নেশ্যনেল ডেস্ক, ২৯ মাৰ্চ: পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে নন্দীগ্ৰামত এক 'পদযাত্ৰা'ত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । চলিত মাহৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীগৰাকী আক্ৰমণৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছিল । ভৰিত আঘাত পোৱাৰ বাবে চিকিৎসালয়তো ভৰ্তি কৰোৱা হৈছিল মুখ্যমন্ত্ৰী গৰাকীক । এই ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে 'পদযাত্ৰা'ত অংশ লৈছে মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নন্দীগ্ৰাম সমষ্টিৰ প্ৰাৰ্থী গৰাকীয়ে ।
সমষ্টিটোত তেওঁৰ দলৰে একালৰ নেতা সুভেন্দু অধিকাৰীৰ বিৰুদ্ধে যুঁজ দিব মমতা বেনাৰ্জীয়ে । বিগত বৰ্ষৰ ডিচেম্বৰ মাহত তৃণমূল কংগ্ৰেছ এৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল সুভেন্দু অধিকাৰীয়ে । অহা ১ এপ্ৰিলত নন্দীগ্ৰামত হাই প্ৰফাইল প্ৰাৰ্থীৰ নিৰ্বাচনী যুঁজ প্ৰত্যক্ষ কৰিব সমষ্টি বাসীয়ে । নন্দীগ্ৰাম ব্লক-২ৰ খুদিৰাম কেঁকুৰিৰ পৰা ঠাকুৰ চকলৈ উলিওৱা এই 'পদযাত্ৰা'ত হাজাৰ হাজাৰ লোকে অংশ লয় । ইয়াৰ পিছত জনসভা বয়েল-২ত এখন জনসভাতো অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।
আবেলি ২ বজাত আন এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পিছত ৩.৩০ বজাত আমদাবাদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত জনসভাত মমতা বেনাৰ্জীয়ে অংশ ল'ব । উল্লেখ্য যে, সুভেন্দু অধিকাৰীয়ে পূৰ্বে দাবী কৰিছিল যে, নন্দীগ্ৰামত বিজেপিয়ে মমতা বেনাৰ্জীক ৫০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত পৰাজিত কৰিব । আনহাতে, মঙলবাৰে অধিকাৰীৰ হৈ নন্দীগ্ৰামত আয়োজন কৰিবলগীয়া এক বিশাল 'পদযাত্ৰা'ত জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিব ।
বলীউড তাৰকা মিথুন চক্ৰৱৰ্তীয়েও ভোটগ্ৰহণৰ পূৰ্বে নন্দীগ্ৰামত বিজেপিৰ 'পদযাত্ৰা'ত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । চলিত মাহৰ আৰম্ভণিতে, নন্দীগ্ৰামত দুদিনীয়া ভ্ৰমণৰ সময়ত মমতাই অভিযোগ উত্থাপন কৰিছিল যে, নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁক কেইজনমান অচিনাক্ত লোকে ঠেলি দিছিল । বেনাৰ্জীয়ে বাওঁ ভৰিত আঘাত পোৱাৰ লগতে কান্ধ, বাহু আৰু ডিঙিত আঘাত পাইছিল । এই সন্দৰ্ভত নিৰ্বাচন আয়োগে কৈছিল যে, নন্দীগ্ৰামত মুখ্যমন্ত্ৰী আঘাতপ্ৰাপ্ত হোৱাৰ কাৰণ ‘আক্ৰমণ’ নহয় ।
লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সুৰক্ষাৰ দায়িত্বত থকা নিৰাপত্তাৰ কাৰ্যকৰী সঞ্চালক আইপিএছ বিষয়া বিবেক সাহাইক তাৎক্ষণিক প্ৰভাৱেৰে নিলম্বিত কৰে । ইফালে, পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত শনিবাৰে প্ৰায় ৭৯.৭৯ শতাংশ ভোটদানৰ সম্পন্ন হৈছিল । প্ৰথম পৰ্যায়ত, পুৰুলিয়া আৰু ঝাড়গ্ৰাম জিলাৰ সকলো বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ ভাগ্য পৰীক্ষা হৈছিল ।
লগতে পঢ়ক:কৰ্ণাটকত বাঘৰ পোৱালীৰ মৃত্যু