ETV Bharat / bharat

Monsoon session of Parliament : ১৯ জুলাইত সৰ্বদলীয় বৈঠকৰ আহ্বান কেন্দ্ৰৰ - All party meeting on July 19

অহা ২০ জুলাইৰ পৰা ১১ আগষ্টলৈ সংসদৰ বৰ্ষাকালীন অধিৱেশ । ১৯ জুলাইত সৰ্বদলীয় বৈঠকৰ আহ্বান কেন্দ্ৰৰ । কেন্দ্ৰৰ বিৰুদ্ধে মাত মাতিবলৈ সাজু বিৰোধী ।

Monsoon session of Parliament
১৯ জুলাইত সৰ্বদলীয় বৈঠকৰ আহ্বান কেন্দ্ৰৰ
author img

By

Published : Jul 6, 2023, 4:20 PM IST

নেশ্যনেল ডেস্ক,৬ জুলাই : অহা ২০ জুলাইৰ আৰম্ভ হ'ব সংসদৰ বৰ্ষাকালীন অধিৱেশন । তাৰ এদিন পূৰ্বে অৰ্থাৎ ১৯ জুলাইত এক সৰ্বদলীয় বৈঠকৰ আহ্বান জনোৱা হৈছে । ইফালে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়েও টুইটযোগে সকলো দলক আইনী ব্যৱসায় আৰু অন্যান্য বিষয়ৰ ওপৰত উৎপাদনশীল আলোচনাত অৰিহণা যোগাবলৈ আহ্বান জনাইছে ।

উল্লেখ্য যে ২০ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশন ১১ আগষ্টলৈ চলিব । কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে টুইটত উল্লেখ কৰা মতে ২৩ দিন ধৰি চলিবলগীয়া এই অধিৱেশনত মুঠ ১৭ খন বৈঠক হ'ব । যাৰ বাবে তেওঁ সকলো পক্ষকে অধিৱেশনৰ সময়ত সহযোগিতাৰ বাবে আহ্বান জনায় । কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মিনাক্ষী লেখিয়েও সোমবাৰে কয় যে পুৰণি ভৱনটোত সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হ'ব ।

ইফালে কেন্দ্ৰীয় চৰকাৰে এই অধিৱেশনক লৈ ব্যাপক তৎপৰতা দেখুৱাইছে । আনহাতে বিৰোধী দলবোৰেও বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে । অহা বছৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ প্ৰতি লক্ষ্য ৰাখি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিৰ বাবে এই অধিৱেশনত অতি গুৰুত্বপূৰ্ণ হ'ব । বিভিন্ন বিধেয়কৰ জৰিয়তে চৰকাৰে ৰাইজৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাব ।

ইয়াৰ মাজতে কেন্দ্ৰই বুধবাৰে ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়কৰ এখন খচৰা অনুমোদন জনায় । যাৰ ফলত ভাৰতৰ প্ৰথম গোপনীয়তা আইনৰ পথ কাৰ্যকৰীভাৱে প্ৰশস্ত হয় । প্ৰস্তাৱিত আইনখন সংসদৰ আগন্তুক বৰ্ষাকালীন অধিৱেশনৰ সময়ত উত্থাপন কৰাৰ সম্ভাৱনা আছে । প্ৰস্তাৱিত আইনখনে ব্যক্তিগত তথ্য সংগ্ৰহ কৰাৰ পূৰ্বে সন্মতি বিচৰাৰ লগতে ভুলবশতঃ প্ৰকাশ, শ্বেয়াৰ, পৰিৱৰ্তন বা ব্যক্তিগত তথ্য ধ্বংস কৰাকে ধৰি ডাটা উলংঘন প্ৰতিহত কৰাত ব্যৰ্থ হোৱা ব্যক্তি আৰু কোম্পানীবোৰৰ ওপৰত ৫০০ কোটি টকাৰ কঠোৰ জৰিমনা প্ৰদান কৰিব ।

আনহাতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধ শক্তি স্থাপন কৰাৰ বাবে বিৰোধী দলসমূহে বিশেষ প্ৰস্তুতি চলাইছে । দিল্লীত কেন্দ্ৰৰ অধ্যাদেশ, মণিপুৰৰ পৰিস্থিতি আদি বিভিন্ন বিষয়ত বিৰোধীয়ে সদন উত্তাল কৰাৰো সম্ভাৱনা আছে ।

লগতে পঢ়ক :BJP leader Subramanian Swamy slams Modi : প্ৰধানমন্ত্ৰী মোডীক লৈ কিয় অসন্তুষ্ট সুব্ৰমনিয়াম স্বামী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.