ETV Bharat / bharat

Airfares reduced : চৰকাৰৰ হস্তক্ষেপত বিমান ভাড়া হ্ৰাস

author img

By

Published : Jun 8, 2023, 3:55 PM IST

দিল্লীৰ পৰা শ্ৰীনগৰ, লেহ, পুণে আৰু মুম্বাইলৈ বিমানৰ ভাড়া সৰ্বাধিক হ্ৰাস (Airfares reduced in India)। এয়াৰলাইনছৰ পৰামৰ্শদাতা গোটৰ বৈঠকৰ পাছতে এই সিদ্ধান্ত । কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে ।

Airfares reduced
চৰকাৰৰ হস্তক্ষেপত বিমান ভাড়া হ্ৰাস

নেশ্যনেল ডেস্ক,৮ জুন : দিল্লীৰ পৰা বিভিন্ন প্ৰান্তলৈ বিমানৰ ভাড়া হ্ৰাস (Reduction in airfares from Delhi)। ১৪ৰ পৰা ৬১ শতংশ পৰ্যন্ত হ্ৰাস কৰা হৈছে বিমানৰ ভাড়া । এই মন্তব্য কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ । মন্ত্ৰীগৰাকীয়ে জনোৱা মতে যোৱা ৬ জুনত এয়াৰলাইনছৰ পৰামৰ্শদাতা গোটৰ বৈঠক অনুষ্ঠিত হৈছিল । তাৰ পাছত দিল্লীৰ পৰা কিছুমান পথত বিমানৰ ভাড়া হ্ৰাস কৰা হৈছে (Airfares reduced)।

অসামৰিক বিমান পৰিবহন সঞ্চালকালয় (DGCA) আৰু মন্ত্ৰালয়ৰ নিৰীক্ষণ প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সিন্ধিয়াই দিল্লীৰ পৰা শ্ৰীনগৰ, লেহ, পুণে আৰু মুম্বাইলৈ বিমানৰ সৰ্বাধিক ভাড়া হ্ৰাস কৰাত সন্তুষ্টি প্ৰকাশ কৰে ।তেওঁ উল্লেখ কৰা মতে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় আৰু মন্ত্ৰালয়ে দৈনিক ভাড়া নিৰীক্ষণ কৰি আছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ অধীনত যোৱা ৯ বছৰত বিমান খণ্ডই কৰা কামৰ ওপৰত আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ৰাজধানীত সংবাদ মাধ্যমৰ লোকসকলক সম্বোধন কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে ভাড়াৰ বাবে খণ্ডটোৱে এক নিয়ম অনুসৰণ কৰে । সিন্ধিয়াই বৰ্ণনা কৰে যে বিমান সেৱাসমূহৰ বিমান ভাড়া নিৰ্ধাৰণ কৰাৰ কৰ্তৃত্ব আছে আৰু বজাৰৰ অৱস্থা আৰু ঋতুকে ধৰি বিভিন্ন কাৰক এই ক্ষেত্ৰত বিবেচনা কৰা হয় । বিমান উদ্যোগটোৱে মূল্য নিৰ্ধাৰণৰ সিদ্ধান্তৰ বাবে এক নিয়ম ব্যৱহাৰ কৰে ।

সেই অনুসৰি ভাড়াৰ হাৰ নিৰ্ধাৰণ কৰা হয় । যদি ক্ষমতা কম হয় আৰু চাহিদা অধিক হয় আৰু ইনপুট ব্যয় হ্ৰাস নহয়, তেনেহ'লে হাৰ বেছি হ'ব । তেওঁ লগতে কয় যে ব্যক্তিগত বিমান সংস্থাসমূহৰো নিজা সামাজিক দায়বদ্ধতা আছে আৰু বিভিন্ন খণ্ডত ভাড়া বৃদ্ধিৰ সীমা থাকিব লাগে ।

বিমান মন্ত্ৰালয়ৰ ভূমিকা ব্যাখ্যা কৰি তেওঁ কয় যে মন্ত্ৰালয়ৰ ভূমিকা এজন সহায়কৰ, নিয়ন্ত্ৰকৰ নহয় । উল্লেখ্য সিন্ধিয়াই সোমবাৰে এয়াৰলাইনৰ পৰামৰ্শদাতা গোটৰ দ্বাৰা আহ্বান কৰা উচ্চ-পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে য'ত তেওঁ এয়াৰলাইনসমূহক বিমান ভাড়া স্ব-নিয়ন্ত্ৰণ কৰিবলৈ আৰু যুক্তিসঙ্গত মূল্যৰ স্তৰ বজাই ৰাখিবলৈ আহ্বান জনায় (Airlines advisory group meeting)।

মণিপুৰত কিছুমান অপ্ৰত্যাশিত ঘটনা আৰু ওড়িশাৰ ঘটনাৰ ক্ষেত্ৰত ভাড়াৰ হাৰৰ ওপৰত গুৰুত্ব দিব লাগে বুলিও তেওঁ উল্লেখ কৰে । ইয়াৰ উপৰিও, দিল্লীৰ পৰা শ্ৰীনগৰ, লেহ, মুম্বাই, পুণে, আহমেদাবাদ আৰু বেংগালুৰুৰ দৰে চহৰলৈ ভাড়াৰ হাৰ সৰ্বাধিক থাকে বুলি মন্ত্ৰীগৰাকীয়ে কয় ।

লগতে পঢ়ক :RBI Monetary Policy : আৰবিআই মুদ্ৰা নীতি সন্দৰ্ভত জানিবলগা কেইটামান কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.