ETV Bharat / bharat

মেঘালয় উপ-নিৰ্বাচন : কংগ্ৰেছ নেতৃত্বক সাক্ষাৎ ৰাহুল গান্ধীৰ - ৰাহুল গান্ধী

ইতিমধ্যে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে 15 ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 30 টা সমষ্টিৰ বাবে উপ-নিৰ্বাচনৰ দিন ৷ ইয়াৰ মাজতে দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মেঘালয়ৰ কংগ্ৰেছ নেতৃবৃন্দক সাক্ষৎ কৰে ৷

Ahead of Meghalaya by-polls, Rahul Gandhi meets Mukul Sangma, other leaders
মেঘালয় উপ-নিৰ্বাচন : কংগ্ৰেছ নেতৃত্বক সাক্ষাৎ ৰাহুল গান্ধীৰ
author img

By

Published : Oct 4, 2021, 8:43 AM IST

নেশ্যনেল ডেস্ক, 4 অক্টোবৰ : মেঘালয় উপ-নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেওবাৰে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা আৰু লোকসভাৰ সাংসদ ভিনচেন্ট এইচ পালাক সাক্ষাৎ কৰে ৷ এই বৈঠকত ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটীৰ মেঘালয়ৰ দায়িত্বত থকা মনীষ ছত্ৰথ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সংগঠনটোৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালো উপস্থিত আছিল ৷

ৰাহুল গান্ধীৰ এই ভ্ৰমণ সন্দৰ্ভত টুইট কৰি কংগ্ৰেছে লিখে, "শ্ৰী ৰাহুল গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মেঘালয়ৰ সভাপতি শ্ৰী ভিনচেন্ট পালা, CPL নেতা শ্ৰী মুকুল চাংমা, ইনচাৰ্জ শ্ৰী মনীষ ছত্ৰথৰ লগতে সংগঠনটোৰ সাধাৰণ সম্পাদক শ্ৰী কে চি বেনুগোপালক সাক্ষাৎ কৰে ৷"

উল্লেখ্য যে, যোৱা 28 ছেপ্তেম্বৰত নিৰ্বাচন আয়োগে 15 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 30 টা সমষ্টিৰ বাবে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল ৷ ইয়াৰ ভিতৰত মেঘালয়ৰ তিনি সমষ্টি ক্ৰমে মাওৰিংনেং (ST), মাওফ্লাং (ST), আৰু ৰাজাবালা সমষ্টিও আছে ৷

লগতে পঢ়ক : উত্তৰ প্ৰদেশৰ খেৰীত সংঘৰ্ষ : মন্ত্ৰী পুত্ৰৰ বাহনৰ তলত আহি 8 কৃষকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.