ETV Bharat / bharat

কৃষি আইনৰ বিৰোধিতাৰে ত্ৰিপুৰাত পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিব AIKSই - আগৰতলাত গণ সমাৱেশ

তিনিখন কৃষি আইন(Farm Bill)ৰ বিৰুদ্ধে দিল্লীত কৃষকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ এটা বছৰ সম্পূৰ্ণ হ'বলৈ মাজত মাথোঁ কেইদিনমান বাকী । এতিয়াও কেন্দ্ৰীয় চৰকাৰে কৃষকৰ দাবী মানি ল'বলৈ সন্মত হোৱা নাই । সেয়ে, কৃষি আইন বাতিলৰ দাবীত নিখিল ভাৰত কৃষক সভা(All India Kishan Sabha)ই পুনৰ ত্ৰিপুৰাত গ্ৰহণ কৰিব প্ৰতিবাদী কাৰ্যসূচী । সংগঠনটোৰ ত্ৰিপুৰা গোটৰ সম্পাদক পবিত্ৰ কাৰে এই কথা জানিবলৈ দিছে ।

AIKS to hold protest against farm laws in Tripura
কৃষি আইনৰ বিৰোধিতাৰে ত্ৰিপুৰাত প্ৰতিবাদ সাব্যস্ত কৰিব AIKSই
author img

By

Published : Nov 12, 2021, 11:53 AM IST

নেশ্যনেল ডেস্ক, ১২ নৱেম্বৰ: পুনৰ কৃষি আইন(Farm Bill) বাতিলৰ শ্ল'গানেৰে উত্তাল হ'ব ত্ৰিপুৰাৰ আগৰতলা । ২৭ নৱেম্বৰত আগৰতলাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব নিখিল ভাৰত কৃষক সভা(All India Kishan Sabha)ই । বৃহস্পতিবাৰে আগৰতলাত অনুষ্ঠিত সংগঠনটোৰ ৰাজ্যিক সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । সংগঠনটোৰ ত্ৰিপুৰা গোটৰ সম্পাদক পবিত্ৰ কাৰে এই কথা জানিবলৈ দিছে ।

তেওঁ কয় যে, দেশৰ আন প্ৰান্তত ২৬ নৱেম্বৰত আৰু ২৯ নৱেম্বৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । কিন্তু ত্ৰিপুৰাত পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে সংগঠনটোৰ ত্ৰিপুৰা গোটে ২৭ নৱেম্বৰত প্ৰতিবাদ সাব্যস্ত কৰিব ৷ পবিত্ৰ কাৰে লগতে কয় যে, তিনিখন কৃষি আইনৰ বিৰুদ্ধে চলা এই প্ৰতিবাদৰ এবছৰ সম্পূৰ্ণ হ'ব ২৬ নৱেম্বৰত আৰু সেয়ে পুনৰ ত্ৰিপুৰাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব সংগঠনটোৱে । ত্ৰিপুৰাৰ কৃষকসকলে এতিয়া বহু সমস্যাৰ সন্মুখীন হৈছে ।

কৃষকসকলে ধান চপাইছে যদিও ৰাজ্য চৰকাৰে এতিয়া কৃষকৰ পৰা ধান সংগ্ৰহ কৰা নাই বুলি তেওঁ অভিযোগ তুলিছে । চৰকাৰে কৃষকৰ পৰা ধান ক্ৰয় নকৰাত দৰিদ্ৰ কৃষকসকল বিপদত পৰিছে ।

তেওঁ লগতে অভিযোগ তোলে যে, চৰকাৰী গুদামত খেতিৰ বাবে প্ৰয়োজনীয় সাৰ উপলব্ধ নহয় । ডিচেম্বৰ মাহৰ শেষৰ ফালে, আগৰতলাত এক গণ সমাৱেশ আয়োজন কৰিব বুলি তেওঁ হুংকাৰ দিয়ে । ২৫ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন সন্দৰ্ভত পবিত্ৰ কাৰে কয় যে, ৰাজ্যখনত এতিয়া গণতন্ত্ৰৰ অস্তিত্ব প্ৰায় নোহোৱা হৈছে ।

তেওঁ লগতে গুৰুতৰ অভিযোগ তুলিছে যে, বিজেপি সমৰ্থিত গুণ্ডা বাহিনীয়ে বিৰোধী প্ৰাৰ্থীসকলক মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰালে । ৰাজ্যখনত প্ৰতিদিনে বিৰোধী দলবোৰ আক্ৰমণৰ সন্মুখীন হৈছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে । তেওঁ সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় আৰু বিজেপিক ভোট নিদিবলৈ অনুৰোধ জনায় ।

লগতে পঢ়ক:সীমান্তত অবৈধ নিচাযুক্ত সামগ্ৰী বনাম BSF

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.