ETV Bharat / bharat

AIIMS doctors revive 2 year old baby in mid-air : মাজ আকাশত এটি শিশুৰ প্ৰাণ ৰক্ষা কৰিলে এইমছৰ ৫ চিকিৎসকে

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 7:29 PM IST

বেংগালুৰুৰ পৰা দিল্লীলৈ যোৱা ভিস্তাৰা বিমানত হঠাৎ অসুস্থ হৈ পৰিছিল এটি ২ বছৰীয়া শিশু । বিমানখনত থকা ৫ জনীয়া চিকিৎসকৰ দলে শিশুটোৰ প্ৰাণ ৰক্ষা কৰে ।

AIIMS doctors revive 2 year old baby in mid-air
মাজ আকাশত এটি শিশুৰ প্ৰাণ ৰক্ষা কৰিলে এইমছৰ ৫ চিকিৎসকে

নেশ্যনেল ডেস্ক,২৮ আগষ্ট : চিকিৎসকসকলক সচৰাচৰ ভগৱানৰ দ্বিতীয় ৰূপ বুলি গণ্য কৰা হয় । সেই কথা পুনৰ এবাৰ প্ৰমাণ কৰিলে দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছৰ ৫ জনীয়া চিকিৎসকৰ দলে । চিকিৎসকৰ দলটোৰ বাবেই মাজ আকাশত মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতিল এটি দুবছৰীয়া শিশু । এক্সত (পূৰ্বৰ টুইটাৰ) চিকিৎসকৰ দলটোৱে এই সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰিছে ।

  • #Always available #AIIMSParivar
    While returning from ISVIR- on board Bangalore to Delhi flight today evening, in Vistara Airline flight UK-814- A distress call was announced

    It was a 2 year old cyanotic female child who was operated outside for intracardiac repair , was… pic.twitter.com/crDwb1MsFM

    — AIIMS, New Delhi (@aiims_newdelhi) August 27, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

জানিব পৰা মতে দেওবাৰে বেংগালুৰুৰ পৰা দিল্লীলৈ যোৱা ভিস্তাৰা বিমান ইউকে-৮১৪ত এগৰাকী দুবছৰীয়া শিশু অসুস্থ হৈ পৰে । শিশুটো চাইনোটিক ৰোগত ভুগি আছিল । তেওঁক ইণ্ট্ৰাকাৰ্ডিয়াকৰ বাবে অস্ত্ৰোপচাৰো কৰা হৈছিল । শিশুটোৰ স্বাস্থ্য ইমানেই বেয়া হৈ পৰিছিল যে অচেতন হৈ পৰিছিল । শিশুটোক এনেদৰে দেখি বিমানখনত উপস্থিত লোকসকল ভয় খাইছিল । সেই সময়ত বিমানখনত এইমছৰ ৫ গৰাকী চিকিৎসকো আছিল । লগে লগে চিকিৎসকৰ দলটোৱে শিশুটিক পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে ।

এইমছৰ পোষ্ট অনুসৰি শিশুটোৰ নাড়ীৰ স্পন্দন নাছিল, হাত-ভৰি ঠাণ্ডা হৈ গৈছিল আৰু ওঁঠ আৰু আঙুলি শেতা পৰি গৈছিল । সীমিত সঁজুলিৰ জৰিয়তে মাজ আকাশত চিকিৎসককেইগৰাকীয়ে তাৎক্ষণিক চিপিআৰ (কাৰ্ডিওপালমোনাৰী ৰিচাচিটেচন) আৰম্ভ কৰিছিল । দক্ষ চিকিৎসকৰ দলটোৱে শিশুটোৰ উশাহ নিশাহ ঘূৰাই আনিবলৈ যথেষ্ট চেষ্টা চলাইছিল । অৱশেষত শিশুটোৰ উশাহ ঘূৰি আহে । নাগপুৰ পোৱাৰ পাছত শিশুটোক সুস্থিৰ অৱস্থাত শিশু ৰোগ বিশেষজ্ঞৰ ওচৰলৈ স্থানান্তৰ কৰা হয় ।

বিমানখনত থকা এইমছৰ ৫ গৰাকী চিকিৎসকক চিনাক্ত কৰা হৈছে । তেওঁলোক আছিল ডাঃ নৱদীপ কৌৰ- এছআৰ এনাস্থেচিয়া, ডাঃ দমনদীপ সিং- এছআৰ কাৰ্ডিয়াক ৰেডিঅ'লজী, ডাঃ ঋষভ জৈন- প্ৰাক্তন এছআৰ এইমছ ৰেডিঅ'লজী, ডাঃ ওইচিকা- এছআৰ ওবিজি, আৰু ড০ আভিচালা টেক্সক- এছ আৰ কাৰ্ডিয়াক ৰেডিঅ'লজী ।

এই ঘটনাটো পোহৰলৈ অহাৰ পাছতে চিকিৎসকৰ দলটোক সকলোৱে প্ৰশংসা কৰিছে । শিশুটোৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত চিকিৎসকৰ এনে পদক্ষেপৰ বাৰ্তা বহুতে সামাজিক মাধ্যমত শ্বেয়াৰো কৰিছে ।

লগতে পঢ়ক :NEET aspirants suicides : কোটাত পুনৰ NEET প্ৰাৰ্থীৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.