বিমান, আধুনিক পৰিবহণ বিমান আৰু ফ্ৰণ্টলাইন যুঁজাৰু বিমানৰ ফ্লাইপাষ্টো অনুষ্ঠিত হ'ব । আকৰ্ষণীয় এৰোবেটিক প্ৰদৰ্শনেৰে অনুষ্ঠানটি সমাপ্ত হ'ব । এই অনুষ্ঠানটোত ভাৰতীয় বায়ু সেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধুৰী, নৌ সেনাপ্ৰধান এডমাইৰেল কৰমবীৰ সিং, সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱনে আৰু চি ডি এছ জেনেৰেল বিপিন ৰাৱট উপস্থিত আছে ।

১৯৩২ চনৰ ৮ অক্টোবৰত অবিভক্ত ভাৰতত প্ৰতিষ্ঠা হৈছিল ভাৰতীয় বায়ু সেনা । তেতিয়া ভাৰত ব্ৰিটিছৰ অধীনত আছিল । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বায়ু সেনাই আগবঢ়োৱা অৱদানৰ বাবে ৰজা ষষ্ঠ জৰ্জে "ৰয়েল" নামেৰে সন্মানিত কৰিছিল । পিছত ১৯৫০ চনত এই নামটো বাদ দিয়া হৈছিল ।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু আন কেইবাজনো ৰাজনীতিবিদেও ভাৰতীয় বায়ু সেনালৈ শুভেচ্ছা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক:ক'ভিড প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰিছে দেশৰ ৭১ শতাংশ প্ৰাপ্তবয়স্ক লোকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.